ETV Bharat / state

Badruddin Ajmal Controversy : আজমলক তৎকালে গ্ৰেপ্তাৰৰ দাবী অসম জাতীয় পৰিষদৰ

author img

By

Published : Dec 3, 2022, 8:54 PM IST

Badruddin Ajmal Controversy
আজমলক তৎকালে গ্ৰেপ্তাৰৰ দাবী অসম জাতীয় পৰিষদৰ

সংবাদমেলত সাংসদ বদৰুদ্দিন আজমলৰ(MP Badruddin Ajmal) বিৰুদ্ধে সৰৱ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ (AJP president Luinjyoti Gogoi)। ৰাজ্যৰ আটাইকেইখন জিলাত আজমলৰ বিৰুদ্ধে গোচৰ দাখিল কৰিব এজেপিয়ে । শনিবাৰে দিলে ১০ খনকৈ এজাহাৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বদৰুদ্দিন আজমলক অবিলম্বে গ্ৰেপ্তাৰ কৰি আদালৰ মৰ্যাদা অক্ষুন্ন ৰখাৰ দাবী ।

গুৱাহাটী, 3 ডিচেম্বৰ : চৰম সাম্প্ৰদায়িক বক্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা সাংসদ বদৰুদ্দিন আজমলক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে(AJP president Luinjyoti Gogoi) শনিবাৰে গুৱাহাটীৰ নিজা বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি আজমলক পুনৰ ‘অসমীয়া জাতিৰ শত্ৰু’ আখ্যা দি কয় যে এনে ব্যক্তিৰ স্থান কাৰাগাৰতেই হ’ব লাগে । কাৰাগাৰৰ বাহিৰত থাকিলে এনে ব্যক্তিয়ে সমাজত অধিক জুই জ্বলাই থাকিব ।

আজমলক তৎকালে গ্ৰেপ্তাৰৰ দাবী অসম জাতীয় পৰিষদৰ

তেওঁ লগতে কয় যে আজমলৰ শুকুৰবাৰৰ বক্তব্য এটা ‘হেট স্পীচ্চ’ আছিল আৰু ‘হেট স্পীচ্চ’ দিয়া ব্যক্তিক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে এটা নিৰ্দেশনা দি থৈছে (Supreme court on hate speech)। ২২ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোছেফ আৰু ঋষিকেশ ৰয়ৰ বিচাৰপীঠে ‘হেট স্পীচ্চ’ দিয়া ব্যক্তিক গোচৰ তৰালৈকে অপেক্ষা নকৰি পোনচাটেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি এটা নিৰ্দেশনা দি থৈছে । যদি আৰক্ষীয়ে তেনে ব্যক্তিক তৎকালে গ্ৰেপ্তাৰ নকৰে তেনেহ’লে আৰক্ষীৰ বিৰুদ্ধে সেয়া আদালত অৱমাননা হিচাপে বিবেচিত হ’ব ।

উচ্চতম ন্যায়ালয়ৰ উল্লিখিত নিৰ্দেশনাৰ প্ৰসংগ উল্লেখ কৰি আজমলক তৎকালে গ্ৰেপ্তাৰৰ দাবী জনাই গগৈয়ে লগতে কয় যে অসম জাতীয় পৰিষদৰ বিভিন্ন জিলা সমিতি আৰু ভাতৃ সংগঠনে ৰাজ্যৰ বিভিন্ন ঠাইত আজমলৰ বিৰুদ্ধে এতিয়ালৈকে কমেও দহখন এজাহাৰ দাখিল কৰিছে (FIR against Badruddin Ajmal) । কাইলৈৰ ভিতৰত দলটোৱে ৰাজ্যৰ আটাইকেইখন জিলাত আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব । গতিকে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বদৰুদ্দিন আজমলক অবিলম্বে গ্ৰেপ্তাৰ কৰি আদালৰ মৰ্যাদা অক্ষুন্ন ৰাখক ।

আনহাতে বদৰুদ্দিন আজমলে মূলতঃ গুজৰাটৰ নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ বিজেপিৰ হাতত এপাত অস্ত্ৰ তুলি দিবলৈ বিজেপিৰ শ্ৰুতলিপি অনুসৰিয়ে বক্তব্যটো প্ৰদান কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিগত বিধানসভা নিৰ্বাচনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আজমলে বিদেশৰ সন্ত্ৰাসবাদীৰ ধন লয় বুলি উল্লেখ কৰি নিৰ্বাচনৰ পিছত আজমলক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কেইবাখনো ৰাজহুৱা সভাত প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰ গঠনৰ পিছত সেই প্ৰতিশ্ৰুতি পাহৰি গ’ল ৷ ইয়াৰ পৰাই আজমলৰ সৈতে বিজেপিৰ ভিতৰুৱা বুজাবুজি থকাৰ কথাটো স্পষ্ট হয় বুলি গগৈয়ে উল্লেখ কৰে । উল্লেখ্য যে শনিবাৰে এজেপিয়ে হাতীগাঁও থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক : Badaruddin Ajmal Comments : আজমলক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.