Badaruddin Ajmal Comments : আজমলক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

By

Published : Dec 3, 2022, 4:52 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

হিন্দু যুৱকৰ বিয়া সন্দৰ্ভত দিয়া বদৰুদ্দিন আজমলৰ মন্তব্য কেৱল ৰাজ্যতে সীমাবদ্ধ হৈ থকা নাই (Badaruddin Ajmal communal comments) । এই বিতৰ্কিত মন্তব্যই জোকাৰি গৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক ক্ষেত্ৰও । এইবাৰ বদৰুদ্দিন আজমলৰ তীব্ৰ প্ৰৰোচনামূলক মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিহাৰৰ শক্তিশালী বিজেপি নেতা গিৰিৰাজ সিঙে (Union Minister Giriraj Singh) । গিৰিৰাজ সিঙে শনিবাৰে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক এজন হিন্দু ব্যক্তিয়ে অবৈধ সম্পৰ্ক গঢ়ি তুলিবলৈ পলমকৈ বিবাহ কৰায় বুলি দিয়া বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰ দিছে (AIUDF Chief Badruddin Ajmal) । তেওঁ কয়, "যদি মুছলমানসকল বিভাজনৰ পিছত পাকিস্তানলৈ গ'লহেঁতেন আৰু কেৱল হিন্দুসকলৰ হাতত ভাৰতবৰ্ষ এৰি দিয়া হ'লহেঁতেন, তেন্তে আমি আজি আমি গালি শুনিবলগা নহ'লহেঁতেন ।" বেগুচৰাইৰ সাংসদগৰাকীয়ে কয় যে যেতিয়া চীনত এক সন্তান নীতি প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া এই লোকসকলৰ মুখ কিয় বন্ধ হৈ আছিল । এই লোকসকলেই আকৌ ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বিৰোধিতা কৰে (Giriraj Singh Attack On Badruddin Ajmal) ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.