ETV Bharat / state

Satra Lands Commission : ৰাজ্যৰ ৩০৩ খন সত্ৰৰ মুঠ ৭৫০৪ বিঘা ভূমি বেদখলকাৰীৰ কৱলত

author img

By

Published : Dec 4, 2022, 12:22 PM IST

সত্ৰ আয়োগৰ (Satra Lands Commission) অন্তৱৰ্তীকালীন প্ৰতিবেদনৰ তথ্যত সত্ৰৰ মাটি বেদখলৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । ৰাজ্যৰ ৩০৩ খন সত্ৰৰ মুঠ ৭৫০৪ বিঘা ভূমি সম্প্ৰতি আছে বেদখলকাৰীৰ কৱলত থকাৰ কথা উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই (Encroachment of Satra lands) ।

Report on Satra land encroachmen
ৰাজ্যৰ ৩০৩ খন সত্ৰৰ মুঠ ৭৫০৪ বিঘা ভূমি বেদখলকাৰীৰ কৱলত

নগাঁও,৪ ডিচেম্বৰ: অসমৰ সত্ৰৰ ভূমি বেদখল (Satra Lands Commission) সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা সত্ৰ আয়োগৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনৰ তথ্যত সত্ৰৰ মাটি বেদখলৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । ৰাজ্য চৰকাৰে গঠন কৰা অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে অন্তৱৰ্তীকালীন প্ৰতিবেদন শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হৈছিল (Report on Satra land encroachment) ।

ইয়াৰ পাছতে শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা সত্ৰ জৰীপ কমিটিৰ সদস্য ৰূপক শৰ্মাই সকলো তথ্য় দাঙি ধৰে । বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, ৰাজ্যৰ ৩০৩ খন সত্ৰৰ মুঠ ৭৫০৪ বিঘা ভূমি সম্প্ৰতি আছে বেদখলকাৰীৰ কৱলত । কোবাইকটা, বটদ্ৰৱা, ৰামপুৰ, পাটকবৰী সত্ৰৰ ভূমিও বেদখলকাৰীৰ কৱলত বুলি উল্লেখ কৰে বিধায়ক শৰ্মাই ।

ৰাজ্যৰ ৩০৩ খন সত্ৰৰ মুঠ ৭৫০৪ বিঘা ভূমি বেদখলকাৰীৰ কৱলত

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰে এক সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, যোৱা বছৰ ২৪ নৱেম্বৰত এই আয়োগ গঠন কৰা হৈছিল । বিধায়ক প্ৰদীপ হাজৰিকা এই আয়োগৰ অধ্যক্ষ আৰু বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগ গঠন কৰা হৈছিল ।

এই আয়োগে যোৱা ডিচেম্বৰৰ পৰা ১২ জিলাৰ ৬২ খন সত্ৰ পৰিভ্ৰমণ কৰে । এই ভ্ৰমণৰ ভিত্তিত এই অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে (Interim report on Satra land encroachment)। প্ৰতিবেদনত উল্লেখ কৰা মতে ১২ জিলাৰ ৬২ খন সত্ৰৰ ৭৫০৪ বিঘা ৪ কঠা মাটি বেদখলৰ কবলত আছে ।

এই বেদখলকাৰীৰ অধিকাংশ পূৰ্ববংগীয় মূলৰ লোক । এই ১২ খন জিলাৰ ভিতৰত আছে বৰপেটা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কামৰূপ, মৰিগাঁও, নগাঁও, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু কৰিমগঞ্জ জিলা । ইয়াৰে বৰপেটা জিলাত থকা সত্ৰত সৰ্বাধিক বেদখল হৈছে । বৰপেটা জিলাত থকা বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু পাটবাউসী সত্ৰকে ধৰি ৭ খন সত্ৰৰ ৫৫৪৫ বিঘা মাটি বেদখল হৈছে (Encroached Satra Land) ।

আনহাতে লখিমপুৰ, নগাঁও, বঙাইগাঁও, ধুবুৰী জিলাত থকা সত্ৰতো ব্যাপক বেদখল হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এয়া অন্তৱৰ্তীকালীন প্ৰতিবেদন । চূড়ান্ত প্ৰতিবেদন লাভ কৰা সকলো তথ্য পৰীক্ষা কৰাৰ পাছত চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিব ।

চূড়ান্ত প্ৰতিবেদন পোৱাৰ পাছত সকলো ব্যৱস্থা কৰা হ'ব । সত্ৰৰ মাটি বেদখল মুক্ত কৰা হ’ব । এয়া বিজ্ঞানসন্মতভাৱে কৰা হ'ব । চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সত্ৰ আয়োগক ১২০ দিন‌ৰ সময় দিয়া হৈছে ।

লগতে পঢ়ক: Badruddin Ajmal Controversy: বদৰুদ্দিন আজমলক ধুৰন্ধৰ ব্যৱসায়িক ৰাজনীতিবিদ আখ্যা এজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.