ETV Bharat / state

Badaruddin Ajmal controversy: বিজেপিৰ ‘দালাল’ আজমলৰ বিৰুদ্ধে মুখ খুলিব পৰা নাই AIUDF নেতা-কৰ্মীয়ে

author img

By

Published : Dec 3, 2022, 1:49 PM IST

হিন্দু সমাজক লৈ সাংসদ বদৰুদ্দিন আজমলে কৰিছিল বিতৰ্কিত মন্তব্য (Badaruddin Ajmal controversy) ৷ মৌলানা বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

Badaruddin Ajmal controversy
বিজেপিৰ ‘দালাল’ আজমলৰ বিৰুদ্ধে মুখ খুলিব পৰা নাই AIUDF নেতা-কৰ্মীয়ে

নিউজ ডেস্ক, 3 ডিচেম্বৰ : অসমৰ 35 % কৈয়ো অধিক ধৰ্মীয় সংখ্যালঘূ ৰাইজৰ ত্ৰাণকৰ্তা হোৱাৰ আশাৰে 2005 চনত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত খোজ পেলোৱা মৌলানা বদৰুদ্দিন আজমল নামৰ নেতাজনে বিগত প্ৰায় 17 বছৰত ৰাজ্যৰ সমস্যা জৰ্জৰ সংখ্যালঘূ ৰাইজৰ কিমান উপকাৰ সাধন কৰিবলৈ সমৰ্থ হ’ল সেই কথা সকলোৱে বুজি পাইছে ৷

নিৰ্বাচনী ৰাজনীতিত সাম্প্ৰদায়িক মেৰুকৰণৰ উপৰিও কু-সংস্কাৰ, অন্ধবিশ্বাস আদিৰে সংস্যালঘূ ৰাইজক অশিক্ষিত কৰি ৰাখি ৰাজনৈতিক মুনাফা অৰ্জন কৰিবলৈ চেষ্টা চলোৱা মৌলনা আজমলে শেহতীয়াভাৱে কৰা কেতবোৰ সাম্প্ৰদায়িক বক্তব্যই অন্য সকলৰ কথা বাদেই, তেওঁ নিজে জন্ম দিয়া AIUDF দলৰ নেতা-কৰ্মীসকলকো লজ্জানত কৰি তুলিছে (Badaruddin Ajmal controversy) ৷

শালীনতাৰ সকলো সীমা চেৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি হিন্দু ধৰ্মাৱলম্বী লোকক উদ্দেশ্যি আজমলে আগবঢ়োৱা অশালীন মন্তব্যই তেওঁৰ দলৰে একাধিক শীৰ্ষ নেতাক বাকৰুদ্ধ কৰি পেলোৱা পৰিলক্ষিত হৈছে ৷ সাংগঠনিক শৃংখলা আৰু সীমাবদ্ধতাৰ বাবে মুকলিকৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অসমৰ্থ এই নেতাসকলৰ ভিতৰত অতি কমেও 4 জনে ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত আজমলৰ সাম্প্ৰদায়িক বক্তব্য তীব্ৰ ভাষাৰে গৰিহণা দিছে (Badruddin Ajmal controversial remarks and reaction in Assam to this)৷

এগৰাকী বৰ্তমানৰ বিধায়ক, এগৰাকী প্ৰাক্তন বিধায়কৰ উপৰি সংবাদ মাধ্যমৰ সৈতে আনুষ্ঠানিক সম্পৰ্ক ৰক্ষা কৰি চলা কেবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত বিগত সময়চোৱাত অসমৰ সামাজিক তথা ৰাজনৈতিক জগতখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ হৈ ৰাজনৈতিক দালালি কৰা বুলি AIUDF আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে উত্থাপিত সন্দেহ শুকুৰবাৰে সত্য বুলি প্ৰমাণ কৰিব বুলি এই দলীয় নেতা-কৰ্মীসকলে আশংকা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Badaruddin Ajmal controversy : "আজমলৰ মানসিক বিকৃতি ঘটিছে..!"

‘‘মৌলানা আজমল চাহাবৰ এই বক্তব্য কোনো পধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷’’ এই মন্তব্য দলটোৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত এগৰাকী প্ৰাক্তন বিধায়কৰ ৷ তেওঁৰ মতে, এই সময়ত ৰাজ্যৰ নিপীড়িত, ধৰ্মীয় সংখ্যালঘূ ৰাইজক কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰভাৱৰ পৰা মুক্ত কৰি RSS বিজেপিৰ উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে এক জনমত গঠন কৰাৰহে প্ৰয়োজন আছে ৷ তাকে নকৰি নিজকে RSS- বিজেপিতকৈও অধিক সাম্প্ৰদায়িক মন্তব্য কৰি আজমল চাহাবে AIUDF দলক ৰাইজৰ মাজত সোমাব নোৱাৰা কৰিলে বুলিও প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

আনহাতে, ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত বৰ্তমানৰ এগৰাকী বিধায়কে আক্ষেপেৰে কয়, 2005 চনৰ পিছৰ প্ৰায় প্ৰতিটো নিৰ্বাচনত সাম্প্ৰদায়িক মেৰুকৰণেৰে AIUDF এ বিজেপিৰ ক্ষমতা দখলৰ পথ প্ৰশস্ত কৰা বুলি ধৰ্ম নিৰপেক্ষ, প্ৰগতিশীল ৰাইজে এক সন্দেহ প্ৰকাশ কৰি আহিছে ৷

আজমল চাহাবৰ বক্তব্যই সমাগত নিৰ্বাচনসমূহত বিজেপিক অধিক উগ্ৰ আৰু আগ্ৰসী সাম্প্ৰদায়িক ৰাজনীতি কৰি ক্ষমতা দখল কৰাত সহায় কৰিব ৷ যি কথাই অসমৰ লগতে সমগ্ৰ দেশৰ ধৰ্মীয় সংখ্যালঘূ ৰাইজৰ জীৱনলৈ ভয়াবহ বিপৰ্যয় কঢ়িয়াই আনিব ৷

লগতে পঢ়ক : Badaruddin Ajmal Statement : আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ-ভূপেন বৰা-ৰাণা গোস্বামীৰ

মৌলানা বদৰুদ্দিন আজমলে দেশৰ ভিন্ন প্ৰান্তত চলি থকা নিৰ্বাচনী তৎপৰতাত এক নতুন মাত্ৰা প্ৰদান কৰাতো নিশ্চিত বুলি মন্তব্য কৰি আন এগৰাকী জ্যেষ্ঠ নেতাই ইটিভি ভাৰতক কয়- ‘‘আজমল চাহাবৰ ব্যক্তব্য শুনাৰ পিছত মোৰ এনেকুৱা অনুভৱ হৈছে, তেওঁ হয়তো ভৱিষ্যতলৈ দলটো ধৰি ৰাখিবলৈ আগ্ৰহী নহয় ৷

যি ৰাজনৈতিক নীতি আৰু আদৰ্শক ভিত্তি কৰি দলটো গঠন কৰা হৈছিল, সেই নীতি আৰু আদৰ্শৰ পৰা আঁতৰি গৈ আজমল চাহাবে ব্যক্তিগত লাভালাভৰ কথা আগত ৰাখিহে বিজেপিৰ সহায় হোৱা এনে সাম্প্ৰদায়িক মন্তব্য কৰিছে বুলি মোৰ অনুভৱ হয়’’ ৷

আনহাতে, বিতৰ্কিত মন্তব্যটোৰ বাবে ৰাইজৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা নকৰি বিষয়টো জীয়াই ৰাখিবলৈ আজমলে চেষ্টা চলোৱা কথাই দলটোক অধিক গণবিছিন্ন কৰিব বুলি আন এগৰাকী জ্যেষ্ঠ নেতাই মন্তব্য কৰিছে ৷

লগতে পঢ়ক : Badaruddin Ajmal Statement : হিন্দু পুৰুষে 40 বছৰ বয়সলৈকে লিপ্ত থাকে অবৈধ সম্পৰ্কত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.