ETV Bharat / state

Protest against Badaruddin Ajmal: উজনি অসমত নিষিদ্ধ বদৰুদ্দিন আজমল !

author img

By

Published : Dec 4, 2022, 11:02 AM IST

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে (Protest against Badaruddin Ajmal)। আজমলে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী । আজমলৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে । বদৰুদ্দিন আজমলক উজনি অসমত নিষিদ্ধ কৰিলে সংগঠনটোৱে ।

Protest against Badaruddin Ajmal
উজনি অসমত নিষিদ্ধ বদৰুদ্দিন আজমল

লখিমপুৰ,৩ ডিচেম্বৰ : এ আই ইউ ডি এফ দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্যৰ পাছতে জ্বলিছে অসম (Badaruddin Ajmal controversy)। সাম্প্ৰদায়িক মন্তব্যৰে পুনৰ চৰ্চাত থাকিবলৈ বিচৰা বদৰুদ্দিনক বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে । আজমলৰ মন্তব্যক লৈ ৰাজনীতিৰ ক্ষেত্ৰখনতো তীব্ৰ বিতৰ্ক হৈছে ।

সাংসদ বদৰুদ্দিন আজমলৰ হিন্দু সমাজকলৈ কৰা এনে তৰল আৰু অসাংবিধানিক মন্তব্যই এতিয়া গোটেই ৰাজ্যতে একপ্ৰকাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ (Badaruddin Ajmal controversial statement)। বিজেপি দলৰ বহু কেইগৰাকী নেতাই ইতিমধ্যে বদৰুদ্দিন আজমলক সমালচনা কৰিছে । বিভিন্ন দল-সংগঠনেও আজমলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ।

লখিমপুৰ জিলাত শনিবাৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে । আজমলে অসমীয়া নাৰী আৰু পুৰুষক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে মুখ্যমন্ত্রীকো অপমান কৰাৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে (Protest against Badaruddin Ajmal)। বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰাৰ লগতে এ আই ইউ ডি এফ দল বিৰোধী বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে (Ajmal effigy burn in Lakhimpur)।

উজনি অসমত নিষিদ্ধ বদৰুদ্দিন আজমল

প্ৰতিবাদকাৰীসকলে এ আই ইউ ডি এফক নিষিদ্ধ ঘোষণাৰ দাবী কৰাৰ লগতে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক উজনি অসমত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে । প্ৰয়োজন হ'লে আজমল অথবা দলটোৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই যুঁজ দিব বুলিও হুংকাৰ দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈ, নগৰ সমিতিৰ সভাপতি দীপাংকৰ নাথকে ধৰি বহু নেতা-কৰ্মীয়ে অংশগ্রহণ কৰে ।

উল্লেখ্য যে বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত কৈছিল যে হিন্দু ধৰ্মাৱলম্বী লোকে ৪০ বছৰ বয়সলৈকে ১ৰ পৰা ৩ গৰাকী অবৈধ মহিলাৰ লগত সম্পৰ্ক ৰক্ষা কৰে ৷ ৪০ বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে ৷ কিন্তু মুছলমানৰ ছোৱালীয়ে ১৮ বছৰ আৰু ল’ৰাই ২২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷ এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিলে বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও আজমলে লাভ জেহাদকে ধৰি বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰে ।

লগতে পঢ়ক :Badaruddin Ajmal controversy: বিজেপিৰ ‘দালাল’ আজমলৰ বিৰুদ্ধে মুখ খুলিব পৰা নাই AIUDF নেতা-কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.