ETV Bharat / state

CM visits Chirang: চিৰাঙত বন্যাৰ্তৰ কাষত ৰৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jul 12, 2022, 9:51 PM IST

CM visits Chirang
CM visits Chirang

ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাঙত ক্ষতি কৰে । ভূটানৰ পৰা অহা পানী চেনেলাইজ কৰি এবছৰৰ ভিতৰত ব্যৱস্থা লোৱা হ’ব ৷ চিৰাঙৰ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি এই প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

চিৰাং, 12 জুলাই: চিৰাঙৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma visits Chirang) । মঙলবাৰে বিয়লি ১ বজাত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী লাউক্ৰিগুৰিত হেলিকপ্টাৰেৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । ভূটানৰ পৰা নামি অহা পানীয়ে প্ৰতি বছৰে ব্যাপক হাৰত ক্ষতি কৰে জিলাখনৰ ভূটানৰ সীমামূৰীয়া বহু গাঁৱত । একেদৰে এইবাৰো জিলাখনৰ ভূটান সীমান্তত যোৱা ১৫ জুনৰ পৰা ২৩ জুনলৈ হোৱা বানত মুঠ ১১৫ খন গাঁও প্লাৱিত হোৱাৰ লগতে প্ৰায় ২০,৪৩১ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছিল । জিলাখনৰ বিভিন্ন ঠাইত মুঠ ২০ টা বান সাহাৰ্য শিবিৰ পাতিব লগীয়া হৈছিল জিলা প্ৰশাসনে ।

বৰ্তমান বান পৰিস্থিতি উন্নত হৈছে । কিন্তু পানী কমিছে যদিও বহু লোকৰ ঘৰ বাঢ়নী পানীত উটি যোৱাত তেওঁলোক দিশহাৰা হৈ পৰিছে । বান সাহাৰ্য শিবিৰৰ পৰা মানুহ ঘৰাঘৰি হৈছে বুলি জনায় চিৰাঙত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM observe flood situation in Chirang)। মুখ্যমন্ত্ৰীজনে লগতে ভূটান সীমান্তৰ লাউক্ৰিগুৰিত ভূটানৰ পৰা নামি অহা নিজলা নদীয়ে ক্ষতি কৰা ৫০ টা পৰিয়ালৰ ২২৪ গৰাকী লোকক সাক্ষাৎ কৰে বান সাহাৰ্য শিবিৰত । তাৰ পিচতে নিজলা নৈৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বুজ লয় মুখ্যমন্ত্ৰীজনে ।

ৰাঙত বন্যাৰ্তৰ কাষত ৰৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীয়ে এবছৰৰ ভিতৰতে ভূটানৰ পৰা নামি অহা পানী চেনেলাইজ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ জল সম্পদ বিভাগক নিৰ্দেশ দিয়ে ।

শিবিৰত থকা লোকসকলে ভালদৰেই সাহাৰ্য লাভ কৰিছে আৰু শিবিৰত থকা প্ৰতিঘৰ লোকৰ বেংক একাউন্টত ৩,৮০০ টকাকৈ জমা হোৱা বুলি জনায় মুখ্যমন্ত্ৰীয়ে । অহা ১৫ জুলাইৰ ভিতৰত গৰাখহনীয়াত ঘৰৰ ক্ষতি হোৱা লোকৰ তালিকা চৰকাৰে লাভ কৰিব আৰু আগষ্ট মাহৰ ভিতৰত তেওঁলোকক ক্ষতিপূৰণ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায় । ছাত্ৰ-ছাত্ৰী সকলৰ পৰিয়ালকো পৃথকে সহায় কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰী শৰ্মাই ।

তেওঁ লগতে কয় যে, ভূটান পাদ দেশ সমুহত বান্ধবোৰৰ ক্ষমতা কম হয় কাৰণে পানীৰ সোঁত বহুত হয় । ভূটান সীমান্তত মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা শিশুৰ পৰিয়ালৰ ক্ষেত্ৰত কয় যে মই বানৰ বাবে ঘূৰিব পৰা নাই, গতিকে এদিন মই অঞ্চলটোলৈ আহিম পৰিয়ালখিনিক লগ কৰিবলৈ । ইতিমধ্যে শিশুখিনিৰ পঢ়া-শুনাৰ ব্যৱস্থা লোৱাৰ লগতে ১১ টা নতুন অংগনৱাদী কেন্দ্ৰ খোলা হৈছে বুলিও জনায় মুখ্যমন্ত্ৰীয়ে ।

সীমান্তৰ ১৮ খন আদিবাসী গাঁৱৰ বাবে পাঁচ জন স্বেচ্ছাসেৱক বাচনি কৰি লৈ গাঁৱৰ মানুহবোৰৰ ওচৰত যোৱাৰ প্ৰয়াস কৰা হৈছে । বনাঞ্চলত সিঁচৰিত হৈ বসবাস কৰা লোকসকলক এটা ঠাইলৈ অনাৰ চিন্তা কৰা হৈছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । লগতে অৰুনোদয় আঁচনিত সীমান্তৰ আদিবাসী লোকসকলক অধিক সাঙুৰি লোৱা হ’ব আৰু চৰকাৰী এনৰেগা, বিনামূলীয়া চাউলকে আদি কৰি সুবিধাসমূহ প্ৰদান কৰাৰো আশ্বাস দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৷ অতিৰিক্তভাৱে সীমান্তৰ লোকসকলৰ বাবে স্কিল চেন্টাৰ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীজনে ।

CM visits Chirang
ৰাঙত বন্যাৰ্তৰ কাষত ৰৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে

তেওঁ লগতে কয় যে যোৱাবাৰ ক’ভিডৰ সময়ত ভূটানত প্ৰৱেশৰ ব্যৱস্থা নাছিল বাবে কৰ্মসংস্থান হেৰুৱাইছিল সীমান্তৰ লোকসকলে ৷ কিন্তু এতিয়া ক’ভিড পৰিস্থিতি উন্নত হৈছে আৰু ভূটানৰ পৰিৱেশ ভাল হৈছে গতিকে সীমান্তৰ লোকসকলে জীৱিকাৰ পথ লাভ কৰিব বুলিও জনায় মুখ্যমন্ত্ৰীজনে ।

বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণৰ অন্তত জিলা প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীজনে । জিলা প্ৰশাসনৰ সৈতে বান আৰু গৰাখহনীয়া তথা জিলাখনৰ অন্যান্য বিভাগৰ সৈতে প্ৰায় এঘন্টা আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে ৷ এই বৈঠকৰ অন্তত তেওঁ জনায় যে অহা এবছৰৰ ভিতৰতে আই নৈ আৰু ইয়াৰ উপনৈ সমূহৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ভূটানৰ বিয়েৰ ফেক্টৰীৰ দূষিত পদাৰ্থ চিৰাঙৰ মাজেৰে বৈ আহে ৷ সেই সন্দৰ্ভত ভূটানৰে আলোচনা কৰি ব্যৱস্থা লোৱা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীজনে ।

সীমান্তৰ গৰাখহনীয়া ৰোধৰ বাবে ৫ কিলোমিটাৰ বান্ধৰ আঁচনি লৈছে জলসম্পদ বিভাগে, সেয়া পৰীক্ষা কৰি অনুমোদনৰ ব্যৱস্থা কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনৰ সময়চোৱাত চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্ম, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় ৰায় সহ কেইবাজনো পাৰিষদ আৰু জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাসহ জিলাখনৰ অন্যান্য বিভাগৰ বৰমূৰীয়াসকল উপস্থিত থাকে ।

ইফালে মুখ্যমন্ত্ৰী ওলাই যোৱাৰ সময়ত সাক্ষাৎ কৰে এগৰাকী বৃদ্ধাই । জিলাখনৰ সুন্দৰীৰ হৰিপ্ৰিয়া অধিকাৰী নামৰ বৃদ্ধাগৰাকীয়ে থাকিবলৈ ঘৰ আছে যদিও পুত্ৰ আৰু বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰাত এটা পৃথক ঘৰ দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় । চিৰাঙৰ লাউখ্ৰীগুৰীত মুখ্যমন্ত্ৰী অহাৰ খবৰ পাই ঘৰৰ বাবে আবেদন দিবলৈ অহা বুলি জনায় তেওঁ কয়, ‘‘আবেদন পত্ৰ দিছোঁ মুখ্যমন্ত্ৰীক । মুখ্যমন্ত্ৰীয়ে চাম বুলি কৈছে’’ ৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বৃদ্ধাগৰাকীৰ অসুবিধাৰ বিষয়টো সমাধানৰ বাবে জিলা প্ৰশানক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : Justice after 31 years: ৩১ বছৰৰ পাছত ন্যায় পালে আনন্দ শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.