ডিব্ৰুগড়ত যুৱকৰ আত্মহত্যা: মৃত্যুৰ পূৰ্বে কৰা এটা ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 8, 2022, 1:59 PM IST

Dibrugarh

ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা । পশুপ্ৰেমী হিচাপে পৰিচিত এজন যুৱকে আত্মহত্যা কৰিলে (Dibrugarh youth commits suicide)। আত্মহত্যাৰ পূৰ্বে এটা ভিডিঅ'ত আত্মহত্যাৰ কাৰণ উল্লেখ কৰিলে যুৱকজনে । আচলতে কিহৰ বাবে চৰম পথ বাছি ল'লে যুৱকজনে ?

মৰাণ,৮ জুলাই : ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা । এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱকে বাছি ল'লে আত্মহত্যাৰ পথ (Suicide case in Dibrugarh)। আত্মহত্যাৰ পূৰ্বে এটা ভিডিঅ'ৰ জৰিয়তে বিভিন্ন ধৰণৰ অভিযোগো উত্থাপন কৰিলে যুৱকজনে (Dibrugarh youth videoed before suicide)। সম্প্ৰতি মৃত যুৱকজনৰ ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ লগে লগে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

ডিব্ৰুগড়ত যুৱকৰ আত্মহত্যা

যুৱকজন হৈছে সমাজকৰ্মী কৈলাশ বাগাৰিয়াৰ একমাত্ৰ পুত্ৰ তথা উজনি অসমত এগৰাকী পশুপ্ৰেমী হিচাপে পৰিচিত বিনীত বাগাৰিয়া । আত্মহত্যাৰ পূৰ্বে বিনীতে কৰা ভিডিঅ'টোত উল্লেখ কৰা মতে নিৰাপত্তাজনিত কাৰণত তেওঁ এই ধৰণৰ চৰম পথ বাছি লৈছে (Dibrugarh youth commits suicide without getting justice)। ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিও আৰক্ষী তথা প্ৰশাসনৰ পৰা কোনো সঁহাৰি নাপায় এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱা বুলি ভিডিঅ'টোত উল্লেখ কৰিছে বিনীতে ।

Dibrugarh
ন্যায় বিচাৰি বিনীতৰ পৰিয়ালৰ টুইট

বিনীত আৰু তেওঁৰ পৰিয়ালৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি তেওঁলোকৰে কেইজনমান ভাড়াতীয়াই তেওঁলোকৰ ওপৰত মানসিক নিৰ্যাতন চলাই আহিছে । বিভিন্ন ধৰণৰ ভাবুকিও প্ৰদান কৰি আহিছিল পৰিয়ালটোক । যাৰ বাবে বিনীত আৰু তেওঁৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল । কিন্তু আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে পৰিয়ালটোৱে ।

Moran
বিনীত বাগাৰিয়াৰ পৰিয়ালে দিয়া অভিযোগ

ডিব্ৰুগড় আৰক্ষী ওচৰত অভিযোগো দাখিল কৰিছিল পৰিয়ালটোৱে । ন্যায় বিচাৰি আৰক্ষী অধীক্ষক, আৰক্ষী সঞ্চালক প্ৰধানলৈও পত্ৰ প্ৰেৰণ কৰিছিল পৰিয়ালটোৱে । আনকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো এই সন্দৰ্ভত অভিযোগ দিয়াৰ লগতে জীৱনৰ নিৰাপত্তা বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল ।

Moran
ডিব্ৰুগড়ত যুৱকৰ আত্মহত্যা

মুখ্যমন্ত্ৰীয়ে বিষয়টো তদন্তৰ আশ্বাস দিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকসকলে । যাৰ বাবে অৱশেষত বৃহস্পতিবাৰে আত্মহত্যাৰ পথ বাছি ল'লে বুলি বিনীতে নিজে ভিডিঅ'টোত উল্লেখ কৰিছে ।

Moran
বিনীত বাগাৰিয়াৰ পৰিয়ালে দিয়া অভিযোগ

ইফালে ভাবুকি প্ৰদান কৰা লোক কেইজন সঞ্জয় শৰ্মা, তেওঁৰ সংগী বাদ্দুলা খান, আজীজ খান আৰু নিশান্ত শৰ্মা বুলি বিনীত আৰু তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে । পশুপ্ৰেমী বিনীত বাগাৰিয়াই বহু বছৰ ধৰি জন্তুৰ বাবে কাম কৰি থকাৰ উপৰিও বহু যুৱক-যুৱতীক লৈ Animal welfare people নামৰ এটা NGO চলাই আছিল । বিনীতৰ পিতৃ কৈলাশ বাগাৰিয়াইও টুইটযোগে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী অধীক্ষকক তেওঁৰ লগতে পুত্ৰৰ জীৱনৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে কৈছিল ।

কিন্তু তাৰ পাছতো পৰিয়ালটোৱে কোনো সঁহাৰি নোপোৱাত বৃহস্পতিবাৰ নিৰাপত্তাৰ অভাৱত আত্মহত্যাৰ পথ বাছি ল'লে বিনীতে । ইফালে এটা পৰিয়ালে নিৰাপত্তা বিচাৰি হাহাকাৰ কৰাৰ পাছতো কোনোৱে সঁহাৰি নিদিয়াৰ কথা পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত । আৰক্ষী তথা প্ৰশাসনক তীব্ৰ সমালোচনাও কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক :Kirtikamal Bora fake encounter : আনন্দ মিশ্ৰক তদন্তৰ আওঁতালৈ অনাৰ দাবী উত্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.