ETV Bharat / state

Badaruddin Ajmal controversy : মৌলানা আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী মাজুলীৰ সংগঠনৰ

author img

By

Published : Dec 4, 2022, 11:49 AM IST

Badaruddin Ajmal controversy
মৌলানা আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী মাজুলীৰ সংগঠনৰ

হিন্দু সমাজক লৈ অশালীন মন্তব্য কৰি এতিয়া ৰাইজৰ ৰোষত পৰিছে AIUDF নেতা মৌলানা বদৰুদ্দিন আজমল (Badaruddin Ajmal controversial statements) ৷ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্য তথা দেশবাসীয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ এইবাৰ বদৰুদ্দিন সন্দৰ্ভত জাঙুৰ খাই উঠিছে মাজুলী জিলাৰ সংগঠনসমূহ (Majuli student unions react on Badaruddin Ajmal) ৷ আনকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শীঘ্ৰে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে মাজুলী জিলাৰ সংগঠনসমূহে ৷

মাজুলী, 4 ডিচেম্বৰ : চৰ্চাত AIUDF নেতা মৌলানা বদৰুদ্দিন আজমল ৷ হিন্দু সমাজক লৈ অশালীন মন্তব্য (Badaruddin Ajmal controversial statements) কৰি সংবাদ শীৰোনাম দখল কৰা মৌলানা আজমলৰ বিৰুদ্ধে সৰব হৈছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷ বিভিন্ন জনে এই সন্দৰ্ভত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়াও ৷ এইবাৰ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মাজুলী জিলাৰ সংগঠনসমূহে (Majuli student union reaction on Badaruddin Ajmal controversial statement) ৷

‘‘বদৰুদ্দিন আজমল সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে ৷ সেয়ে AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক চৰকাৰে ৷’’ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কটু সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মাজুলী জিলা আছুৰ সভাপতি অজিত হাজৰিকাই ৷

‘‘AIUDF নেতা মৌলানা বদৰুদ্দিন আজমলৰ দৰে এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ মুখত এনে মন্তব্য শোভা নাপায় ৷ বিবাহৰ নামত হিন্দু আৰু মুছলমাৰ নামত বদৰুদ্দিন আজমলে যি বিভেদ লগোৱাৰ চেষ্টা কৰিছে, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়’’ (Badaruddin Ajmal controversy) ৷ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এইবাৰ এই মন্তব্য কৰে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতা অলিন হাজৰিকাৰই ৷

লগতে পঢ়ক : Badaruddin Ajmal controversy : আজমলৰ বিৰুদ্ধে বৰপেটাত এজাহাৰ দাখিল AJP ৰ

লগতে আজমলৰ বিৰুদ্ধ আইনগত ব্যৱস্থা লোৱাৰো দাবী উত্থাপন কৰে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে ৷ ইয়াৰ উপৰিও দুনাই এনে মন্তব্য নকৰিবলৈ একপ্ৰকাৰে সকীয়নি প্ৰদান কৰে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতা অলিন হাজৰিকাৰই ৷

আনহাতে, AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলে (AIUDF Chief Badaruddin Ajmal controversy) অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) প্ৰমুখ্য কৰি হিন্দু সমাজখনক যি অশ্লীল বাক্যৰে উপলুঙাসূচক তথা সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই সমগ্ৰ জাতিটোকে অপমানিত কৰিছে তাক লৈ এতিয়া সকলো জাঙুৰ খাই উঠিছে ৷

শনিবাৰে বদৰুদ্দিন আজমলৰ এনে মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে টীয়কৰ কলিয়াপানী মণ্ডল বিজেপিৰ উপ-সভাপতি অভিজিত বৰুৱাই (BJP Leader Abhijit Baruah reaction) টীয়ক আৰক্ষী থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দাখিল কৰে এক এজাহাৰ (BJP Leader Abhijit Baruah FIR lodge at Teok) ৷

ইফালে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজেপিৰ বৰপেটা জিলা সমিতিয়েও বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে (AJP files FIR against Ajmal in Barpeta) ৷

লগতে পঢ়ক : Badruddin Ajmal Controversy: বদৰুদ্দিন আজমলক ধুৰন্ধৰ ব্যৱসায়িক ৰাজনীতিবিদ আখ্যা এজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.