ETV Bharat / bharat

UP bye election 2022 : ৰামপুৰত যোগী আদিত্যনাথক মিছলীয়া আখ্যা আজম খান আৰু জয়ন্ত চৌধুৰীৰ

author img

By

Published : Dec 4, 2022, 11:54 AM IST

ৰামপুৰত আৰএলডিৰ সভাপতি জয়ন্ত চৌধুৰী আৰু এছপি নেতা আজম খানে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী অসীম ৰাজাৰ সমৰ্থনত প্ৰচাৰ চলায় (Rampur bye election campaign)। তেওঁলোক দুয়োগৰাকীয়ে উত্তৰ প্ৰদেশৰ নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । যোগী আদিত্যনাথক মিছলীয়া আখ্যা নেতাসকলৰ ।

UP bye election 2022
আদিত্যনাথক আক্ৰমণ আজম খান আৰু জয়ন্ত চৌধুৰীৰ

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : অহা ৫ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব (Rampur bye election 2022)। যাৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে সমষ্টিটোত । ইফালে শাসকীয় আৰু বিৰোধীৰ মাজত মতানৈক্যও আৰম্ভ হৈছে । ইয়াৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় লোক দলৰ (RLD) সভাপতি জয়ন্ত চৌধুৰীয়ে সমাজবাদী পাৰ্টিৰ (SP) প্ৰাৰ্থী অসীম ৰাজাৰ সমৰ্থনত ৰামপুৰত এক প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে (Bye election campaign at Rampur)।

ৰাজহুৱা সভাখনত সমাজবাদী পাৰ্টিৰ নেতা আজম খানো উপস্থিত থাকে । প্ৰচাৰ সভাত দুয়োগৰাকী নেতাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে । সমাজবাদী পাৰ্টিৰ নেতা আজম খানে ভাষণৰ সময়ত কয় যে, যেতিয়া তেওঁ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল, তেওঁ প্ৰথম ৰাজনৈতিক ব্যক্তি জয়ন্ত চৌধুৰীৰ ককাদেউতাক চৌধুৰী চৰণ সিঙক লগ পাইছিল । তেওঁ প্ৰদান কৰা টিকটত প্ৰথম নিৰ্বাচনত জয়ী হৈছিল আজম খান ।

ভাষণ প্ৰসংগত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে আজম খান (Azam Khan slams UP govt)। এটা সময়ত তেওঁ অধিক উত্তেজিত হৈ পৰে আৰু কয় যে, মঞ্চত তেওঁ আৰু তেওঁৰ সন্তানৰ বাহিৰে কোনো অপৰাধী নাই । আজম খানে লগতে কয় যে এনে দিন আহিব যে ভাৰতৰ মানুহে খাকী ইউনিফৰ্মৰ ভয়ত দুখৰ জীৱন যাপন কৰিব ।

মুখ্যমন্ত্ৰীক সমালোচনা কৰি তেওঁ কয় যে, যোগী আদিত্য নাথে মানুহৰ জীৱনৰ অধিকাৰ কাঢ়ি লৈছে । যদি কোনোৱে মুখ খোলে তেওঁৰ বিৰুদ্ধে মোকৰ্দমা হয় । এগৰাকী মহিলাই আজম খানৰ বিৰুদ্ধে অশালীন মন্তব্যৰ বাবে গোচৰ ৰুজু কৰিছিল । সেই প্ৰসংগত মহিলাগৰাকীক ভগ্নী হিচাপে সম্বোধন কৰি আজম খানে কয় যে, তেওঁৰ বাবে আজম খানে যুঁজিছিল আৰু তেওঁৰ বিৰুদ্ধেই মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছিল ।

আজম খানে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে তেওঁ, তেওঁৰ পত্নী আৰু সন্তান সকলো অপৰাধী । সেয়ে বিধানসভাৰ সন্মুখত তেওঁলোক সকলোকে গুলীয়াবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আজম খানে (Azam Khan slams Yogi Adityanath) । অৱশ্যে সেই হত্যাৰ বাবে মুখ্যমন্ত্ৰীক ক্ষমাও কৰি দিব বুলিও তেওঁ উল্লেখ কৰে । নিৰ্বাচন সম্পৰ্কত তেওঁ কয় যে আজি যিসকলক স্থান দিয়া হৈছে তেওঁলোকক কাইলৈ দিয়া নহ'ব ।

ৰাষ্ট্ৰীয় লোক দলৰ ৰাষ্ট্ৰীয় সভাপতি জয়ন্ত চৌধুৰীয়ে জনসাধাৰণক এছপি প্ৰাৰ্থী অসীম ৰাজাক ভোট দিবলৈ আহ্বান জনায় । লখিমপুৰৰ ঘটনা স্মৰণ কৰি তেওঁ কয় যে সেই ঘটনাৰ মুখ্য সাক্ষীসকলক নিৰাপত্তা প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছিল । কিন্তু জানিব পৰা মতে শেহতীয়াকৈ সাক্ষীসকলৰ নিৰাপত্তা আঁতৰোৱা হৈছে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন নকৰা তেনে এখন চৰকাৰে লাজ পোৱা উচিত বুলিও তেওঁ সমালোচনা কৰে । ৫ তাৰিখৰ পাছত যিসকল কৃষকৰ প্ৰতি অন্যায় কৰা হৈছে তেওঁলোকৰ বাবে যুঁজ দিয়া হ'ব বুলিও ঘোষণা কৰে চৌধুৰীয়ে । হাথৰাছ কাণ্ড সন্দৰ্ভত জয়ন্ত চৌধুৰীয়ে কয় যে, জিলা দণ্ডাধীশ আৰু মুখ্যমন্ত্ৰীয়ে যিবোৰ ঘোষণা কৰিছিল, পৰিয়ালটোৱে আজিও সেইবোৰ পোৱা নাই ।

জয়ন্ত চৌধুৰীয়ে যোগী আদিত্যনাথক সমালোচনা কৰি কয় যে, যোগী সদায় খঙত থাকে যাৰ বাবে তেওঁক মানুহে 'ছোটা মোগাম্বো' বুলি কয় । সেইসকল লোকক অলপ হাঁহিবলৈও আহ্বান জনালে চৌধুৰীয়ে কিয়নো মুখ্যমন্ত্ৰীয়ে ৰাজ্যখন চম্ভালিব পৰা নাই ।

লগতে পঢ়ক :Clash in Tripura between BJP and CPIM: চিপিআইএমলৈ কঠোৰ সকিয়নী মুখ্যমন্ত্ৰী মাণিক সাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.