ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 4, 2022, 1:04 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

UP bye election 2022 : ৰামপুৰত যোগী আদিত্যনাথক মিছলীয়া আখ্যা আজম খান আৰু জয়ন্ত চৌধুৰীৰ

ৰামপুৰত আৰএলডিৰ সভাপতি জয়ন্ত চৌধুৰী আৰু এছপি নেতা আজম খানে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী অসীম ৰাজাৰ সমৰ্থনত প্ৰচাৰ চলায় (Rampur bye election campaign)। তেওঁলোক দুয়োগৰাকীয়ে উত্তৰ প্ৰদেশৰ নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । যোগী আদিত্যনাথক মিছলীয়া আখ্যা নেতাসকলৰ ।

Fake gold smugller arrested: গুৱাহাটীত নকল সোণসহ গ্ৰেপ্তাৰ 5 সৰবৰাহকাৰী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা (Fake gold smuggling in Assam) ৷ একাংশ অসাধু চক্ৰই ৰাজ্যত অব্যাহত ৰাখিছে নকল সোণৰ সৰবৰাহ আৰু বিক্ৰী ৷ এইবাৰ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত নকল সোণসহ গ্ৰেপ্তাৰ হ’ল সৰবৰাহকৰী (Fake gold smugller arrested) । হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা ৫ টাকৈ নকল সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

Protest against Badaruddin Ajmal: উজনি অসমত নিষিদ্ধ বদৰুদ্দিন আজমল !

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে (Protest against Badaruddin Ajmal)। আজমলে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী । আজমলৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে । বদৰুদ্দিন আজমলক উজনি অসমত নিষিদ্ধ কৰিলে সংগঠনটোৱে ।

Satra Lands Commission : ৰাজ্যৰ ৩০৩ খন সত্ৰৰ মুঠ ৭৫০৪ বিঘা ভূমি বেদখলকাৰীৰ কৱলত

সত্ৰ আয়োগৰ (Satra Lands Commission) অন্তৱৰ্তীকালীন প্ৰতিবেদনৰ তথ্যত সত্ৰৰ মাটি বেদখলৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । ৰাজ্যৰ ৩০৩ খন সত্ৰৰ মুঠ ৭৫০৪ বিঘা ভূমি সম্প্ৰতি আছে বেদখলকাৰীৰ কৱলত থকাৰ কথা উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই (Encroachment of Satra lands) ।

Production of Tea in Assam: অসমৰ চাহৰ ৰপ্তানি বৃদ্ধিত উপকৃত হৈছে বটলিফ ফেক্টৰী

চাহ ব'ৰ্ডৰ তথ্য অনুসৰি চলিত বৰ্ষৰ পাঁচ মাহত বিদেশলৈ ২৫১৮.১১ কোটি টকা মূল্যৰ ভাৰতত উৎপাদিত চাহ ৰপ্তানি হয় । ইয়াৰে অধিকসংখ্যক চাহেই অসমৰ । ইপিনে, বিশ্বৰ আগশাৰীৰ কেইবাখনো দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে (Assam tea exports increased)।

Badaruddin Ajmal controversy : মৌলানা আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী মাজুলীৰ সংগঠনৰ

হিন্দু সমাজক লৈ অশালীন মন্তব্য কৰি এতিয়া ৰাইজৰ ৰোষত পৰিছে AIUDF নেতা মৌলানা বদৰুদ্দিন আজমল (Badaruddin Ajmal controversial statements) ৷ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্য তথা দেশবাসীয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ এইবাৰ বদৰুদ্দিন সন্দৰ্ভত জাঙুৰ খাই উঠিছে মাজুলী জিলাৰ সংগঠনসমূহ (Majuli student unions react on Badaruddin Ajmal) ৷ আনকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শীঘ্ৰে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে মাজুলী জিলাৰ সংগঠনসমূহে ৷

FIFA World Cup: ৰেপাৰ লিল বেবীৰ সৈতে ফিফা বিশ্বকাপৰ গীতত দেখা যাব অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক

ফিফা বিশ্বকাপত দেখা যাব বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক । অভিনেতাগৰাকীক আমেৰিকান ৰেপাৰ লিল বেবীৰ সৈতে এন্থেমত দেখা যাব। Phone Bhootৰ অভিনেতাগৰাকীয়ে ছচিয়েল মিডিয়াযোগে দিলে এই তথ্য ।

Badaruddin Ajmal controversy: আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চৰকাৰক আহ্বান এ জে ৱাই পিৰ

বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা AIUDF ৰ নেতা মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্য তথা দেশৰ জনগণ (Badaruddin Ajmal controversial statements) ৷ এই সন্দৰ্ভত এইবাৰ আজমলৰ বিৰুদ্ধে সৰৱ হৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া ।

Developmental project in Bongaigaon: বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব বিকাশৰ দিশে এপষেক কাৰ্যসূচী

অহা ৫ ডিচেম্বৰত বঙাইগাঁও জিলাত আৰম্ভ হ'ব ‘‘বিকাশৰ দিশে এপষেক" শীৰ্ষক কাৰ্যসূচী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলাত কৰিবলগীয়া উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব । এই বিষয়ে সদৰি কৰিছে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ( Minister Ranjit Kumar Das) ।

Suspected murder case: শুই থকা স্বামীৰ কাষতে উদ্ধাৰ চিপ লোৱা অৱস্থাত পত্নীক; হত্যাৰ সন্দেহ

ধুবুৰীৰ বগুলামাৰী গাঁৱত ৰহস্যজনক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Mysterious incident in Dhubri)। চিপ লোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ । একেটা কোঠাতে নিশা শুই আছিল স্বামীও । স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.