ETV Bharat / state

Badaruddin Ajmal controversy: আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চৰকাৰক আহ্বান এ জে ৱাই পিৰ

author img

By

Published : Dec 4, 2022, 12:05 PM IST

Updated : Dec 4, 2022, 12:13 PM IST

Badaruddin Ajmal controversy
আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চৰকাৰক আহ্বান এ জে ৱাই পিৰ

বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা AIUDF ৰ নেতা মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্য তথা দেশৰ জনগণ (Badaruddin Ajmal controversial statements) ৷ এই সন্দৰ্ভত এইবাৰ আজমলৰ বিৰুদ্ধে সৰৱ হৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া ।

ধেমাজি, 4 ডিচেম্বৰ: এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্যৰ পাছতে জ্বলিছে অসম (Badaruddin Ajmal controversy)। সাম্প্ৰদায়িক মন্তব্যৰে চৰ্চাত থাকিবলৈ বিচৰা বদৰুদ্দিনক বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে । আজমলৰ মন্তব্যক লৈ ৰাজনীতিৰ ক্ষেত্ৰখনতো তীব্ৰ বিতৰ্ক হৈছে । সাংসদ বদৰুদ্দিন আজমলৰ হিন্দু সমাজকলৈ কৰা এনে তৰল আৰু অসাংবিধানিক মন্তব্যই এতিয়া ৰাজ্যত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ (Badaruddin Ajmal controversial statement)। এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ।

আজমলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই (AJYP comment on Badaruddin Ajmal statement) ৷ তেওঁ এইক্ষেত্ৰত অসম চৰকাৰক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আজমলক আইনী প্ৰক্ৰিয়াৰ মাজলৈ আনিবলৈ দাবী জনাইছে ৷ আজমলে নাৰীক পণ্য়ৰ দৰে ব্য়ৱহাৰ কৰা সন্দৰ্ভত কৰা মন্তব্য়ক কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ পৰিষদে সহজভাৱে নলয় বুলি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে সঁকিয়াই দিয়ে (AJYP appeal govt to registered case against Badaruddin)।

আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চৰকাৰক আহ্বান এ জে ৱাই পিৰ

উল্লেখ্য় যে, হিন্দুক উদ্দেশ্যি AIUDF প্ৰধান বদৰুদ্দিন আজমলে এক বিতৰ্কিত মন্তব্য় আগবঢ়াই কয়, ‘‘হিন্দু ধৰ্মাৱলম্বী লোকে 40 বছৰ বয়সলৈকে 1ৰ পৰা 3 গৰাকী অবৈধ পত্নীৰ লগতে সম্পৰ্ক ৰক্ষা কৰে ৷ 40 বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে ৷ কিন্তু মুছলমানৰ ছোৱালীয়ে 18 বছৰ আৰু ল’ৰাই 22 বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷" এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিলে বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷

লগতে পঢ়ক:Finance Minister Ajanta Neog review meeting: বাজেট আৱণ্টিত পুঁজিৰ সময়মতে সম্পূৰ্ণ সদ্যৱহাৰ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ বিত্তমন্ত্রীৰ

Last Updated :Dec 4, 2022, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.