Suspected murder case: শুই থকা স্বামীৰ কাষতে উদ্ধাৰ চিপ লোৱা অৱস্থাত পত্নীক; হত্যাৰ সন্দেহ

author img

By

Published : Dec 4, 2022, 10:53 AM IST

Suspected murder case

ধুবুৰীৰ বগুলামাৰী গাঁৱত ৰহস্যজনক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Mysterious incident in Dhubri)। চিপ লোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ । একেটা কোঠাতে নিশা শুই আছিল স্বামীও । স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ।

ধুবুৰী,৪ ডিচেম্বৰ : ধুবুৰী জিলাৰ বগুলামাৰী গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ (Dhubri suicide case)। মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত স্বামী আমিৰ আলী মণ্ডলক (Husband detained on suspicion of killing wife)।

অভিযোগ অনুসৰি আমিৰে বিয়াৰ পাছৰে পৰাই পত্নীৰ ওপৰত চলাই আহিছিল অকথ্য নিৰ্যাতন । কিন্তু নিৰ্যাতন সহ্য কৰিও মহিলাগৰাকীয়ে স্বামী আৰু একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে আছিল । কিন্তু তাৰ পাছতো মহিলাগৰাকীৰ ওপৰত স্বামীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন অব্যাহত আছিল । নিশা আহাৰ গ্ৰহণ কৰাৰ পাছত একেটা কোঠাতে পৰিয়ালটো আছিল ।

অভিযুক্ত স্বামীৰ মতে নিশা পুত্ৰৰ চিঞৰ শুনি তেওঁ টোপনিৰ পৰা সাৰ পাইছিল আৰু পত্নীক চিপ লোৱা অৱস্থাত দেখিছিল । পত্নীক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হৈছিল । আনহাতে সমগ্ৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে (Mysterious incident in Dhubri)। মহিলাগৰাকীৰ পিতৃৰ পৰিয়াল আৰু স্থানীয় লোকে অভিযোগ কৰা মতে একেটা কোঠাতে থকাৰ পাছতো কেনেদৰে স্বামীৰ সন্মুখতে চিপ ল'লে পত্নীয়ে ।

শুই থকা স্বামীৰ কাষতে উদ্ধাৰ চিপ লোৱা অৱস্থাত পত্নীক

এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোক আৰু স্থানীয় লোকসকলে । অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ উপৰিও তাৰ ব্যৱসায় কৰি আহিছে আমিৰ আলী মণ্ডলে । এই কাৰ্যত বাধাত দিয়াৰ বাবেই মাজে সময়ে দম্পতীটোৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ । আনকি কেইদিনমান পূৰ্বে ড্ৰাগছ সৰবৰাহৰ এক গোচৰত আমিৰ আলী মণ্ডল ৰঙাঘৰৰ আলহীও হৈছিল ।

যাৰ বাবে পত্নীক মাৰপিট কৰি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰিছে মহিলাগৰাকীৰ পিতৃ পৰিয়ালে । ইফালে পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ধুবুৰীৰ এ এম কো ৰোড আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ স্বামী আমিৰ আলী মণ্ডলক আটক কৰিছে । সমান্তৰালকৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :Child abduction attempt: মাতৃৰ কোলাৰ পৰাই শিশু অপহৰণৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.