ETV Bharat / politics

শিলসাঁকোৰ ভূমি গতোৱা হ‘ব নেকি অমিত শ্বাহৰ পুতেকক-শুনক লুৰীণজ্যোতিৰ মুখেৰে - Lok sabha Election 2024

Guwahati lok sabha constituency:চন্দ্ৰপুৰত গুৱাহাটী লোকসভা সমষ্টিৰ সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰচাৰ সভাত অংশগ্ৰহণ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা গগৈৰ ।

guwahati lok sabha constituency candidate MIRA BORTHAKUR GOSWAMIs Election campaign in Chandrapur
প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : April 26, 2024 at 12:08 PM IST

|

Updated : April 26, 2024 at 12:51 PM IST

2 Min Read
Choose ETV Bharat
প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ

গুৱাহাটী, 26 এপ্ৰিল: অহা 7 মে’ত ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে শাসক-বিৰোধীয়ে । তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব গুৱাহাটী লোকসভা সমষ্টিটো ৷ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা দলীয় কৰ্ম-কৰ্তাসকলৰ মাজত নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও বৃহস্পতিবাৰৰ বিয়লি চন্দ্ৰপুৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ।

চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "দেশত এতিয়া যি ফেচিবাদ চলিছে তাৰ বিৰুদ্ধে জনগণ সজাগ আৰু সচেতন হৈছে । গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে এতিয়া ওলাই আহিছে জনতা ।"

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰি গগৈয়ে পুনৰ কয়, "মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পুতেকৰ 18 বছৰ নৌহওঁতেই 17 টাকৈ কোম্পানীৰ মালিক হ’ব পৰিছে । অসমীয়া ঠিকাদাৰ তথা ক্ষুদ্ৰ ব্যৱসায়ীসকল এতিয়া ভয়ানক সংকটত পৰিছে । শৰ্মা উপাধিৰ ঠিকাদাৰৰ পইচা মোকোলাই দি অন্য অসমীয়া ঠিকাদাৰৰ পইচাসমূহ বছৰ বছৰ ধৰি মোকলাই নিদি অসমীয়া ঠিকাদাৰসমূহক ধ্বংসৰ মুখলৈ ঠেলি পঠিয়াইছে । মুখ্যমন্ত্ৰীয়ে বিকশিত অসমৰ কথা কয় কিন্তু বিগত চাৰে সাত বছৰে বিজেপি চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে ৷ কিন্তু শিলসাঁকোত সাধাৰণ লোকক উচ্ছেদ কৰি অমিত শ্বাহৰ পুতেকক শিলসাঁকোৰ ভূমি গতাব বিচাৰিছে ।"

প্ৰচাৰ সভাখনত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুচেইনৰ লগতে চিপিআই এম (এল) ৰ পংকজ দাস আৰু বহু দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: গুৱাহাটী সমষ্টি : অষ্টম উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীলৈ আঠগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা - Lok Sabha Election 2024

Last Updated : April 26, 2024 at 12:51 PM IST