ETV Bharat / city

ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বৈদুল্লা খানৰ পত্নীৰ

author img

By

Published : Jul 12, 2022, 10:43 PM IST

Baidulla Khan residence vandalized
Baidulla Khan residence vandalized

বৈদুল্লা খানৰ গৃহত উচ্ছেদ চলোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বৈদুল্লাৰ পত্নীৰ ৷ বিনীত বাগাৰিয়াৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় শৰ্মাৰ পৰিয়ালৰ ওপৰত কিয় বিহিত ব্যৱস্থা লোৱা হোৱা নাই, অকল বৈদুল্লা খানৰ পৰিয়ালক কিয় লক্ষ্য কৰি লোৱা হৈছে বুলি প্ৰশ্ন কৰে বৈদুল্লা খানৰ পত্নীয়ে (Baidulla Khan residence vandalized)।

ডিব্ৰুগড়, 12 জুলাই: বিনীত বাগাৰিয়াৰ হত্যাকাণ্ডৰ অভিযুক্ত বৈদুল্লা খানৰ গৃহত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বৈদুল্লাৰ পত্নীৰ ৷ বিনীত বাগাৰিয়াৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় শৰ্মাৰ পৰিয়ালৰ ওপৰত কিয় বিহিত ব্যৱস্থা লোৱা হোৱা নাই, অকল বৈদুল্লা খানৰ পৰিয়ালক কিয় লক্ষ্য কৰি লোৱা হৈছে বুলি প্ৰশ্ন কৰে বৈদুল্লা খানৰ পত্নীয়ে (Baidulla Khan residence vandalized)।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বৈদুল্লা খানৰ পত্নীৰ

উল্লেখ্য যে যোৱা ৮ তাৰিখে ঘোঁৰামৰাৰ বাসগৃহ উচ্ছেদ কৰা হ'ব বুলি জাননী প্ৰেৰণ কৰা হৈছিল আৰু তিনি দিনৰ সময় দিয়া হৈছে বুলি নিশা ১১ বজাত ফোন কৰি জনাইছিল বৈদুল্লাৰ পিতৃক ৷ কিন্তু হঠাৎ কিয় পুৱা প্ৰশাসনে বুলড’জাৰ লৈ উচ্ছেদ কৰিলে আৰু সেই জাননী পত্ৰখন এই মুহুৰ্তলৈ পাবলৈ সক্ষম নহ'ল বুলি অভিযোগ কৰিছে বৈদুল্লা খানৰ পত্নীয়ে (Eviction at Baidullah Khan residence)।

তেওঁ লগতে কয় যে বিনীত বাগাৰিয়াই মৃত্যুৰ পূৰ্বে ভিডিঅ’ত চামচুল্লাৰ নাম উল্লেখ নকৰাৰ পাছতো কিয় পৰিয়ালক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছে ৷ ইফালে বৈদুল্লা খানৰ লগত তেওঁলোকৰ কেইবা বছৰ ধৰি সম্পৰ্ক বা কোনো অহা-যোৱা নাই বুলি উল্লেখ কৰে মহিলাগৰাকীয়ে ।

মঙলবাৰে পুৱাই ডিব্ৰুগড় জিলা প্ৰশাসনে ভাঙি পেলায় বৈদুল্লাৰ দুমহলীয়া অট্টালিকা । ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামৰাত আছিল বাসগৃহটো । ঘৰটোৰ নিৰ্মাণ কাৰ্য অবৈধ আছিল বুলি জানিবলৈ দিছে প্ৰশাসনে । আনহাতে ঘৰটোৰ পৰাই বৈদুল্লা খানে বহু অপকৰ্ম চলাই গৈছিল বুলিও অভিযোগ উত্থাপন হৈছে । আৰক্ষী তথা প্ৰশাসনৰ এই পদক্ষেপক আদৰণি স্থানীয় ৰাইজৰ ।

উল্লেখ্য যে বৈদুল্লা খানৰ লগতে আন কেইবাজনো ব্যক্তিৰ পৰা বহুদিন ধৰি মৃত্যুৰ ভাবুকি লাভ কৰাৰ পাছত যোৱা ৭ জুলাইত বিনীত বাগাৰিয়াই আত্মহত্যা কৰিছিল (Vineet Bagaria Suicide Case)। মৃত্যুৰ পূৰ্বে বিনীতে কৰা ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । আনকি মুখ্যমন্ত্ৰীও বিনীতৰ বাসগৃহত উপস্থিত হৈছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে বৈদুল্লাকে ধৰি আন এজনক লামডিং আৰক্ষীয়ে আটক কৰিছিল ।

লগতে পঢ়ক : Vineet Bagaria suicide case : গোচৰৰ অভিযুক্ত বৈদুল্লা খানৰ বাসগৃহত উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.