ETV Bharat / entertainment

FIFA World Cup: ৰেপাৰ লিল বেবীৰ সৈতে ফিফা বিশ্বকাপৰ গীতত দেখা যাব অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক

author img

By

Published : Dec 4, 2022, 11:54 AM IST

ফিফা বিশ্বকাপত দেখা যাব বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক । অভিনেতাগৰাকীক আমেৰিকান ৰেপাৰ লিল বেবীৰ সৈতে এন্থেমত দেখা যাব। Phone Bhootৰ অভিনেতাগৰাকীয়ে ছচিয়েল মিডিয়াযোগে দিলে এই তথ্য ।

Actor Siddhant Chaturvedi to be a part of FIFA World Cup anthem with rapper Lil Baby
ৰেপাৰ লিল বেবীৰ সৈতে ফিফা বিশ্বকাপৰ গীতত দেখা যাব অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক

চিটাৰা ডেস্ক, 4 ডিচেম্বৰ: শীঘ্ৰে ফিফা বিশ্বকাপৰ(FIFA World Cup) আনুষ্ঠানিক গীতত অংশগ্ৰহণ কৰিব বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক(Siddhant Chaturvedi in FIFA World Cup 2022) । এক্স পৰিচালিত এই গীতটোত তেওঁক দেখা যাব আমেৰিকান ৰেপাৰ লিল বেবীৰ সৈতে(American rapper Lil Baby)। এই প্ৰদৰ্শন ফিফা বিশ্বকাপৰ ফাইনেলৰ সময়ত মুকলি কৰা হ’ব । লিল বেবী এগৰাকী আমেৰিকান ৰেপাৰ যিয়ে নিজৰ মিক্সটেপ ‘পাৰফেক্ট টাইমিং’ৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল । ২০১৮ চনত মুক্তি পাইছিল তেওঁৰ প্ৰথম ষ্টুডিঅ’ এলবাম 'Harder Than Ever'।

উল্লেখ্য যে, লিল বেবীয়ে ড্ৰেকৰ সৈতে বিলবোৰ্ড ইতিমধ্যে Hot 100 Top 10 single ‘Yes Indeed’ কন্ঠদান কৰিছে, যিয়ে খুবেই জনপ্ৰিয়তা লাভ কৰিছে ।

আনহাতে, 'Gully Boy'ৰ পৰা খ্যাতি লাভ কৰা সিদ্ধান্তই শনিবাৰে নিজৰ ইনষ্টাগ্ৰামত এন্থেমৰ শ্বুটিঙৰ কিছু ছবি শ্বেয়াৰ কৰে । ছবিবোৰত ৰেপাৰ লিল বেবীৰ সৈতে cool red loose T-shirt পিন্ধি পোজ দিয়া দেখা গৈছে । তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ছবিৰ ধাৰাবাহিকখন শ্বেয়াৰ কৰি কেপচনত লিখে ‘FIFA anthem loading... ইয়াৰ লগতে তেওঁ লিলবেবী আৰু ডাইৰেক্টৰক্সকো টেগ কৰিছিল ।

অভিনেতা সিদ্ধান্ত চতুৰ্বেদীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক'বলৈ গ'লে শেহতীয়াকৈ তেওঁক ‘Phone Bhootত দেখা গৈছিল । ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল কেটৰিনা কাইফ আৰু ঈশান খট্টৰে । ইয়াৰ পিছত সিদ্ধান্তক'Yudhra','Kho Gaye Hum Kahan', লগতে দীপিকা পাডুকনৰ সৈতে অভিনীত ছবি 'Gehraiyaan'ত দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক: Tezpur is full of superstars: উষানগৰী তেজপুৰত উপস্থিত অনিল-দীপিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.