Family on Vineet Bagaria death: আৰক্ষীয়ে নিৰাপত্তা নিদিয়াৰ বাবেই মোৰ পুত্ৰই আত্মহত্যা কৰিলে: বিনীত বাগাৰিয়াৰ পিতৃ

author img

By

Published : Jul 8, 2022, 6:01 PM IST

Dibrugarh youth commits suicide

ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াই আত্মহত্যাৰ পথ বাচি লোৱাৰ পাচতে আৰক্ষীক দোষাৰোপ কৰিছে পৰিয়ালবৰ্গই (Victims father, Vinit Bagaria, blamed police) ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি বিনীত বাগাৰিয়াক কেইবাজনো লোকে ভাবুকি প্ৰদান কৰাৰ সবিশেষ প্ৰমাণ সহকাৰে আৰক্ষীক জনোৱাৰ পাচতো গুৰুত্ব নিদিলে আৰক্ষীয়ে ৷ পৰিণতিত আত্মহত্যাৰ পথ বাচি ল’লে যুৱকজনে ৷

মৰাণ, 8 জুলাই: ডিব্ৰুগড়ত সংঘটিত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্যত চৰ্চিত হৈ পৰিছে । আৰক্ষীৰ পৰা ন্যায় লাভ নকৰি ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াই আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে(Animal activist Vineet Bagaria found dead at his residence) । ইয়াৰ পাছতে একমাত্ৰ পুত্ৰৰ আত্মহত্যাক লৈ সমাজকৰ্মী কৈলাশ বাগাৰিয়াই সংবাদমেল অনুষ্ঠিত কৰি পুত্ৰৰ আত্মহত্যাৰ বাবে আৰক্ষীকে দোষাৰোপ কৰিলে ।

তেওঁলোকৰ ভাড়াতীয়া সঞ্জয় শৰ্মা, তেওঁৰ সংগী বাদ্দুলা খান, আজীজ খান আৰু নিশান্ত শৰ্মাই ভাবুকি দি অহা ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিনীত বাগাৰিয়াৰ পিতৃ কৈলাশ বাগাৰিয়াই (Victims father, Vinit Bagaria, blamed police) ।

আৰক্ষীয়ে নিৰাপত্তা নিদিয়াৰ বাবেই মোৰ পুত্ৰই আত্মহত্যা কৰিলেঃ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ সন্দৰ্ভত পিতৃ

তেওঁ লগতে কয়, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক সকলো প্ৰমাণ দিয়া হৈছিল ৷ ফোনত দিয়া ভাবুকি, ৰেকৰ্ড শুনোৱাৰ পাছতো আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই(SP Shwetank Mishra) একো ব্যৱস্থা গ্ৰহণ নকৰিলে । আৰক্ষীয়ে কিবা এটা কৰা হ'লেও আজি মোৰ পুত্ৰ আমাৰ লগতে থাকিলহেতেন বুলি কয় দুৰ্ভগীয়া পিতৃ কৈলাশ বাগাৰিয়াই ।

উল্লেখযোগ্য যে আৰক্ষীৰ ওচৰত ন্যায় লাভ নকৰি ডিব্ৰুগড়ৰ সমাজকৰ্মী কৈলাশ বাগাৰিয়াৰ একমাত্ৰ পুত্ৰ তথা উজনি অসমত এগৰাকী পশুপ্ৰেমী হিচাপে পৰিচিত বিনীত বাগাৰিয়াই বৃহস্পতিবাৰে আত্মহত্যা কৰিছিল । এই ঘটনাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে চাঞ্চল্য ।

লগতে পঢ়ক: ডিব্ৰুগড়ত যুৱকৰ আত্মহত্যা: মৃত্যুৰ পূৰ্বে কৰা এটা ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.