Badaruddin Ajmal controversy : "আজমলৰ মানসিক বিকৃতি ঘটিছে..!"

author img

By

Published : Dec 3, 2022, 11:05 AM IST

BJP leader

বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া (Badaruddin Ajmal controversial statement)। বদৰুদ্দিনৰ সাহস আছে যদি বৰাকত ভৰি দিয়ক । আজমলৰ মূৰৰ বিকৃতি ঘটিছে । আজমলে প্ৰথমে তেওঁলোকৰ সমাজৰ ঘৃণনীয় কাণ্ডবোৰ বন্ধ কৰক । কোনে প্ৰত্যাহ্বান জনালে বদৰুদ্দিন আজমলক ?

হাইলাকান্দি,৩ ডিচেম্বৰ : এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্যৰ পাছতে জ্বলিছে অসম (Badaruddin Ajmal controversy)। সাম্প্ৰদায়িক মন্তব্যৰে পুনৰ চৰ্চাত থাকিবলৈ বিচৰা বদৰুদ্দিনক বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে । আজমলৰ মন্তব্যক লৈ ৰাজনীতিৰ ক্ষেত্ৰখনতো তীব্ৰ বিতৰ্ক হৈছে ।

সাংসদ বদৰুদ্দিন আজমলৰ হিন্দু সমাজকলৈ কৰা এনে তৰল আৰু অসাংবিধানিক মন্তব্যই এতিয়া গোটেই ৰাজ্যতে একপ্ৰকাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । এইবাৰ এগৰাকী বিজেপি নেত্ৰীয়ে বদৰুদ্দিনক দিলে অ'পেন চেলেঞ্জ । এনে মন্তব্যৰ পাছত বদৰুদ্দিনক সাহস আছে যদি হাইলাকান্দিলৈ আহিবলৈ চেলেঞ্জ দিলে বিজেপি নেত্ৰীগৰাকীয়ে (BJP leader challenges Ajmal)।

শুকুৰবাৰে নিশা হাইলাকান্দিত উপস্থিত হৈ এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে কয় যে আজমলৰ মূৰৰ বিকৃতি হৈছে । বদৰুদ্দিন আজমলে হিন্দু সমাজৰ লগতে গোটেই নাৰী জাতিক অপমান কৰিছে । নাৰী সমাজৰ উত্থানৰ বাবে কাম কৰি অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লৈ আজমলে কৰা মন্তব্যৰ সমালোচনাও কৰে নেত্ৰীগৰাকীয়ে । এনে মন্তব্য কৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ সমাজক সঠিক পথ দেখুৱাবলৈ আজমলক আহ্বান জনায় (BJP leader slams Ajmal)।

আজমলৰ মানসিক বিকৃতি ঘটিছে !

বিজেপি নেত্ৰীগৰাকীৰ মতে এগৰাকী জনপ্ৰতিনিৰ মুখত এনে মন্তব্য শোভা নাপায় । ভাৰতৰ পবিত্ৰ ভূমিত থাকি নাৰী জাতি সম্পৰ্কে কৰা এনে মন্তব্য লজ্জাজনক আৰু ঘৃণনীয় । হিন্দু সমাজৰ কথা কোৱাৰ পূৰ্বে তেওঁৰ নিজৰ সমাজৰ নিকৃষ্ট কাণ্ডবোৰ বন্ধ কৰিবলৈ নেত্ৰীগৰাকীয়ে বদৰুদ্দিনক প্ৰত্যাহ্বান জনায় । ড্ৰাগছ মাফিয়াকে ধৰি বিভিন্ন অনৈতিক কাৰ্যকলাপত মুছলমান ধৰ্মৰ লোকহে জড়িত বুলিও বিস্ফোৰক মন্তব্য কৰে নেত্ৰীগৰাকীয়ে ।

ইফালে ক্ষমতা থাকিলে এবাৰৰ বাবে তিনিগৰাকী এআইইউডিএফ বিধায়ক থকা হাইলাকান্দি জিলাত প্ৰৱেশ কৰি দেখুৱাবলৈও বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনালে মুন স্বৰ্ণকাৰে । তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি শীঘ্ৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে বুলিও দাবী জনাই বিজেপি নেত্ৰীগৰাকীয়ে । ইফালে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শনিবাৰে এজাহাৰ দাখিল কৰাৰো হুংকাৰ দিয়ে বিজেপি নেত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত কৈছিল যে হিন্দু ধৰ্মাৱলম্বী লোকে ৪০ বছৰ বয়সলৈকে ১ৰ পৰা ৩ গৰাকী অবৈধ মহিলাৰ লগত সম্পৰ্ক ৰক্ষা কৰে ৷ ৪০ বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে ৷ কিন্তু মুছলমানৰ ছোৱালীয়ে ১৮ বছৰ আৰু ল’ৰাই ২২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷ এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিলে বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও আজমলে লাভ জেহাদকে ধৰি বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰে ।

লগতে পঢ়ক :Badaruddin Ajmal Statement : আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ-ভূপেন বৰা-ৰাণা গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.