ETV Bharat / state

Justice after 31 years: ৩১ বছৰৰ পাছত ন্যায় পালে আনন্দ শইকীয়াই

author img

By

Published : Jul 12, 2022, 8:45 PM IST

৩১ বছৰৰ পাছত ন্যায় লাভ কৰিলে সোণাৰিৰ টিঙালীবাম চাহ বাগিচাৰ আনন্দ শইকীয়াই (Ananda Saikia gained justice after 31 years)৷ ন্যায়ালয়ৰ ৰায়দানৰ পিছতেই টিঙালীবাম চাহ বাগিচা কাৰ্যালয়ত উপস্থিত হোৱাত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি ৷

ananda-saikia-gained-justice-after-31-years
৩১ বছৰৰ পাছত ন্যায় লাভ সোণাৰিৰ টিঙালীবাম চাহ বাগিচাৰ আনন্দ শইকীয়াৰ

মৰাণ, 12 জুলাই : সোণাৰিৰ টিঙালীবাম চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । অকৰ্তৃত্বশীলভাৱে বাগিচা কৰ্তৃপক্ষই বৰ্খাস্ত কৰা কৰ্মচাৰী আনন্দ শইকীয়াৰ পক্ষত ৰায়দান ন্যায়ালয়ৰ । ৩১ বছৰৰ পাছত ন্যায় পোৱা আনন্দ শইকীয়াক ক্ষতিপূৰণ আদায় নকৰিলে বাগিচাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশনা জাৰিৰ পাছতে বাগিচাৰ ফেক্টৰীত অধিবক্তাসহ উপস্থিত হয় আনন্দ শইকীয়া(Ananda Saikia gained justice after 31 years) । ইয়াৰ পাছতেই টিঙালীবাম চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাখনত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ ।

৩১ বছৰৰ পাছত ন্যায় লাভ সোণাৰিৰ টিঙালীবাম চাহ বাগিচাৰ আনন্দ শইকীয়াৰ

ইয়াৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় । সম্প্ৰতি চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাৰ শ্ৰমিকসকলক মিছা কথা কৈ পৰিস্থিতি উত্তপ্ত কৰাই আনন্দ শইকীয়াক প্ৰাপ্য প্ৰদানৰ পৰা আঁতৰাই ৰাখিব বিচৰাৰ এক অভিযোগ উত্থাপিত হয় ।

কিয়নো আনন্দ শইকীয়াৰ পক্ষত ন্যায়ালয়ে ৰায়দান কৰাৰ পিছতো আইনী যুঁজৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বাগিচা কৰ্তৃপক্ষই । আদালতত ৰায়দানৰ পাছত আনন্দ শইকীয়াক বাগিচা কৰ্তৃপক্ষই কেনেদৰে প্ৰাপ্য অধিকাৰ প্ৰদান কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : Remot control power tiller: দশম শ্ৰেণীৰ অয়নে সাজিলে ৰিম'ট কন্ট্ৰল পাৱাৰ টিলাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.