ETV Bharat / state

Japanese Encephalitis update: জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা 13 জনলৈ বৃদ্ধি

author img

By

Published : Jul 12, 2022, 10:23 PM IST

ৰাজ্যত এতিয়া ক’ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বৰ্তমানলৈ ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 13 গৰাকী লোকৰ মৃত্যু হৈছে (Death toll rises to 13 )৷

Japanese Encephalitis update
Japanese Encephalitis update

গুৱাহাটী, 12 জুলাই : ৰাজ্যত এতিয়া ক’ভিডৰ পিছতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক (Japanese encephalitis and Dengue menace in Assam) । ৰাজ্যত এতিয়া ক’ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা আৰু মৃতকৰ সংখ্যা ।

চৰকাৰী তথ্য মতে মঙলবাৰে গোলাঘাট আৰু যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ তিনিজন লোকৰ মৃত্যু হৈছে ৷ ইয়াকে ধৰি বৰ্তমানলৈ ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 13 গৰাকী লোকৰ মৃত্যু হৈছে (Death toll rises to 13 )৷

ইফালে অসম স্বাস্থ্য মিছনৰ তথ্য অনুসৰি ৰাজ্যৰ নগাঁও জিলাত 2 জন, যোৰহাট জিলাত 6 জন, কামৰূপ মহানগৰ জিলাত 1 জন, ধেমাজি জিলাত 2 জন, শিৱসাগৰ জিলাত 3 জন, শোণিতপুৰ জিলাত 2 জন জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত কৰা হৈছে । জাপানীজ এনকেফেলাইটিছে ৰাজ্যৰ নগাঁও, যোৰহাট, কামৰূপ, লখিমপুৰ, বৰপেটা, ধেমাজি, শিৱসাগৰ, শোণিতপুৰ জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷

আনহাতে ৰাজ্যত ক'ভিড ৰোগৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি হৈছে ৷ দৈনিক ক'ভিড পজিটিভিটিৰ হাৰ উদ্বেগজনকভাৱে 11 শতাংশতকৈ অধিক হাৰত বৃদ্ধি পাইছে (Japanese encephalitis and Dengue menace) । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা এপ্ৰিলৰ পৰা 12 জুলাই পর্যন্ত অসমত 115 জন জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে ৷

আনহাতে, এতিয়ালৈকে ৰাজ্যত বহু সংখ্যক ডেংগু ৰোগী ধৰা পৰিছে যদিও চৰকাৰে তথ্য ৰাজহুৱা কৰা নাই ৷

লগতে পঢ়ক : Japanese Encephalitis update: গাহৰিৰ পৰা জাপানীজ এনকেফেলাইটিছ বিয়পাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.