ছাগলী চোৰক পিতলৰ ঘটিৰে কোবাই কোবাই কৰায়ত্ত কৰিলে গৃহস্থই

By

Published : Jul 12, 2022, 10:50 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

"চুৰি কৰাটো উত্তম বিদ্যা-ধৰা পৰিলে শিলৰ খুন্দা"" বোলা তাহানিৰে পৰা অসমীয়া সমাজত প্ৰচলিত আপ্তবাক্যফাঁকি আকৌ এবাৰ প্ৰতীয়মান হ'ল ৷ ছাগলী চুৰি কৰিবলৈ গৈ পিতলৰ ঘটিৰে উত্তম মাধ্যম খালে দুই চোৰে (Thief arrested in Lakhimpur)৷ মঙলবাৰে লখিমপুৰৰ পথালিপাহাৰত টেম্পো লৈ দুই ছাগলী চোৰৰ সন্ত্ৰাস ৷ AS 07 AC 3695 নং টেম্পোখনত অহা হাৰমতীৰ বাবু আৰু প্ৰতাপ নামৰ দুটা চোৰে টেম্পো ৰখাই ৰাষ্টাত থকা এজনী গাভিনী ছাগলী ধৰি উঠাবলৈ চেষ্টা কৰে ৷ ছাগলীজনী টেম্পোত উঠাবলৈ লোৱাৰ সময়তে সেৱা কৰি গোঁসাই ঘৰৰ পৰা ওলাইছিল ছাগলীটোৰ গৃহস্থজন ৷ লগে লগে তেওঁ ৰাষ্টাত ছাগলী চোৰ দুটাৰ কাণ্ড দেখি হাতত থকা পিতলৰ ঘটিৰে মৰিয়াই মৰিয়াই প্ৰহাৰ কৰে চোৰ দুটাক ৷ হুলস্থুল শুনি সেই ঠাইত সমবেত হয় প্ৰতিবেশী ৷ প্ৰতিবেশীয়ে চোৰ দুটাক ধৰি উত্তম মাধ্যম সোধোৱাৰ পিছতে বান্দৰদেৱা আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে আৰক্ষী ঘটনাস্থলীত আহি টেম্পোসহ চোৰ দুটাক আটক কৰি আৰক্ষী চকীলৈ লৈ যায় ৷ ইফালে চোৰ দুটাই চোৰ কৰা ঘটনাক নস্যাৎ কৰি কয় যে ছাগলীটো নিজেই টেম্পোখনলৈ আহিছিল ৷ আমাক চোৰ বুলি সন্দেহ কৰি মাৰপিট কৰিলে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.