Tezpur is full of superstars: উষানগৰী তেজপুৰত উপস্থিত অনিল-দীপিকা

author img

By

Published : Nov 17, 2022, 6:57 PM IST

Bollywood stars Deepika Padukone and Anil Kapoor arrived at Tezpur

১৮ নৱেম্বৰ অৰ্থাৎ কাইলৈ পৰা আৰম্ভ হ’ব ‘ফাইটাৰ’ ছবিৰ চুটিং ৷ যাৰ বাবে উষানগৰী তেজপুৰত ভিৰ কৰিছেহিছে বলিউডৰ তাৰকাই(Tezpur is full of superstars) ৷ হৃত্বিক ৰোশনৰ পাচত এইবাৰ তেজপুৰত উপস্থিত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ, অভিনেত্ৰী দীপিকা পাডুকন (Deepika Padukone Anil Kapoor Arrive Tezpur for Fighter Shooting)৷

তেজপুৰ, ১৭ নৱেম্বৰ : বলিউডৰ তাৰকাৰে ভৰিছে এতিয়া অসম ৷ বলিউড কুইন কংগনা ৰানাৱতৰ পাচত এইবাৰ অসমত উপস্থিত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ, অভিনেত্ৰী দীপিকা পাডুকন আৰু হৃতিক ৰোশন (Bollywood stars Deepika Padukone and Anil Kapoor arrived at Tezpur) ৷ কেৱল অনিল কাপুৰ, দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনে নহয় বলিউডৰ প্ৰায় ১৫০ কলা কুশলিৰে ভৰি পৰিছে উষানগৰী তেজপুৰ (Tezpur is full of superstars) ৷

ইয়াৰ উপৰিও মুঠ তিনিখন ভেনেটি কাৰ তেজপুৰৰ বিমান ঘাটিত অৱস্থান কৰিছেহে । যি তিনিখন হৈছে ক্ৰমে অভিনেতা অনিল কাপুৰ, অভিনেত্ৰী দীপিকা পাডুকন আৰু হৃতিক ৰোশনৰ ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে অভিনেত্ৰী দীপিকা পাডুকনৰ ভেনেটি কাৰ চালকগৰাকীয়ে ৷

উষানগৰী তেজপুৰত উপস্থিত অনিল-দীপিকা

উল্লেখ্য যে, বহু প্ৰতিক্ষীত বলিউডৰ বিগ বাজেটৰ ছবি ‘ফাইটাৰ’ৰ দৃশ্যগ্ৰহণ হ’ব উষানগৰী তেজপুৰত ৷

লগতে পঢ়ক : Kangana Ranaut in Assam: বোকাখাতত আৰম্ভ কংগনা ৰানাৱতৰ ইমাৰজেঞ্চীৰ ছুটিং

ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে ১৪ নৱেম্বৰৰ পৰাই তেজপুৰত বাহৰ পাতিছেহি চুপাৰষ্টাৰ হৃত্বিক ৰোশনে ৷ ১৪ নৱেম্বৰত এক বিশেষ চাৰ্টাৰ্ড ফ্লাইটৰ জৰিয়তে অভিনেতা হৃত্বিক ৰোশনে বলিউডৰ তাৰকা জন সিদ্ধাৰ্থ আনন্দৰ সৈতে তেজপুৰত উপস্থিত হয় ৷ আনহাতে, তেজপুৰৰ বায়ুসেনাৰ ঘাটিত চুপাৰষ্টাৰগৰাকীক (Hrithik Roshan in Tezpur) কাষৰ পৰা দেখি অনুৰাগীসকলে তেওঁক অভিবাদন জনায় ।

Bollywood stars Deepika Padukone and Anil Kapoor arrived at Tezpur
বলিউডৰ তাৰকাৰে ভৰিছে এতিয়া অসম

জানিব পৰা মতে, বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা হৃত্বিক ৰোশনে ৷ সেয়ে অভিনেতাগৰাকীয়ে নিজৰ অভিনয়ৰ প্ৰস্তুতিৰ অংশ হিচাবে তেজপুৰ এয়াৰ বেছৰ (Military air base in Salonibari) কৰ্মীসকলৰ সৈতে জড়িত হৈ আছে ৷ তেজপুৰ এয়াৰ বেছৰ কৰ্মীসকলৰ সৈতে পাৰ্যমানে সময় কটাৱাৰ চেষ্টা কৰিছে ৷

Bollywood stars arrived at Tezpur
উষানগৰী তেজপুৰত উপস্থিত অনিল-দীপিকা

খবৰ অনুসৰি, ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ‘ফাইটাৰ’ ছবিৰ শ্বুটিং ৷ সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবি ‘ফাইটাৰ’ত হৃত্বিক ৰোশনে মুখ্য চৰিত্ৰত অভিনয় কৰিব (Hrithik Roshan will begin shooting for action thriller Fighter)৷ হৃত্বিক ৰোশনৰ সহযোগী বিচাবে থাকিব অনিল কাপুৰে, দীপিকা পাডুকন ৷ যাৰ বাবে এতিয়া তেজপুৰত দেখিবলৈ পোৱা গৈছে বলিউড তাৰকাৰ ভিৰ ৷

উল্লেখ্য যে, ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত মুক্তি পাব একচন দৰ্শনীয় ছবি ‘ফাইটাৰ’ ।

লগতে পঢ়ক : Hrithik Roshan in Tezpur : তেজপুৰ বায়ুসেনাৰ ঘাটিত অনুৰাগীৰ মাজত গ্ৰীক গড ঋত্বিক ৰোশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.