ETV Bharat / state

Badaruddin Ajmal controversy: আজমলক জেললৈ প্ৰেৰণ কৰাৰ দাবী ৰূপক শৰ্মাৰ

author img

By

Published : Dec 3, 2022, 8:08 PM IST

হিন্দু সমাজক লৈ বিতৰ্কিত মন্তব্য বদৰুদ্দিন আজমলৰ (Ajmal controversy)। বিধায়ক ৰূপক শৰ্মাই উভতি ধৰিলে আজমলক । বিতৰ্কিত নেতাগৰাকীক জেললৈ প্ৰেৰণ কৰাৰ দাবী ৰূপক শৰ্মাৰ ।

Nagaon
আজমলক জেললৈ প্ৰেৰণ কৰাৰ দাবী ৰূপক শৰ্মাৰ

নগাঁও,৩ ডিচেম্বৰ : এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্যৰ পাছতে জ্বলিছে অসম (Badaruddin Ajmal controversy)। সাম্প্ৰদায়িক মন্তব্যৰে পুনৰ চৰ্চাত থাকিবলৈ বিচৰা বদৰুদ্দিনক বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে । আজমলৰ মন্তব্যক লৈ ৰাজনীতিৰ ক্ষেত্ৰখনতো তীব্ৰ বিতৰ্ক হৈছে ।

আজমলক জেললৈ প্ৰেৰণ কৰাৰ দাবী ৰূপক শৰ্মাৰ

সাংসদ বদৰুদ্দিন আজমলৰ হিন্দু সমাজকলৈ কৰা এনে তৰল আৰু অসাংবিধানিক মন্তব্যই এতিয়া গোটেই ৰাজ্যতে একপ্ৰকাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ (Badaruddin Ajmal controversial statement)। বিজেপি দলৰ বহু কেইগৰাকী নেতাই ইতিমধ্যে বদৰুদ্দিন আজমলক সমালচনা কৰিছে । বিভিন্ন দল-সংগঠনেও আজমলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ।

এইবাৰ নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই তীব্ৰ সমালোচনা কৰিলে বদৰুদ্দিন আজমলক (Rupak Sarma slams Ajmal)। অশালীন মন্তব্যৰ জৰিয়তে হিন্দু-মুছলমান উভয় সমাজকে লজ্জানত কৰা বুলি বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে বিধায়ক ৰূপক শৰ্মাই । বদৰুদ্দিন আজমলে এনে বিতৰ্কিত মন্তব্য কৰিবলৈ সাহস ক'ত পালে বুলিও প্ৰশ্ন কৰে ৰূপক শৰ্মাই । আনহাতে আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ দাবীও জনাই বিধায়ক ৰূপক শৰ্মাই । ৰাজনীতিত এনে মন্তব্য শোভা নাপায় বুলি আজমলক সকীয়াই দিয়ে ৰূপক শৰ্মাই ।

উল্লেখ্য যে বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত কৈছিল যে হিন্দু ধৰ্মাৱলম্বী লোকে ৪০ বছৰ বয়সলৈকে ১ৰ পৰা ৩ গৰাকী অবৈধ মহিলাৰ লগত সম্পৰ্ক ৰক্ষা কৰে ৷ ৪০ বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে ৷ কিন্তু মুছলমানৰ ছোৱালীয়ে ১৮ বছৰ আৰু ল’ৰাই ২২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷ এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিলে বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও আজমলে লাভ জেহাদকে ধৰি বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰে ।

লগতে পঢ়ক :Badaruddin Ajmal controversy : "আজমলৰ মানসিক বিকৃতি ঘটিছে..!"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.