ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 13, 2022, 9:03 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 9am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নোহোৱাৰ বাবেই আত্মহত্যাৰ দৰে ঘটনা ঘটে : আলোকিতা বৰুৱা

মানসিক ৰোগৰ বাবে মানুহৰ মাজত সজাগতাৰ অভাৱ । মানসিক ৰোগক ৰোগ বুলি নাভাবে । মানসিক ৰোগত ভুগিলেও মানুহে পগলা হ’ল বুলি হাঁহিব বুলি ভাবি চিকিৎসকৰ ওচৰলৈ নাহে । মানসিক ৰোগত আক্ৰান্ত হোৱাৰ আগতে মানুহৰ শৰীৰত বিভিন্ন লক্ষ্যণ দেখা দিয়ে । দুখী অনুভৱ কৰা, অকলশৰীয়াকৈ থাকি ভাল পোৱা, খাবলৈ মন নকৰা আদি । এনেকুৱা লক্ষণ দেখিলে ঘৰৰ মানুহে গুৰুত্ব দিব লাগে ।

Japanese Encephalitis update: জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা 13 জনলৈ বৃদ্ধি

ৰাজ্যত এতিয়া ক’ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বৰ্তমানলৈ ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 13 গৰাকী লোকৰ মৃত্যু হৈছে (Death toll rises to 13 )৷

ছাগলী চোৰক পিতলৰ ঘটিৰে কোবাই কোবাই কৰায়ত্ত কৰিলে গৃহস্থই

চুৰি কৰাটো উত্তম বিদ্যা-ধৰা পৰিলে শিলৰ খুন্দা"" বোলা তাহানিৰে পৰা অসমীয়া সমাজত প্ৰচলিত আপ্তবাক্যফাঁকি আকৌ এবাৰ প্ৰতীয়মান হ'ল ৷ ছাগলী চুৰি কৰিবলৈ গৈ পিতলৰ ঘটিৰে উত্তম মাধ্যম খালে দুই চোৰে (Thief arrested in Lakhimpur)৷ মঙলবাৰে লখিমপুৰৰ পথালিপাহাৰত টেম্পো লৈ দুই ছাগলী চোৰৰ সন্ত্ৰাস ৷ AS 07 AC 3695 নং টেম্পোখনত অহা হাৰমতীৰ বাবু আৰু প্ৰতাপ নামৰ দুটা চোৰে টেম্পো ৰখাই ৰাষ্টাত থকা এজনী গাভিনী ছাগলী ধৰি উঠাবলৈ চেষ্টা কৰে ৷

Shyamali Chauhad scheme: আঁচনিৰ সফল ৰূপায়ণৰ নিৰ্দেশ মহানগৰ জিলা প্ৰশাসনৰ

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন সভা অনুষ্ঠিত হয়(ADC Gauri Shankar Das)। সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাতিষ্ঠানিক গছপুলি ৰোপণ আঁচনিৰ অন্তৰ্গত ‘শ্যামলী চৌহদ’ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়া হয় ('Shyamali Campus' Programme)৷

forest protection and conservations in BTR: বনাঞ্চলত অবৈধভাৱে বসবাস কৰাসকলক অন্য স্থানলৈ স্থানান্তৰ !

বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ অধ্যক্ষতাত বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হয় এক বৈঠকৰ ৷ এই বৈঠকত বিটিআৰৰ বনাঞ্চলত বসৱাস কৰা লোকসকলক অন্য স্থানলৈ সংস্থাপনৰ জৰিয়তে বনাঞ্চল ৰক্ষা কৰা আৰু পৰ্যটনৰ দিশটোক লৈ আলোচনা কৰা হয় (Review meeting on forest protection and conservations in BTR) ৷

ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বৈদুল্লা খানৰ পত্নীৰ

বৈদুল্লা খানৰ গৃহত উচ্ছেদ চলোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বৈদুল্লাৰ পত্নীৰ ৷ বিনীত বাগাৰিয়াৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় শৰ্মাৰ পৰিয়ালৰ ওপৰত কিয় বিহিত ব্যৱস্থা লোৱা হোৱা নাই, অকল বৈদুল্লা খানৰ পৰিয়ালক কিয় লক্ষ্য কৰি লোৱা হৈছে বুলি প্ৰশ্ন কৰে বৈদুল্লা খানৰ পত্নীয়ে (Baidulla Khan residence vandalized)।

ENNG Cadre Surrender : শিবিৰত কষ্টকৰ জীৱনৰ বাবেই উগ্ৰপন্থীৰ আত্মসমৰ্পণ

"ইমান কষ্টকৰ জীৱন অতিবাহিত কৰিব মই নোৱাৰো ৷" অৰুণাচলৰ টিৰাপত উগ্ৰপন্থীৰ আত্মসমৰ্পণ (ENNG Cadre Surrender)৷

Road accident in Jonai: নিহতৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত জোনাইৰ দিশৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা AR 09 B 6472 নম্বৰৰ মহিন্দ্ৰা জাইল' বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগা দলঙৰ ৰেলিঙৰ সোঁ মাজত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে(Road accident in Jonai) । ঘটনাত নিহতৰ সংখ্যা পাঁচজন জনলৈ বৃদ্ধি ৷ দুজন চিকিৎসাধীন ৷

Road accident in Nalbari: নতুন বাইক কিনি ঘৰলৈ আহোতেই দুৰ্ঘটনাত পতিত মাতৃ-পুত্ৰ

নলবাৰীৰ সাহপুৰ সনামতিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Nalbari) । নলবাৰীৰ এখন বাইকৰ ডিলাৰৰ পৰা নতুন বাইক ক্ৰয় কৰি ঘৰলৈ গৈ থকাৰ অৱস্থাতে এই দুৰ্ঘটনাত পতিত হয় মাতৃ-পুত্ৰ ৷ দুৰ্ঘটনাত বাইকখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দ' খাৱৈত পৰি থিতাতে নিহত হয় এগৰাকী মহিলা(Women died in road accident) ।

CM visits Chirang: চিৰাঙত বন্যাৰ্তৰ কাষত ৰৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে

ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাঙত ক্ষতি কৰে । ভূটানৰ পৰা অহা পানী চেনেলাইজ কৰি এবছৰৰ ভিতৰত ব্যৱস্থা লোৱা হ’ব ৷ চিৰাঙৰ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি এই প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.