Justice for Vineet Bagaria: বিনীতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক

author img

By

Published : Jul 8, 2022, 9:03 PM IST

Protest in Dibrugarh demanding justice for Vineet Bagaria

হঠাৎ উত্তপ্ত হৈ পৰিল ডিব্ৰুগড় চহৰ ৷ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ডিব্ৰুগড় সদৰ থানাৰ সন্মুখত শতাধিক ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ(Justice for Vineet Bagaria) ৷

মৰাণ, 8 জুলাই : ডিব্ৰুগড় পুলিচ হায় হায়, We want justice.. আদি শ্ল’গানেৰে উত্তপ্ত হৈ পৰিল ডিব্ৰুগড় চহৰ ৷ আৰক্ষীৰ গুৰুত্বহীনতা আৰু অৱহেলাৰ বাবেই পশুপ্ৰেমী হিচাপে পৰিচিত ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াই আত্মহত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (Animal activist Vineet Bagaria found dead at his residence)৷ এই ঘটনাক লৈ শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে শতাধিক ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ৰ চহৰৰ নিজ বাসগৃহত আত্মহত্যা কৰিছিল বিনীত বাগাৰিয়াই (Dibrugarh youth commits suicide)৷ নিৰাপত্তাজনিত কাৰণতেই তেওঁ এই চৰম পথ বাছি লোৱা বুলি উল্লেখ কৰিছে বিনীতৰ পৰিয়ালৰ লোকে (Vineet committed suicide for security reasons)। পৰিয়ালৰ অভিযোগ, ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিও আৰক্ষী তথা প্ৰশাসনৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল বিনীতে ৷

বিনীতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক

লগতে পঢ়ক : ডিব্ৰুগড়ত যুৱকৰ আত্মহত্যা: মৃত্যুৰ পূৰ্বে কৰা এটা ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰাপ্ত তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি এই সমগ্ৰ ঘটনাৰ বিৱৰণ দিছিল বিনীত বাগাৰিয়াই ৷

ইফালে এই শোকাৱহ ঘটনাৰ পাছতেই বিনীতৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য ফাদিল কৰাৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিল ডিব্ৰুগড় চহৰ (Justice for Vineet Bagaria) । শুকুৰবাৰে শতাধিক ৰাইজে পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ পৰিয়ালক উচিত ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে শতাধিক ৰাইজে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ।

বিনীতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক
বিনীতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক

ৰাইজৰ অভিযোগ, ডিব্ৰুগড় আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই এজন উদীয়মান পশুপ্ৰেমীয়ে আত্মহত্যা কৰিব লগা হ’ল ৷ অৱশ্যে ৰাজ্যৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টো কেনেদৰে লয় সেইয়াহে হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক : Family on Vineet Bagaria death: আৰক্ষীয়ে নিৰাপত্তা নিদিয়াৰ বাবেই মোৰ পুত্ৰই আত্মহত্যা কৰিলে: বিনীত বাগাৰিয়াৰ পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.