দুয়োটা কিডনীয়েই বিকল হোৱা বসন্ত দাসৰ পৰিয়ালৰ হাহাকাৰ অৱস্থা - KIDNEY TREATMENT

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:13 PM IST

thumbnail

গোলাঘাট,২৬ এপ্ৰিল: গোলাঘাট জিলাৰ মেৰাপানীৰ এটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা । কেইদিনমানৰ আগলৈকে কাম বন কৰি পৰিয়াল পোহপাল দিয়া মেৰাপানীৰ ৩ নং লক্ষীপুৰৰ বসন্ত দাস নামৰ ব্যক্তিজনৰ প্ৰায় এবছৰৰ পূৰ্বেই দুয়োটা কিডনীয়েই বিকল হৈ পৰাত অসহায় হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো । ব্যক্তিজনৰ চিকিৎসাৰ নামত পত্নী তথা আত্মীয় স্বজনে ঘৰৰ গৰু-ছাগলী, মাটি-বাৰী সকলো বেছি সৰ্বস্বান্ত হোৱাৰ পিচত বৰ্তমান চিকিৎসা কৰিবলৈ অসহায় হৈ পৰিছে ।  

স্থানীয় দৈয়াং জিলা পৰিষদৰ প্ৰাক্তন প্ৰতিনিধিৰ লগতে বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগকো চৰকাৰী সহায়ৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালে বহু বাৰ লগ ধৰিলে যদিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰিলে এই পৰিয়ালটোৱে । এইক্ষেত্ৰত কোনো সুহৃদ ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ব্যক্তিজনক আৰ্থিকভাৱে সহায় কৰিলে নিশ্চয়কৈ কিছু হ'লেও উপকৃত হ'ব । বসন্ত দাসক আৰ্থিক সহায়ৰ বাবে 6000413610 G pay নম্বৰত অথবা, 7221010041982 বেংক একাউণ্টত আৰ্থিক অনুদান আগবঢ়াব পাৰিব । 

লগতে পঢ়ক: পৰিয়ালৰ আটাইকেইজন লোকেই জটিল ৰোগত আক্ৰান্ত, সহায়ৰ আহ্বান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.