ETV Bharat / state

ENNG Cadre Surrender : শিবিৰত কষ্টকৰ জীৱনৰ বাবেই উগ্ৰপন্থীৰ আত্মসমৰ্পণ

author img

By

Published : Jul 12, 2022, 9:57 PM IST

"ইমান কষ্টকৰ জীৱন অতিবাহিত কৰিব মই নোৱাৰো ৷" অৰুণাচলৰ টিৰাপত উগ্ৰপন্থীৰ আত্মসমৰ্পণ (ENNG Cadre Surrender)৷

কষ্টকৰ জীৱন অতিবাহিত কৰিব লগাৰ বাবেই উগ্ৰপন্থীৰ আত্মসমৰ্পণ
কষ্টকৰ জীৱন অতিবাহিত কৰিব লগাৰ বাবেই উগ্ৰপন্থীৰ আত্মসমৰ্পণ

তেজপুৰ, ১২ জুলাই : "ইমান কষ্টকৰ জীৱন অতিবাহিত কৰিব মই নোৱাৰো ৷" অৰুণাচলৰ টিৰাপত ENNG ৰ এজন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰি এইদৰে মন্তব্য কৰে (ENNG Cadre Surrender) ৷

উল্লেখযোগ্য যে সদস্যজনে শিৱিৰত কষ্টকৰ জীৱন অতিবাহিত কৰি আছিল আৰু সেইবাবেই তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল বুলি সেনাক জানিবলৈ দিয়ে ৷ Eastern Naga National Government নামৰ এই সংগঠনটোৱে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত চাংলাং, টিৰাপ আৰু লাংডিং জিলাত থিতাপি লৈছে বুলি সেনাই তথ্য লাভ কৰিছে ৷ ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশত এই গোটৰ কেইবাজনো সদস্যই আত্মসমৰ্পণ কৰাৰ লগতে সেনা আৰু আৰক্ষীয়ে কেইবাজনো কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : UTLA cadres surrender : মণিপুৰত অধ্যক্ষসহ ১৪ UTLA কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.