ETV Bharat / bharat

নক্সালবাদী নেতা আক্কি ৰাজু হৰগোপালৰ মৃত্যু

author img

By

Published : Oct 15, 2021, 7:56 PM IST

শীৰ্ষ নক্সালবাদী নেতা আক্কি ৰাজু হৰগোপালৰ অজ্ঞাত ৰোগত মৃত্যু ৷ ছট্টিশগড়ৰ দক্ষিণ বস্তাৰৰ দণ্ডকাৰণ্যত মৃত্যু নক্সালবাদী নেতাজনৰ ৷ দীৰ্ঘদিন ধৰি নক্সালবাদী নেতাজন এক গুৰুতৰ ৰোগৰ সৈতে যুঁজি আছিল ৷

naxalites top leader akki raju hargopal dies
নক্সালবাদী নেতা আক্কি ৰাজু হৰগোপালৰ মৃত্যু

নেশ্যনেল ডেস্ক , 15 অক্টোবৰ : শীৰ্ষ নক্সালবাদী নেতা আক্কি ৰাজু হৰগোপাল(Akki Raju Hargopal) ওৰফে ৰামকৃষ্ণ ওৰফে আৰজেৰ মৃত্যু ৷ দক্ষিণ বস্তাৰৰ অৰণ্যত এক অজ্ঞাত ৰোগত আক্কি ৰাজু হৰগোপালৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, নক্সালবাদী নেতাজন দীৰ্ঘদিন ধৰি এক গুৰুতৰ ৰোগৰ সৈতে যুঁজি আছিল ৷ অৱশেষত ছট্টিশগড়ৰ দক্ষিণ বস্তাৰৰ দণ্ডকাৰণ্যত তেওঁৰ মৃত্যু হয় ৷ বস্তাৰৰ আইজি সুন্দৰৰাজ পি (Bastar IG Sundarraj P) য়ে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে মৃত্যুৰ খবৰ পাইছে যদিও এই সন্দৰ্ভত এতিয়াও নিশ্চিত হোৱা নাই ৷

আৰক্ষীয়ে কয় যে, আৰক্ষীৰ ওচৰত নক্সালবাদীৰ মৃত্যুৰ কোনো আলোকচিত্ৰ বা ভিডিঅ' আৰু কোনো প্ৰমাণ নাই ৷ যাৰ ফলস্বৰূপে আক্কি ৰাজু হৰগোপাল ওৰফে ৰামকৃষ্ণ ওৰফে আৰজেৰ মৃত্যু নিশ্চিত কৰিব নোৱাৰি ৷ মাওবাদী সংগঠনে অৱশ্যে নেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে ৷

নক্সালবাদী আক্কি ৰাজু কেইবাটাও ডাঙৰ নক্সাল ঘটনাত জড়িত হৈ আছে ৷ ২০০৪ চনৰ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজশেখৰ ৰেড্ডী (Former Chief Minister Rajasekhara Reddy)ৰ সময়ত, শান্তি আলোচনাৰ বাবে যোৱা নক্সালবাদী নেতাসকলক আক্কি ৰাজু হৰগোপালে নেতৃত্ব দিছিল ।

লগতে পঢ়ক : সিংঘু সীমান্তত নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.