Badaruddin Ajmal controversy: আজমলৰ বিৰুদ্ধে টীয়ক থানাত এজাহাৰ বিজেপিৰ

By

Published : Dec 3, 2022, 5:13 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলে (AIUDF Chief Badaruddin Ajmal controversy) অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) প্ৰমুখ্য কৰি হিন্দু সমাজখনক যি অশ্লীল বাক্যৰে উপলুঙাসূচক তথা সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই সমগ্ৰ জাতিটোকে অপমানিত কৰিছে তাক লৈ এতিয়া সকলো জাঙুৰ খাই উঠিছে ৷ শনিবাৰে বদৰুদ্দিন আজমলৰ এনে মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে টীয়কৰ কলিয়াপানী মণ্ডল বিজেপিৰ উপ-সভাপতি অভিজিত বৰুৱাই (BJP Leader Abhijit Baruah reaction) টীয়ক আৰক্ষী থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে (BJP Leader Abhijit Baruah FIR lodge at Teok) ৷ লগতে অনতিপলমে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে ভৱিষ্যতে এইদৰে সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই সমাজখনত বিষবাষ্প নিবিয়পাবলৈ সকিয়নি প্ৰদান কৰিছে বৰুৱাই ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.