ETV Bharat / state

Developmental project in Bongaigaon: বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব বিকাশৰ দিশে এপষেক কাৰ্যসূচী

author img

By

Published : Dec 4, 2022, 11:43 AM IST

Updated : Dec 4, 2022, 12:16 PM IST

অহা ৫ ডিচেম্বৰত বঙাইগাঁও জিলাত আৰম্ভ হ'ব ‘‘বিকাশৰ দিশে এপষেক" শীৰ্ষক কাৰ্যসূচী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলাত কৰিবলগীয়া উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব । এই বিষয়ে সদৰি কৰিছে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ( Minister Ranjit Kumar Das) ।

Developmental project in Bongaigaon
Developmental project in Bongaigaon

বঙাইগাঁও, 4 ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই "বিকাশৰ দিশে এপষেক" শীৰ্ষক কাৰ্যসূচীৰ অধীনত বঙাইগাঁও জিলাত কৰিবলগীয়া উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব । তদুপৰি অহা ৫ ডিচেম্বৰত কেইবাটাও নিৰ্মাণৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Foundation stone laying program in Bongaigaon)। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত শনিবাৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জিলা উপায়ুক্তৰ সভাকক্ষত এখন সংবাদমেলত সদৰী কৰে । সংবাদ মেলখনত বিধায়ক ফণীভূষণ চৌধুৰীও উপস্থিত থাকে (Press conference of Minister Ranjit Kumar Das)।

উল্লেখ্য় যে, উত্তৰ বঙাইগাঁওস্থিত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ(মেনন স্কুল) খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে (CM Dr Himanta Biswa Sarma in Bongaigaon) । উক্ত অনুষ্ঠানৰ জৰিয়তে যিকেইটা কামৰ শুভাৰম্ভণী কৰা হ'ব সেয়া মুখ্যমন্ত্ৰীয়ে হাতত লোৱা "বিকাশৰ দিশে এপষেক"কাৰ্যসূচীৰ অধীনত হ'ব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় ।

বঙাইগাঁৱত বিকাশৰ দিশে এপষেকত মুখ্যমন্ত্ৰী

তেওঁ কয় যে, চৰকাৰে অত্যাৱশ্যকীয় চিকিৎসা সেৱা, প্ৰশাসনিক সংস্কাৰ,ভূমিপুত্ৰৰ স্বাভিমান সকলো দিশতে ৰাইজৰ বাবে সমানে কাম কৰি আছে । চিকিৎসা সেৱাৰ বাবে ৬১০৬৭.৪১ লাখ টকা ব্যয় সাপেক্ষ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, ৬২৫.৬৭ লাখ টকা ব্যয় সাপেক্ষ ৱাকিং জ'নৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ৱাকিং জ'নতে অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী সকলৰ গৌৰৱময় ধ্বজা বহনকাৰী মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ চৰকাৰে আঁচনি হাতত লৈছে ।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, বিভিন্ন বিভাগৰ কাৰ্যালয় উপায়ুক্ত কাৰ্যালয়ৰ লগতে একেটা চৌহদতে জেলকাঝাৰত নিৰ্মাণ কৰিবলৈ লোৱা ৪৯৭৮.৭৮ লাখ টকা ব্যয় সাপেক্ষ সংহত উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলাও মুখ্যমন্ত্ৰীয়ে ডিজিটেল মাধ্যমেৰে স্থাপন কৰিব । ইয়াৰ উপৰি ৫০৩.৬৪ লাখ টকা ব্যয় সাপেক্ষ বঙাইগাঁও পলিটেকনিক আৰু বঙাইগাঁও উদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মশালা তথা কাৰিকৰী গৱেষণাগাৰ উন্নীতকৰণৰ আধাৰশিলা স্থাপন আদি কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে সম্পন্ন কৰিব ।

ইপিনে, প্ৰস্তাৱিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, বঙাইগাঁৱৰ বাবে সভাকক্ষ তথা সন্মীলন ভৱনৰো আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জিলাখনৰ সৃজনগ্ৰামত চাৰি কোটি 39,56,00 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা আদৰ্শ চিকিৎসালয়, সৃজনগ্ৰাম আৰু ৫০লাখ টকা ব্যয় সাাপেক্ষে অভয়াপুৰীৰ লালমাটি দুৰামাৰীস্থিত ঐতিহাসিক গণেশ মন্দিৰ চৌহদত ভোগ গৃহ আৰু অতিথিশালা উদ্বোধন কৰিব বুলিও জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় ।

লগতে পঢ়ক:Gift to CM Himanta Biswa Sarma : মুখ্যমন্ত্রীয়ে গ্ৰহণ কৰিলে নুৰুল হকৰ ১০ লাখ টকীয়া ‘লেম্বৰঘিনি’

Last Updated : Dec 4, 2022, 12:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.