ETV Bharat / state

Suicides in the city: মহানগৰীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

author img

By

Published : Jul 9, 2022, 10:22 PM IST

মহানগৰীত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Worrying increase in suicides in Guwahati)৷ বিগত 8 বছৰৰ তুলনাত 2021 ত আত্মহত্যাৰ ঘটনা সৰ্বাধিক হৈছিল । শনিবাৰে সংবাদ মেলযোগে এই কথা সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই (Joint Commissioner of Police Partha Sarathi Mahanta on suicide) ৷

Suicide swells in Guwahati
মহানগৰীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

গুৱাহাটী, 9 জুলাই : মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Worrying increase in suicides in Guwahati) । তাক লৈ উদ্বিগ্ন হৈ পৰিছে মহানগৰ আৰক্ষী তথা প্ৰশাসন । শনিবাৰে মহানগৰীৰ অপৰাধ অনুসন্ধান শাখাত এই বিষয় সন্দৰ্ভত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই আয়োজন কৰে এক সংবাদমেলৰ ৷

এই সংবাদমেলযোগে তেওঁ কয়, ‘‘মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide case increased in Guwahati) । যিসকলে মানসিক পৰিস্থিতি হেৰুৱাই আত্মহত্যাৰ পথ বাছি ল’ব লগা হৈছে । সেইসকলৰ বাবে আমি কি কৰিব পাৰো, তাক লৈ চিন্তা চৰ্চা কৰিছো । পূৰ্বতকৈ এনে ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে’’ (Guwahati has become capital of suicides) ।

লগতে তেওঁ কয়, মহানগৰীত 2013 চনত 222 টা, 2014 চনত 220 টা, 2015 চনত 241 টা, 2016 চনত 227টা, 2017 চনত 289টা, 2018 চনত 287 টা, 2019 চনত 254 টা, 2020 চনত 277 টা, 2021 চনত 414 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ পৰিৱৰ্তে চলিত বৰ্ষত বৰ্তমানলৈ 414 টাতকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত গৈছে ।

মহানগৰীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

তদুপৰি 2021 ত দিছপুৰত 48 টা, সাতগাঁৱত 42 টা, আজাৰাত 33 টা, নুনমাটি আৰু জালুকবাৰীত 26টা, পল্টন বজাৰত 25 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । আনকি 2020 চনত দিছপুৰত 53 টা, জালুকবাৰীত 30 টা, নুনমাটিত 24 টা, ফটাশিল 23 টা, বশিষ্ঠত 21 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল । এই কথা সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ৷

লগতে পঢ়ক : Family on Vineet Bagaria death: আৰক্ষীয়ে নিৰাপত্তা নিদিয়াৰ বাবেই মোৰ পুত্ৰই আত্মহত্যা কৰিলে: বিনীত বাগাৰিয়াৰ পিতৃ

বিগত 8 বছৰৰ তুলনাত 2021 ত আত্মহত্যাৰ ঘটনা সৰ্বাধিক হৈছিল (Highest Suicide case in 2021 compared to 8 years) । আনহাতে, ৰাজ্যতো ক্ৰমান্বয়ে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ৷ 2018 চনত ৰাজ্যত 1638 জন পুৰুষ আৰু 672 গৰাকী মহিলাই অত্মহত্যা কৰাৰ তথ্য লাভ কৰা হৈছিল । ইয়াৰ সংখ্যা 2021 চনত বৃদ্ধি পাইছে । 2021 চনত 2391 জন পুৰুষে আৰু 911 গৰাকী মহিলাই আত্মহত্যা কৰিছে ।

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি, আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে । 6026900574 আৰু 6026900552 নম্বৰত যোগাযোগ কৰি ভুক্তভোগীসকলে নিজৰ সমস্যা মুকলিকৈ ক’ব পাৰিব । এই ক্ষেত্ৰত গোপনীয়তা সম্পূৰ্ণ অৱলম্বন কৰা হ’ব বুলি সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

আনকি যদি কোনোবাই কথা ক’বলৈ টান পাই, তেতিয়াহ’লে মেছেজৰ জৰিয়তেও নিজৰ সমস্যাৰ বিষয়ে ক’ব পাৰে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ৷

লগতে পঢ়ক : Justice for Vineet Bagaria: বিনীতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.