ETV Bharat / state

Gift to CM Himanta Biswa Sarma : মুখ্যমন্ত্রীয়ে গ্ৰহণ কৰিলে নুৰুল হকৰ ১০ লাখ টকীয়া ‘লেম্বৰঘিনি’

author img

By

Published : Dec 3, 2022, 9:42 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাবে দিলে নিজে সাজি উলিওৱা বিলাসী ‘লেম্বৰঘিনি’ বাহন ৷ ১০ লাখ টকা খৰচ কৰি নুৰুল হকে মুখ্যমন্ত্ৰীক উপহাৰ দিয়াৰ বাবে নিজে সাজি উলিয়াইছিল লেম্বৰঘিনিসদৃশ বাহনখন (Car Gift to CM Himanta Biswa Sarma)।

Gift to CM Himanta Biswa Sarma
মুখ্যমন্ত্রীয়ে গ্ৰহণ কৰিলে নুৰুল হকৰ ১০ লাখ টকীয়া ‘লেম্বৰগিনি’

গুৱাহাটী, ৩ ডিচেম্বৰ : অৱশেষত নুৰুল হকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাবে দিলে নিজে সাজি উলিওৱা বিলাসী ‘লেম্বৰঘিনি’ বাহন ৷ ১০ লাখ টকা খৰচ কৰি নুৰুল হকে মুখ্যমন্ত্ৰীক উপহাৰ দিয়াৰ বাবে নিজে সাজি উলিয়াইছিল লেম্বৰঘিনিসদৃশ বাহনখন । অৱশেষত শনিবাৰে নুৰুল হকৰ সপোন পূৰণ হ'ল (Car Gift to CM Himanta Biswa Sarma)।

Gift to CM Himanta Biswa Sarma
মুখ্যমন্ত্রীয়ে গ্ৰহণ কৰিলে নুৰুল হকৰ ১০ লাখ টকীয়া ‘লেম্বৰগিনি’

শনিবাৰে সন্ধিয়া দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি নুৰুল হকে বাহনখন আনুষ্ঠানিকভাৱে প্ৰদান কৰে । উল্লেখ্য যে কৰিমগঞ্জৰ আনিপুৰৰ নুৰুল হকে ১০ লাখ টকা ব্যয় সাপেক্ষে বাহনখন নিজে নিৰ্মাণ কৰি উলিয়াইছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিয়াৰ আশা পুহি ৰাখিছিল (Nurul Haques Lamborghini)। শিলচৰত অসম চৰকাৰৰ কেবিনেট বৈঠক(Silchar Assam cabinet) অনুষ্ঠিত হোৱাৰ সময়ত নুৰুল হকে বাহনখন মুখ্যমন্ত্ৰীক দেখুৱাই উপহাৰ দিয়াৰ কথা সদৰী কৰিছিল ।

Gift to CM Himanta Biswa Sarma
মুখ্যমন্ত্রীয়ে গ্ৰহণ কৰিলে নুৰুল হকৰ ১০ লাখ টকীয়া ‘লেম্বৰগিনি’

সেইমৰ্মে অসম আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে নুৰুল হকে বাহনখন কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ আনে আৰু শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীক উপহাৰ হিচাবে প্ৰদান কৰে । বাহনখন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লেম্বৰঘিনিসদৃশ গাড়ী এখন পোৱাটো সঁচাকৈয়ে আনন্দদায়ক । কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ নিজে সাজি উলিওৱা গাড়ীখন চলাই অনা নুৰুল হকৰ উৎসাহক সন্মান জনোৱাৰ উদ্দেশে তেওঁ বাহনখন গ্ৰহণ কৰিছে । নুৰুল হকৰ উদ্ভাৱনী শক্তিৰ পৰিচায়ক বিশেষ-ব্যতিক্ৰমী গাড়ীখন সযতনে ৰাখিব বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়ক : Finance Minister Ajanta Neog review meeting: বাজেট আৱণ্টিত পুঁজিৰ সময়মতে সম্পূৰ্ণ সদ্যৱহাৰ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ বিত্তমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.