Ajmal Controversy: বদৰুদ্দিন আজমলে মৌলানাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে: চক্ৰধৰ গগৈ

By

Published : Dec 3, 2022, 8:55 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

হিন্দু সমাজ সম্পৰ্কে AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্যক লৈ দেশজুৰি অব্যাহত প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ(Ajmal on Hindu) ৷ তাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে(Badruddin Ajmal controversial statement) ৷ বিধায়ক চক্ৰধৰ গগৈৰ মন্তব্য-‘আজমলৰ নামৰ আগত মৌলানা শব্দটো থকাৰ বাবে তেওঁক শ্ৰদ্ধা কৰিছিলোঁ ৷ কিন্তু এগৰাকী মৌলানাৰ মুখৰ পৰা যি কথা ওলাইছে তাৰ জড়িয়তে বদৰুদ্দিন আজমলে মৌলানাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷' সমান্তৰালভাৱে এগৰাকী সাংসদৰ মুখত কেতিয়াও এনে ধৰণৰ অশ্লীল কথা শোভা নাপায় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ আজমলৰ দৰে মৌলানাৰ পৰা ইয়াতকৈ বেলেগ আশা কৰিব নোৱাৰি বুলিও মন্তব্য কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ উল্লেখ্য যে, সাংসদ বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিন্দু ধৰ্মাৱলম্বী লোকে ৪০ বছৰ বয়সলৈকে ১ৰ পৰা ৩ গৰাকী অবৈধ মহিলাৰ লগত সম্পৰ্ক ৰক্ষা কৰে, ৪০ বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে বুলি অতি বিতৰ্কিত মন্তব্য কৰিছিল ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.