ETV Bharat / bharat

বেশ্যাবৃত্তিত জড়িত কৰাবলৈ বাংলাদেশৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হয় যুৱতী - BANGLADESHI GIRL RESCUED FROM PROSTITUTION RACKET

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:16 PM IST

Bangladeshi girls rescued in Ranchi: বাংলাদেশৰ পৰা চাকৰিৰ প্ৰলোভনেৰে ভাৰতলৈ অবৈধভাৱে সৰবৰাহ কৰা হয় যুৱতী ৷ ৰাঁচীত নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা পলায়ন কৰি তিনিগৰাকী যুৱতী আৰক্ষীৰ কাষ চপাৰ পিচতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷

Bangladeshi girls rescued in Ranchi
BANGLADESHI GIRL RESCUED FROM PROSTITUTION (ETV Bharat)

নিউজ ডেস্ক, 5 জুন: যৌন সৰবৰাহকাৰীৰ কবলৰ পৰা পলায়ন কৰি বাংলাদেশৰ তিনিগৰাকী কন্যাই ৰাঁচী আৰক্ষীৰ আশ্ৰয় শিবিৰত উপস্থিত হৈছে । তিনিওজনী ছোৱালীয়ে ভিছা-পাছপ’ৰ্ট অবিহনে ভাৰতত উপস্থিত হৈছিল আৰু ৰাঁচীলৈ অহাৰ পিছত যৌন সৰবৰাহকাৰীৰ জালত আবদ্ধ হৈ পৰিছিল ।

নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা পলাই আৰক্ষীৰ কাষ চাপিল তিনিগৰাকী যুৱতী ৷ বৰ্তমান আৰক্ষীৰ আশ্ৰয় শিবিৰত আছে তিনিও ৷ চাকৰি দিয়াৰ প্ৰলোভনেৰে দেশৰ যিকোনো স্থানৰ যুৱতীক ঘৰৰ পৰা নি বেশ্যাবৃত্তিত জড়িত কৰোৱাৰ ঘটনা সচৰাচৰ পোৱা যায় ৷ কিন্তু এই তিনিগৰাকী যুৱতীয় হৈছে বাংলাদেশৰ, যি অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত ৷ নাৰীদেহ ব্যৱসায়ৰ লগতে অবৈধভাৱে বাংলাদেশৰ যুৱতীক ভাৰতলৈ আনি নিয়োজিত কৰা চক্ৰৰ বিষয়ে এই ঘটনাই পোহৰলৈ আনিছে ৷

বালি ৰিজ’ৰ্টত ৰখা হৈছিল যুৱতীক:

বাংলাদেশৰ পৰা অহা তিনিগৰাকী যুৱতী ৰাঁচী আৰক্ষীৰ সহায়ত নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা ৰক্ষা পৰে । বাৰিয়াটুত অৱস্থিত বালি ৰিজ’ৰ্টত তিনিগৰাকী বাংলাদেশী আৰু পশ্চিম বংগৰ এগৰাকী যুৱতীক বন্দী কৰি ৰখা হৈছিল । চাৰিওকে অনৈতিকভাৱে বেশ্যাবৃত্তিত জড়িত হ’বলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল ।

কিন্তু বেশ্যাবৃত্তিত লিপ্ত হ’বলৈ অস্বীকাৰ কৰাৰ বাবে চাৰিওগৰাকী যুৱতীকে বন্দী কৰি ৰখা হৈছিল এটা কোঠাত । তাৰ পিচতেই ৰিজ’ৰ্টৰ ছাদৰ পৰা কেনেবাকৈ এগৰাকী যুৱতী জপিয়াই পলাই থানাত উপস্থিত হয় । কিশোৰীগৰাকীয়ে থানাত উপস্থিত হৈ সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰে, তাৰ পিচতে আৰক্ষীয়ে অভিযান চলাই বাকী তিনিগৰাকী যুৱতীক উদ্ধাৰ কৰে ।

লগতে পঢ়ক: নাছিকত এম এইচ চুখয় ৩০ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত; আহত পাইলট - Sukhoi30 fighter aircraft crashed

অৱশ্যে যুৱতীকেইগৰাকীক বন্দী কৰি ৰখা আৰু বেশ্যাবৃত্তিৰ জড়িত হ’বলৈ হেঁচা প্ৰয়োগ কৰা অভিযুক্তকেইটাই সেই স্থানৰ পৰা পলায়ন কৰে । ৰাঁচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চন্দন কুমাৰ সিনহাই কয় যে তিনিজনী ছোৱালী বাংলাদেশৰ বাসিন্দা ।

তিনিওকে বাংলাদেশ সীমান্ত পাৰ কৰি গোপনে ভাৰতলৈ অনা হৈছিল । ইতিমধ্যে যুৱতী তিনিগৰাকীক জেললৈ প্ৰেৰণ কৰা হৈছে, কাৰণ তেওঁলোকৰ হাতত পাছপ’ৰ্ট বা ভিছাৰ দৰে কোনো বৈধ নথি-পত্ৰ নাই । ৰাঁচী আৰক্ষী বিষয়াগৰাকীৰ তথ্য অনুসৰি এই গোচৰত অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই গোচৰত জড়িতসকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰখা হৈছে ৷

চট্টগ্ৰামৰ বাসিন্দা তিনিও যুৱতী:

জেৰাৰ সময়ত তিনিওগৰাকী যুৱতীয়ে প্ৰকাশ কৰিছে যে তেওঁলোক বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপত অৱস্থিত চট্টগ্ৰামৰ বাসিন্দা । তিনিওকে ভাৰতত ভাল চাকৰি দিয়া হ’ব বুলি প্ৰলোভন দি অনা হৈছিল । ঢাকাৰ বাসিন্দা আনোৱাৰ নামৰ এজন যুৱকে পত্নীৰ সৈতে গোপনে বাংলাদেশ সীমান্ত পাৰ কৰাই তিনিওজনকে লৈ কলকাতালৈ লৈ যায় । ইয়াৰ পিচত মনীষা ৰায় নামৰ এগৰাকী মহিলাই দুয়োকে ৰাঁচীত চাকৰি দিয়াৰ অজুহাতত কলকাতাৰ পৰা ৰাঁচীলৈ আনিছিল ।

লগতে পঢ়ক: আহিছিল চুৰি কৰিবলৈ, কুলাৰৰ ঠাণ্ডা বতাহ পাই টোপনিত লালকাল হ’ল চোৰ - Thief fell asleep

ৰাঁচীলৈ অহাৰ পিচত ছোৱালীকেইজনীয়ে গম পালে যে তেওঁলোকক পাৰ্লাৰলৈ মালিচৰ বাবে অনা হৈছে আৰু লগতে হোটেলৰ বাৰতো নাচিব লাগিব । কেৱল এয়াই নহয় তিনিওকে কোৱা হয় যে গ্ৰাহকৰ ওচৰলৈ গৈ তেওঁলোকৰ দাবী পূৰণ কৰিব লাগিব । তিনিওগৰাকী যুৱতীয়ে জনাইছে যে তেওঁলোকে বহু বাৰলৈ গৈ নাচিছিল । যেতিয়া তেওঁলোকে বেশ্যাবৃত্তিত লিপ্ত হ’বলৈ অস্বীকাৰ কৰিছিল, তেতিয়া ৰিজ’ৰ্টৰ কোঠাত বন্দী কৰি ৰখা হৈছিল ।

বহু ছোৱালী আহে ভাৰতলৈ:

জেৰাৰ সময়ত তিনিওগৰাকী বাংলাদেশী যুৱতীয়ে কয় যে এতিয়ালৈকে এনে বহু যুৱতী বা ছোৱালী আছে যিয়ে গোপনে বাংলাদেশৰ সীমান্ত পাৰ হৈ ভাৰতলৈ আহে আৰু তেওঁলোক বিভিন্ন চহৰত দেহ ব্যৱসায়ত নিয়োজিত হৈ আছে । তিনিওগৰাকী যুৱতীৰ পৰা উদ্ধাৰ হৈছে ভুৱা আধাৰ কাৰ্ড । তিনিওটাৰে ভুৱা আধাৰ কাৰ্ড পশ্চিম বংগত পৰা তৈয়াৰ কৰা হৈছিল ৷ একেখন আধাৰ কাৰ্ডেৰেই তেওঁলোকক ৰাঁচীত বাস কৰিছিল ।

ৰাঁচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চন্দন কুমাৰ সিনহাই কয় যে এই গোচৰত পলাতক অভিযুক্তসকলৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে আৰু ৰাঁচীত বাংলাদেশৰ পৰা সৰবৰাহ কৰা আন কিমানগৰাকী ছোৱালী আছে তাৰো তদন্ত চলি আছে ।

"৪ গৰাকী ছোৱালীক নাৰীদেহ ব্যৱসায়ীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে । ইয়াৰে তিনিগৰাকী ছোৱালী বাংলাদেশৰ । বাংলাদেশ সীমান্তৰ পৰা গোপনে ভাৰতলৈ অনা হৈছিল । এই ক্ষেত্ৰত তিনিওগৰাকী ছোৱালীক জেললৈ পঠিওৱা হৈছে কাৰণ তেওঁলোকৰ হাতত বৈধ নথি-পত্ৰ নাই ৷’’ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চন্দন কুমাৰ সিনহাই কয় ৷

লগতে পঢ়ক: উত্তৰাখণ্ডত সহস্ত্ৰতাল ট্ৰেকত 8 ট্ৰেকাৰ নিহত, উদ্ধাৰ অভিযান অব্যাহত - Sahastra Tal Trek Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.