ETV Bharat / politics

গুৱাহাটী সমষ্টি : অষ্টম উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীলৈ আঠগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা - Lok Sabha Election 2024

Guwahati LS constituency: গুৱাহাটী লোকসভা সমষ্টিৰ আঠগৰ‍াকী প্ৰাৰ্থীৰ কাৰ কিমান শিক্ষাগত অৰ্হতা ? কাৰ কিমান আছে ধনবল ? কোনগৰাকী প্ৰাৰ্থী কোটিপতি আৰু কোনগৰাকী প্ৰাৰ্থী দৰিদ্ৰ ? কাৰ বিৰুদ্ধে আছে গোচৰ ? গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীকেন্দ্ৰিক বিশেষ প্ৰতিবেদন ।

Lok Sabha Election 2024
Guwahati LS constituency
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 6:44 PM IST

গুৱাহাটী, ২৫ এপ্ৰিল: অসমৰ ১৪ টা লোকসভা সমষ্টিৰ প্ৰতিটোৰে গুৰুত্ব সমান যদিও গুৱাহাটী সমষ্টিটোক লৈ সকলোৰে বিশেষভাৱে দৃষ্টি নিৱদ্ধ হৈ থাকে। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীকে ধৰি বিভিন্ন ক্ষেত্রত ৰাইজৰ জনাৰ ইচ্ছা থাকে নাইবা সকলোৱে ইয়াক নজৰত ৰাখে । সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ আঠগৰাকী প্ৰাৰ্থী ।

তৃতীয় পৰ্যায়ত অৰ্থাৎ ৭ মে'ত গুৱাহাটীকে ধৰি কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে পাঁচটা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । ২৬ এপ্ৰিলত পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । উল্লেখ্য যে দীৰ্ঘসময় ধৰি মহিলাৰ দখলত থকা গুৱাহাটী লোকসভা সমষ্টিটো এইবাৰো মহিলাৰ দখললৈ যাব বুলি নিশ্চিত ধাৰণা কৰা হৈছে । কাৰণ সমষ্টিটোত দুগৰাকী মহিলাৰ মাজতে মূল যুঁজখন হ'ব । তেনেস্থলত গুৱাহাটী সমষ্টিটোক এইবাৰো মহিলাই প্ৰতিনিধিত্ব কৰাটো প্ৰায় নিশ্চিত ।

গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী সকল হৈছে বিজেপিৰ বিজুলী কলিতা মেধি, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টীৰ চেজন গয়াৰী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়ো, নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ ।

কোন কিমান সম্পত্তিশালী:

  • গুৱাহাটী সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী প্ৰাৰ্থী কোটিপতি । সম্পত্তিৰ ক্ষেত্রত শীৰ্ষত আছে একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা । তেওঁৰ স্থাৱৰ সম্পত্তি নাই যদিও অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৩,৮৮,৮২,০৫০ টকা । আনহাতে তেওঁৰ হাতত নগদ ধন আছে ৮৭ হাজাৰ টকা ।
  • আনগৰাকী কোটিপতি হৈছে নিৰ্দলীয় প্ৰাৰ্থী কৰ্ণেল গোকুল চন্দ্ৰ সিংহ । তেওঁ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৩,১৫,১৯০ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১.৫ কোটি টকা । তেওঁৰ নগদ ধন আছে ৭৫ হাজাৰ টকা ।
  • কোটিপতি আনগৰাকী হৈছে নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩৯,৯৬১ টকা হোৱাৰ বিপৰীতে স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১.৫ কোটি টকা । তেওঁৰ নগদ ধন আছে ৩০ হাজাৰ টকা ।
  • ইফালে গুৱাহাটী সমষ্টিৰ দুই মূল প্ৰতিদ্বন্দ্বী বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী লাখপতি যদিও তেওঁলোকৰ স্বামী কোটিপতি ।
  • বিজুলী কলিতা মেধিৰ স্থাৱৰ সম্পত্তি নাই যদিও অস্থাৱৰ সম্পত্তিৰ মূল্য ১৮,২২,২৩৩ টকা । তেওঁৰ নগদ ধন আছে ২.৫০ লাখ টকা । আনহাতে তেওঁৰ স্বামীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২,৮৮,৩০২ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১.৩ কোটি টকা ।
  • মীৰা বৰঠাকুৰ গোস্বামীৰ স্থাৱৰ সম্পত্তি নাই যদিও অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬,৬৪,৪০৪ টকা । তেওঁৰ নগদ ধন আছে ৬,৫১,৭৮২ টকা । আনহাতে তেওঁৰ স্বামীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০,৮০,০৭৭ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২.১০ কোটি টকা ।
  • ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সামাদ চৌধুৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৯,৩৯,৬০০ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫ লাখ টকা । তেওঁৰ নগদ ধন আছে ৫০ হাজাৰ টকা । আনহাতে তেওঁৰ ধাৰ আছে ৬,০৬,০০০ টকা । অৱশ্যে তেওঁৰ পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩০ লাখ টকা ।
  • ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল দলৰ প্ৰাৰ্থী দীপক কুমাৰ বড়োৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫০ হাজাৰ টকা । তেওঁৰ নাই কোনো স্থাৱৰ সম্পত্তি । নগদ ধন আছে ৫০ হাজাৰ টকা ।
  • বহুজন মহাপাৰ্টিৰ চেজন গয়াৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫০ হাজাৰ টকা । তেওঁৰ নাই স্থাৱৰ সম্পত্তি । নগদ ধন আছে ৫০ হাজাৰ টকা ।
  • কোটিপতি আৰু লাখপতি প্ৰাৰ্থীৰ মাজত আছে দুই হাজাৰপতি প্ৰাৰ্থী ।

আঠগৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা :

  • গুৱাহাটী লোকসভা সমষ্টিত অষ্টম উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে ।
  • বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ ডিগ্ৰী । তেওঁ ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ।
  • কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেওঁ ১৯৯৪ চনত নগাঁও কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।
  • একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মাৰ শিক্ষাগত অৰ্হতা বি টেক, এল এল বি । তেওঁ ২০১৬ চনত দিছপুৰ আইন মহাবিদ্যালয়ৰ পৰা এল এল বি কৰে । তদুপৰি তেওঁ ২০১২ চনত বি টেক ডিগ্ৰী গ্ৰহণ কৰে ।
  • নিৰ্দলীয় প্ৰাৰ্থী কৰ্ণেল গোকুল চন্দ্ৰ সিংহই ১৯৮৯ চনত নাচিকৰ school of artillery ৰ পৰ‍া LGSO গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ ১৯৭৯ চনত জে এন ইউৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।
  • নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেওঁ ১৯৮০ চনত গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।
  • বহুজন মহাপাৰ্টিৰ চেজন গয়াৰীৰ শিক্ষাগত অৰ্হতা নৱম শ্ৰেণী উত্তীৰ্ণ ।
  • ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়োৰ শিক্ষাগত অৰ্হতা নৱম শ্ৰেণী উত্তীৰ্ণ ।
  • ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰীৰ শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ ।
  • গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা আঠগৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গোচৰ । তেওঁ হৈছে একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা । তেওঁৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ আৰু বশিষ্ঠ থানাৰ উপৰিও হোজাইৰ কাকী থানাত গোচৰ আছে ।

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৫ টা সমষ্টিৰ জনগাঁথনিগত বিশ্লেষণ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.