ETV Bharat / lifestyle

বিশ্ব খাদ্য দিৱস : 8 বিধ স্বাস্থ্যকৰ মাজ নিশাৰ খাদ্য

author img

By

Published : Oct 16, 2021, 12:43 PM IST

আপোনাৰ বাৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আকৌ ভোক অনুভৱ হয় নেকি ? কিন্তু আপুনি ওজন বৃদ্ধি পৰিহাৰ কৰিবলৈ এই প্ৰলোভন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে ? চিন্তা নকৰিব ! এনে কিছুমান খাদ্য আছে, যি আপুনি মাজনিশাৰ জলপান হিচাপে গ্ৰহণ কৰিব পাৰে আৰু ওজন বৃদ্ধিক লৈ নিশ্চিন্ত থাকিব পাৰে । আহক জানি লওঁ এইসমূহ খাদ্যৰ বিষয়ে...

8-healthy-late-night-snacks-to-binge-on
বিশ্ব খাদ্য দিৱস : 8 টা স্বাস্থ্যকৰ মাজ নিশাৰ জলপান

নিউজ ডেস্ক, 16 অক্টোবৰ : বহু লোকে বিভিন্ন সময়ত বিভিন্ন কাৰণত নিশা আহাৰৰ পিছতো ভোক অনুভৱ কৰে ৷ ইয়াৰ কাৰণ হ’ব পাৰে কামৰ সময়, অৱসাদ, চিন্তা আৰু যদিহে আপুনি কম পৰিমাণে বা সোনকালে নৈশ আহাৰ গ্ৰহণ কৰে ৷ আপুনি নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত পুনৰ খোৱা উচিত নে অনুচিত আৰু যদি উচিত তেন্তে কেনেধৰণৰ খাদ্য খাব লাগে ইয়াকে লৈ যথেষ্ট বিতৰ্ক হৈ আহিছে ৷ নিশা আহাৰৰ পিছত কেনেধৰণৰ খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী নহয় বাবে আপুনি শকত নহয় এই সন্দৰ্ভত Dietitian আৰু Nutritionist চাকিন মুষ্টানচিৰে কি কয় জানো আহক

বেৰি (Berries)

8-healthy-late-night-snacks-to-binge-on
বেৰি

বেৰিত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, যিয়ে আপোনাক ভোক অনুভৱ হ’বলৈ নিদিয়ে ৷ ইয়াৰ উপৰিও ইয়াত থকা মেগনেছিয়াম আৰু মিনাৰেলছে স্নায়ুক আৰাম প্ৰদান কৰাৰ লগতে মাংসপেশীৰ সঞ্চালনত সহায় কৰে ৷

পিনাট বাটাৰ চেণ্ডউইছ (Peanut butter Sandwich)

8-healthy-late-night-snacks-to-binge-on
পিনাট বাটাৰ চেণ্ডউইছ

পিনাট বাটাৰত থকা ট্ৰিপ্ট’ফেনে মগজুত মেলাটোনিনলৈ ৰূপান্তৰিত কৰে যিয়ে টোপনি অহাত সহায় কৰে ৷ ট্ৰিপ্টোফেন মগজুৰ বাবে অধিক উপলব্ধ কৰাৰ বাবে ব্ৰেডৰ দৰে কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন । সেয়েহে পিনাট বাটাৰ ব্ৰেড হৈছে টোপনিৰ আগৰ জলপানৰ বাবে সঠিক খাদ্য আৰু লগতে পুষ্টিকৰ ৷

হোল গ্ৰেইন ক্ৰেকাৰ (Whole-grain crackers)

8-healthy-late-night-snacks-to-binge-on
হোল গ্ৰেইন ক্ৰেকাৰ

নিশা যেতিয়া কিবা সুস্বাদু আৰু চটপটা খাবলৈ মন যায় তেতিয়া এয়া কামত আহিব পাৰে ৷ overeating নহ’বলৈ ধ্যান ৰাখিব ক্ৰেকাৰসমূহ যাতে নিমখীয়া নহয় ৷

গাজৰ আৰু হামুচ (hummus)

8-healthy-late-night-snacks-to-binge-on
গাজৰ আৰু হামুচ

যদি আপুনি কিবা চটপটা আৰু কম কেলৰিযুক্ত খাদ্য খাবলৈ বিচাৰে, তেন্তে হামুচৰ (hummus) সৈতে সতেজ গাজৰ উত্তম খাদ্য ৷

পপকৰ্ণ

8-healthy-late-night-snacks-to-binge-on
পপকৰ্ণ

পপকৰ্ণ এই খাদ্যৰ তালিকাত ৰাখিব পাৰে ৷ ই হাই ফাইবাৰযুক্ত জলপান, যি আপোনাক বহু দীঘলীয়া সময়ৰ বাবে ভোক অনুভৱ হ’বলৈ নিদিয়ে ৷ পপকৰ্ণৰ সৈতে বাটাৰ আৰু নিমখৰ সলনি অলিভ অইল আৰু green herbs ব্যৱহাৰ কৰক ৷

বাদাম (Nuts)

8-healthy-late-night-snacks-to-binge-on
বাদাম

walnuts, almond আদিত প্ৰাকৃতিক মেলাটনিন, প্ৰ’টিন আৰু মেগনেছিয়াম থাকে ৷ সামান্য মুঠি বাদামে ভোক পূৰণ কৰিব আৰু টোপনি আনিব ।

ভজা বুট (Roasted Grams)

8-healthy-late-night-snacks-to-binge-on
ভজা বুট

ৰোষ্টেড গ্ৰামছ (Roasted Grams) হৈছে এক চটপটা, পুষ্টি-ঘন, কম কেলৰিযুক্ত জলপান, য'ত প্ৰ'টিন, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ অধিক থাকে ৷ যি ইয়াক আলু চিপছৰ দৰে নিমখীয়া লঘু আহাৰৰ এক স্বাস্থ্যকৰ বিকল্প কৰি তোলে ।

কম চৰ্বিযুক্ত হালধি দিয়া গাখীৰ (Low-Fat turmeric Milk)

8-healthy-late-night-snacks-to-binge-on
হালধি দিয়া গাখীৰ

গাখীৰত কেলছিয়াম, ফছফৰাছ, ভিটামিন বি, পটাছিয়াম, ভিটামিন ডি আৰু দৰে নিউট্ৰিয়েণ্ট থাকে ৷ গাখীৰত হালধি মিহলি কৰিলে ই আপোনাৰ শৰীৰক আৰাম প্ৰদান কৰে ৷ তদুপৰি মগজুক শান্ত কৰি ৰাখে আৰু আপোনাক এটি সুখ নিদ্ৰা প্ৰদান কৰে ৷

লগতে পঢ়ক : আপুনি গ্ৰহণ কৰা আটা বা পিঠাগুড়িৰ বিষয়ে জানিবলগীয়া কিছু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.