অসমৰ আটাইকেইখন লোকসভা আসনত বিজেপি মিত্ৰজোঁটৰ জয় হ'ব: পাটোৱাৰী - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:05 PM IST

thumbnail

নলবাৰী, ২৬ এপ্ৰিল: শুকুৰবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । অহা ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । যাৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীৰ লগতে দলীয় নেতা-কৰ্মীসকল । শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলাৰ টিহুত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী । 

নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বনগাঁৱত প্ৰাৰ্থীগৰাকীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় । সহাস্ৰাধিক পুৰুষ মহিলাৰ উপস্থিতিত বনগাঁৱৰ কাৰ্যালয়টো মুকলি কৰি নিৰ্বাচনৰ বাবে ৰাইজক সাজু হ'বলৈ আহ্বান জনাই প্ৰাৰ্থীগৰাকীয়ে । 

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চৰকাৰী আঁচনিসমূহৰ দ্বাৰা মহিলাসকল উপকৃত হোৱাৰ লগতে নিৰ্বাচনৰ পিচত আৰু বহুলোক আঁচনিত অন্তৰ্ভুক্ত হ'ব বুলি ভাষণত সদৰী কৰে । আনহাতে অসমত আটাইকেইখন আসনেই পাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী পাটোৱাৰীয়ে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা ১০ টা সমষ্টিৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিতেই মিত্ৰজোঁট জয়ী হ'ব বুলি আশাবাদী মন্ত্ৰীগৰাকী । ইপিনে ভোটদানৰ হাৰ কম হোৱাক লৈ সাংবাদিকৰ প্ৰশ্নত কোনো ধৰণৰ মন্তব্য নকৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

লগতে পঢ়ক: শিলসাঁকোৰ ভূমি গতোৱা হ‘ব নেকি অমিত শ্বাহৰ পুতেকক-শুনক লুৰীণজ্যোতিৰ মুখেৰে - Lok sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.