ETV Bharat / state

Badruddin Ajmal Controversy: বদৰুদ্দিন আজমলক ধুৰন্ধৰ ব্যৱসায়িক ৰাজনীতিবিদ আখ্যা এজেপিৰ

author img

By

Published : Dec 4, 2022, 10:06 AM IST

Etv BharatBadruddin Ajmal Controversy
মৌলানা আজমল প্ৰকৃততে এজন ধুৰন্ধৰ ব্যৱসায়ীক ৰাজনীতিবিদ : AJP

বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা AIUDF ৰ নেতা মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্য তথা দেশৰ জনগণ (Badaruddin Ajmal controversial statements) ৷ আনকি বিভিন্ন জনে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়াও ৷ এই সন্দৰ্ভত এইবাৰ মৌলানা আজমলক কটু সমালোচনা কৰে নগাঁও জিলাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বণিয়াই ৷

নগাঁও, 4 ডিচেম্বৰ : ‘‘মৌলানা বদৰুদ্দিন আজমল প্ৰকৃততে এজন ধুৰন্ধৰ ব্যৱসায়িক ৰাজনীতিবিদ ৷ তেখেতে যেতিয়া ভাবে নিজৰ ডেউকা পাৰ কৰিব লাগে বা সময় আহি পৰিছে, তেতিয়াই কিছু বিতৰ্কিত মন্তব্য কৰে ৷ যি মন্তব্যই অসমৰ লগতে সমগ্ৰ ভাৰততে তোলপাৰ লগাব পাৰে ৷’’ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে নগাঁও জিলাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বণিয়াই ৷

উল্লেখ্য যে, দুদিন পূৰ্বে AIUDF দলৰ সভাপতি তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে হিন্দু সমাজকলৈ কিছু বিতৰ্কিত মন্তব্য কৰিছিল (Ajmal on Hindu) ৷ যি মন্তব্যই পাচতে সমগ্ৰ দেশতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আনকি হিন্দুৰ সমাজ ব্যৱস্থা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা AIUDF ৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো (Sarbananda Sonowal Reacts on Ajmal) ৷

বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা AIUDF নেতা বদৰুদ্দিন আজমলক এইবাৰ উভতি ধৰিলে নগাঁও জিলাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বণিয়াই (Nagaon AJP reaction on Badaruddin Ajmal controversial statement) ৷ শনিবাৰে উৎপল বণিয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজমলক যদি অসম চৰকাৰে গ্ৰেপ্তাৰ নকৰে, তেন্তে আজমলৰ সৈতে চৰকাৰ আজমলৰ সু সম্পৰ্ক থকাটো প্ৰমাণিত হ’ব’’ ৷

মৌলানা আজমল প্ৰকৃততে এজন ধুৰন্ধৰ ব্যৱসায়ীক ৰাজনীতিবিদ : AJP

লগতে পঢ়ক : Badruddin Ajmal Controversy : আজমলক তৎকালে গ্ৰেপ্তাৰৰ দাবী অসম জাতীয় পৰিষদৰ

লগতে তেওঁ কয়, ‘‘এয়া আজমলৰ পূৰ্ব পৰিকল্পিত নাটকহে ৷ য’ত তেওঁ অভিনয় কৰিছে’’ ৷ আনকি দ্বিতীয়বাৰলৈ যদি মৌলানা আজমলে এনে বিতৰ্কিত মন্তব্য কৰে, তেন্তে আজমলক বাংলাদেশলৈ পঠিয়াই দিয়াৰো হুংকাৰ প্ৰদান কৰে অসম অসম জাতীয় পৰিষদৰ নেতা উৎপল বণিয়াই (AJP reaction on Badruddin Ajmal Controversy) ।

আনহাতে, মৌলানা আজমলৰ বিতৰ্কিত মন্তব্যই দেশ তোলপাৰ লগোৱাৰ পাচতে ৰাজ্য তথা দেশবাসীক ক্ষমা খুজিছিল সাংসদগৰাকীয়ে ৷ দেশ তথা ৰাজ্যবাসীক ক্ষমা খোজাৰ পাচতো কিন্তু কোনো অনুশোচনা হোৱাহে পৰিলক্ষিত হোৱা নাই ৷ কিয়নো মৌলানা আজমলে প্ৰথমতে কয়, ‘‘মোৰ দৰে এজন জ্যেষ্ঠ লোকৰ মুখেৰে এনে কথা ওলোৱাৰ বাবে মই লজ্জিত ৷ সকলোৰে ওচৰত মই ক্ষমাপ্ৰাৰ্থী’’ ৷

কিন্তু পিছ মূহুৰ্ততে ‘‘গোচৰ ৰুজু কৰিলে পলিটিচিয়ানৰ গ্ৰাফ ওপৰলৈ যায় ৷ যিমান গোচৰ ৰুজু কৰে কৰক’’ বুলিহে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলৰ (MP Badruddin Ajmal) ৷ ইমানৰ পাচতো ৰাজ্য চৰকাৰ তথা প্ৰশাসনে অনাগত সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Badruddin Ajmal Apology : ক্ষমা বিচাৰিলেও টিঙৰ পৰা নানামিল বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.