ETV Bharat / sitara

Big Boss 15 : শমিতা চেট্টীক কৰা অপমানৰ বাবে অগ্নিশৰ্মা চলমান

author img

By

Published : Oct 16, 2021, 1:58 PM IST

Weekend Ka Vaar খণ্ডত শ্ব’ টোৰ হোষ্ট চলমান খানে আফছানাক তেওঁৰ abusive ব্যৱহাৰৰ বাবে গালি পৰা দেখিবলৈ পোৱা যাব ৷ শ্ব’ টোৰ শেহতীয়া এটা প্ৰম’ত, চলমানে এই কথাও কোৱা দেখা যায় যে যদিহে তেওঁৰ কৰ্তৃত্ব থাকিলহেতেন তেন্তে তেওঁ আফছানাক শ্ব’ ৰ পৰা এলিমিনেট কৰি দিলেহেতেন ৷

Bigg Boss 15: Salman Khan schools Afsana Khan for calling Shamita Shetty 'dirty woman'
বিগ বচ 15 : সমিতা চেট্টীক অপমান কৰাৰ বাবে আফচানা খানৰ ওপৰত অগ্নিশৰ্মা চলমান

চিটাৰা ডেস্ক, 16 অক্টোবৰ : প্ৰতিযোগীসকলৰ নতুন ৰণনীতি আৰু প্ৰতিদ্বন্দ্বীসকল আগুৱাই যোৱাক কেন্দ্ৰ কৰিয়েই বিগ বচ 15 ৰ ঘৰতো লাহে লাহে এখন যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে ৷ শেহতীয়া এটা খণ্ডত আফছানা খান আৰু শমিতা চেট্টীয়ে বাকযুদ্ধত লিপ্ত হোৱা দেখা যায়, য’ত এজনীয়ে আনজনীক উদ্দেশ্যি বিভিন্ন কটু বাক্যবাণ নিক্ষেপ কৰে ৷

আফচানাই শমিতাক "dirty woman" বুলি কোৱাৰ পিছতেই জাঙুৰ খাই উঠে শমিতা চেট্টী ৷ ঘৰৰ আটাইবোৰ প্ৰতিযোগীয়ে দুয়োকে বুজাবলৈ আৰম্ভ কৰে ৷ বিশালে শমিতাক সমৰ্থন কৰাৰ লগতে কৰণে আফছানাক "Enough Afsana" বুলি খঙতে কোৱা দেখিবলৈ পোৱা যায় ৷

আনহাতে, Weekend Ka Vaar খণ্ডত শ্ব’ টোৰ হোষ্ট চলমান খানে আফছানাক তেওঁৰ abusive ব্যৱহাৰৰ বাবে গালি পৰা দেখিবলৈ পোৱা যাব ৷ শ্ব’ টোৰ শেহতীয়া এটা প্ৰম’ত, চলমানে এই কথাও কোৱা দেখা যায় যে যদিহে তেওঁৰ কৰ্তৃত্ব থাকিলহেতেন তেন্তে তেওঁ আফছানাক শ্ব’ ৰ পৰা এলিমিনেট কৰি দিলেহেতেন ৷

এসময়ৰ ভাল বন্ধু জয় ভানুশালী আৰু কৰণ কুন্দ্ৰায়েও তৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা যায় ৷ বন্ধুসকলৰ মাজত দেখা দিয়া এই বিভাজনে খেলখনক আৰু অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা কৰিছে দৰ্শকে ৷ গতিকে অনাগত দিনত কেনেদৰে 'junglewaasis' মুখ্য ঘৰত প্ৰৱেশ কৰে আৰু আৰামত দিন পাৰ কৰে সেয়া চাবলৈ আমোদজনক হ’ব ৷

লগতে পঢ়ক : শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু শ্বেৰলিন চোপ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.