ETV Bharat / city

মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নোহোৱাৰ বাবেই আত্মহত্যাৰ দৰে ঘটনা ঘটে : আলোকিতা বৰুৱা

author img

By

Published : Jul 12, 2022, 11:01 PM IST

Special interview on suicide tendency with psychiatrist Alokita Baruah
Special interview on suicide tendency with psychiatrist Alokita Baruah

মানসিক ৰোগৰ বাবে মানুহৰ মাজত সজাগতাৰ অভাৱ । মানসিক ৰোগক ৰোগ বুলি নাভাবে । মানসিক ৰোগত ভুগিলেও মানুহে পগলা হ’ল বুলি হাঁহিব বুলি ভাবি চিকিৎসকৰ ওচৰলৈ নাহে । মানসিক ৰোগত আক্ৰান্ত হোৱাৰ আগতে মানুহৰ শৰীৰত বিভিন্ন লক্ষ্যণ দেখা দিয়ে । দুখী অনুভৱ কৰা, অকলশৰীয়াকৈ থাকি ভাল পোৱা, খাবলৈ মন নকৰা আদি । এনেকুৱা লক্ষণ দেখিলে ঘৰৰ মানুহে গুৰুত্ব দিব লাগে ।

গুৱাহাটী, ১২ জুলাই: ৰাজ্যৰ ভিতৰতে মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide cases in Assam)। তাক লৈ সচেতন মহলৰ মাজত চৰ্চা হৈছে । এই বিষয় সম্পৰ্কে ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত মনোৰোগ বিশেষজ্ঞ আলোকিতা বৰুৱাই কয় যে, বিভিন্ন কাৰণত মানুহৰ মজাত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে ।

মানসিক ভাৰসাম্যতাত ভুগিলে, অন্তৰ্দ্বন্দ হ’লে, কাৰো আগত একে প্ৰকাশ কৰিব নোৱাৰিলে সেই ক্ষেত্ৰত এনেকুৱা সিদ্ধান্ত লৈ নিজকে শেষ কৰি দিয়ে (Suicide tendency)। হতাশাত বা নিৰাশাত ভুগিলে নাইবা এনজাইটি থাকিলেও এনেধৰণৰ সিদ্ধান্ত লোৱা দেখা যায় । এয়া সমস্যা বংশগতও হ’ব পাৰে নাইবা পৰিৱেশৰ বাবেও হ’ব পাৰে বুলি বৰুৱাই কয় ।

মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নোহোৱাৰ বাবেই আত্মহত্যাৰ দৰে ঘটনা ঘটে : আলোকিতা বৰুৱা

তেওঁ কয় যে, এইক্ষেত্ৰত সামাজিক, অৰ্থিক, সমাজ ব্যৱস্থাও দায়ৱদ্ধ । মানুহ যে মানসিকভাৱে অসুস্থ হ’ব পাৰে তাক লৈ সজাগ নহয় । মানুহে শাৰিৰীক স্বাস্থ্যৰ কথা চিন্তা কৰে কিন্তু মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু এই ক্ষেত্ৰত সজাগ নহয় ।

আনহাতে লকডাউনৰ পিছতো বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide case after lockdown)। যুৱ প্ৰজন্ম আৰু উপাৰ্জনকাৰী লোকৰ মাজত এনে প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে । যুৱ প্ৰজন্মই বহু সময়ত হতাশাত ভুগি নাইবা অকলশৰীয়া অনুভৱ কৰিও এনে ধৰণৰ সিদ্ধান্ত লৈছে ৷ উপাৰ্জনকাৰী সকলে আৰ্থিক সংকটত ভুগি এনে ধৰণৰ চৰমপন্থা বাচি লোৱা দেখা গৈছে বুলি আলোকিতা বৰুৱাই কয় ।

তেওঁ লগতে কয় যে, মানসিক ৰোগৰ বাবে মানুহৰ মাজত সজাগতাৰ অভাৱ । মানসিক ৰোগক ৰোগ বুলি নাভাবে । মানসিক ৰোগত ভুগিলেও মানুহে পগলা হ’ল বুলি হাঁহিব বুলি ভাবি চিকিৎসকৰ ওচৰলৈ নাহে । মানসিক ৰোগত আক্ৰান্ত হোৱাৰ আগতে মানুহৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে । দুখী অনুভৱ কৰা, অকলশৰীয়াকৈ থাকি ভাল পোৱা, খাবলৈ মন নকৰা আদি । এনেকুৱা লক্ষণ দেখিলে ঘৰৰ মানুহে গুৰুত্ব দিব লাগে ।

আলোকিতা বৰুৱাৰ মতে, এইক্ষেত্ৰত মানুহক সজাগ কৰিবলৈ হ’লে সজাগতাৰ লগতে স্ক্ৰীৰ্নিং কৰিব লাগিব । মানুহৰ মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ হ’লে সুস্থ জীৱন শৈলী, পুষ্টিকৰ খাদ্য, নিউট্ৰিচন, শাৰীৰিক ব্যায়াম, টোপনি আদি সময় মতে কৰিব লাগে ।

উল্লেখ্য যে, মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide case increased in Guwahati) । যিসকলে মানসিক পৰিস্থিতি হেৰুৱাই আত্মহত্যাৰ পথ বাছি ল’ব লগা হৈছে । মহানগৰীত 2013 চনত 222 টা, 2014 চনত 220 টা, 2015 চনত 241 টা, 2016 চনত 227টা, 2017 চনত 289টা, 2018 চনত 287 টা, 2019 চনত 254 টা, 2020 চনত 277 টা, 2021 চনত 414 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ পৰিৱৰ্তে চলিত বৰ্ষত বৰ্তমানলৈ 414 টাতকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত গৈছে ।

2021 ত দিছপুৰত 48 টা, সাতগাঁৱত 42 টা, আজাৰাত 33 টা, নুনমাটি আৰু জালুকবাৰীত 26টা, পল্টন বজাৰত 25 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । আনকি 2020 চনত দিছপুৰত 53 টা, জালুকবাৰীত 30 টা, নুনমাটিত 24 টা, ফটাশিল 23 টা, বশিষ্ঠত 21 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল । এই কথা সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ৷

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি, আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে । 6026900574 আৰু 6026900552 নম্বৰত যোগাযোগ কৰি ভুক্তভোগীসকলে নিজৰ সমস্যা মুকলিকৈ ক’ব পাৰিব । এই ক্ষেত্ৰত গোপনীয়তা সম্পূৰ্ণ অৱলম্বন কৰা হ’ব বুলি সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

আনকি যদি কোনোবাই কথা ক’বলৈ টান পাই, তেতিয়াহ’লে মেছেজৰ জৰিয়তেও নিজৰ সমস্যাৰ বিষয়ে ক’ব পাৰে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ৷

লগতে পঢ়ক : Suicides in the city: মহানগৰীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.