ETV Bharat / politics

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ছোনিয়া-প্ৰিয়ংকা, ৰাহুল, কেজৰিৱালকে ধৰি বহুতে সাব্যস্ত কৰে ভোটাধিকাৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 7:06 AM IST

Updated : May 25, 2024, 9:16 PM IST

LS Election 2024 Phase 6 (ETV Bharat)
’২৪ ৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ৫৮ খন আসনত ভোটদান

21:13 May 25

LS Election 2024 Phase 6 : সন্ধিয়া 7 বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 58.82 শতাংশ ৷ ৮ ৰাজ্যৰ ভিতৰত পশ্চিম বংগৰ ভোটদানৰ হাৰ সৰ্বাধিক ৷ সন্ধিয়া 7 বজালৈকে পশ্চিম বংগৰ ভোটদানৰ হাৰ 78.19 % ৷

সন্ধিয়া 7 বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 58.82 শতাংশ

বিহাৰ 52.80 %

হাৰিয়ানা 58.05 %

জম্মু-কাশ্মীৰ 51.41 %

ঝাৰখণ্ড 62.28 %

দিল্লী 54.37 %

ওড়িশা 59.72 %

উত্তৰ প্ৰদেশ 54.02 %

পশ্চিম বংগ 78.19 %

18:05 May 25

LS Election 2024 Phase 6 : 5 বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 57.70 শতাংশ ৷ ৮ ৰাজ্যৰ ভিতৰত পশ্চিম বংগৰ ভোটদানৰ হাৰ সৰ্বাধিক ৷ 5 বজালৈকে পশ্চিম বংগৰ ভোটদানৰ হাৰ 77.99 % ৷

5 বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 57.70 শতাংশ ৷

  • বিহাৰ 52.24 %
  • হাৰিয়ানা 55.93 %
  • জম্মু-কাশ্মীৰ 51.53 %
  • ঝাৰখণ্ড 61.41 %
  • দিল্লী 53.73 %
  • ওড়িশা 59.60 %
  • উত্তৰ প্ৰদেশ 52.02 %
  • পশ্চিম বংগ 77.99 %

14:34 May 25

LS Election 2024 Phase 6 : 3 বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 49.20 শতাংশ ৷ ৮ ৰাজ্যৰ ভিতৰত পশ্চিম বংগৰ ভোটদানৰ হাৰ সৰ্বাধিক ৷ 3 বজালৈকে পশ্চিম বংগৰ ভোটদানৰ হাৰ 70.19% ৷

3 বজালৈকে পশ্চিম বংগৰ ভোটদানৰ হাৰ 70.19% ৷

  • বিহাৰ 45.21 %
  • হাৰিয়ানা 46.26%
  • জম্মু-কাশ্মীৰ 44.41 %
  • ঝাৰখণ্ড 54.34 %
  • দিল্লী 44.58%
  • ওড়িশা 48.44%
  • উত্তৰ প্ৰদেশ 43.95 %
  • পশ্চিম বংগ 70.19%

13:48 May 25

LS Election 2024 Phase 6 : ১ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ৩৯.১৩ শতাংশ ৷ ৮ ৰাজ্যৰ ভিতৰত পশ্চিম বংগৰ ভোটদানৰ হাৰ সৰ্বাধিক ৷ ১ বজালৈকে পশ্চিম বংগৰ ভোটদানৰ হাৰ ৫৪.৮০% ৷

LS Election 2024 Phase 6 (ETV Bharat)
১ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ৩৯.১৩ শতাংশ

১ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ৩৯.১৩ শতাংশ

  • বিহাৰ ৩৬.৪৮ %
  • হাৰিয়ানা ৩৬.৪৮%
  • জম্মু-কাশ্মীৰ ৩৫.২২ %
  • ঝাৰখণ্ড ৪২.৫৪ %
  • দিল্লী ৩৪.৩৭%
  • ওড়িশা ৩৫.৬৯%
  • উত্তৰ প্ৰদেশ ৩৭.২৩ %
  • পশ্চিম বংগ ৫৪.৮০%

13:26 May 25

নিজৰ দেশৰ যত্ন লওক : পাক ৰাজনীতিবিদৰ পোষ্টত অৰবিন্দ কেজৰিৱালৰ প্ৰত্যুত্তৰ ৷ প্ৰত্যুত্তৰত কি ক’লে অৰবিন্দ কেজৰিৱালে ?

‘‘চৌধুৰী চাহাব, মই আৰু মোৰ দেশৰ জনসাধাৰণ আমাৰ সমস্যা চম্ভালিবলৈ সম্পূৰ্ণ সক্ষম । আপোনাৰ টুইটৰ প্ৰয়োজন নাই । বৰ্তমান পাকিস্তানৰ পৰিস্থিতি অতি বেয়া । আপুনি আপোনাৰ দেশৰ যত্ন লওক ৷’’ পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ হুছেইন চৌধুৰীক উদ্দেশ্যি X যোগে পোষ্ট কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে X ত এটা পোষ্ট কৰে ৷ তেওঁ পোষ্টটোত লিখে, ‘‘আজি মই মোৰ দেউতা, পত্নী আৰু সন্তানৰ সৈতে ভোট দিলো । মাৰ স্বাস্থ্য বৰ ভাল নহয় । যাৰ বাবে তেওঁ আহিব পৰা নাই । একনায়কত্ববাদ, নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ভোট দিলো । আপুনিও ভোট দিবলৈ আহক ৷’’

মুখ্যমন্ত্ৰী কেজৰিৱালৰ এই পোষ্টটো ৰি-টুইট কৰি পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ হুছেইন চৌধুৰীয়ে লিখে- ‘‘শান্তি আৰু সম্প্ৰীতি ঘৃণা আৰু উগ্ৰবাদৰ শক্তিক পৰাস্ত কৰক’’ ৷

পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই পোষ্টত ক্ষুব্ধ হৈ মুখ্যমন্ত্ৰী কেজৰিৱালে X ত তেওঁক উদ্দেশ্যি লিখে - ‘‘ভাৰতত চলি থকা নিৰ্বাচন আমাৰ আভ্যন্তৰীণ বিষয় । ভাৰতে সন্ত্ৰাসবাদৰ বৃহত্তম পৃষ্ঠপোষকৰ হস্তক্ষেপ সহ্য নকৰে । আপোনাৰ টুইটৰ প্ৰয়োজন নাই ৷’’

12:14 May 25

LS Election 2024 Phase 6 : পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) সভাপতি মেহবুবা মুফতীয়ে জম্মু-কাশ্মীৰ প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

আজি দেশত অনুষ্ঠিত হৈ আছে ২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ এই নিৰ্বাচন চলি থকাৰ মাজতে বৰ্তমানো জম্মু-কাশ্মীৰৰ অনন্তনাগত ধৰ্ণাত বহি আছে পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) সভাপতি তথা অনন্তনাগ-ৰাজৌৰী লোকসভা আসনৰ প্ৰাৰ্থী মেহবুবা মুফতীয়ে ৷ মেহবুবা মুফতীয়ে জম্মু-কাশ্মীৰ প্ৰশাসনৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ লগতে সংবাদ সংস্থা ANI ৰ আগত তেওঁ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

12:03 May 25

LS Election 2024 Phase 6 : পুৱা ১১ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ২৫.৭৬ শতাংশ ৷ ৮ ৰাজ্যৰ ভিতৰত পশ্চিম বংগৰ ভোটদানৰ হাৰ সৰ্বাধিক ৷ পুৱা ১১ বজালৈকে পশ্চিম বংগৰ ভোটদানৰ হাৰ ৩৬.৮৮% ৷

LS Election 2024 Phase 6 (ETV Bharat)
ৱা ১১ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ২৫.৭৬ শতাংশ

পুৱা ১১ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ২৫.৭৬ শতাংশ

  • বিহাৰ ২৩.৬৭ %
  • হাৰিয়ানা ২২.০৯%
  • জম্মু-কাশ্মীৰ ২৩.১১%
  • ঝাৰখণ্ড ২৭.০৮%
  • দিল্লী ২১.৪৯%
  • ওড়িশা ২১.৩০ %
  • উত্তৰ প্ৰদেশ ২৭.০৬ %
  • পশ্চিম বংগ ৩৬.৮৮%

11:06 May 25

LS Election 2024 Phase 6 : মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷

’২৪ ৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দিল্লীৰ ভোটগ্ৰহণ কেন্দ্ৰত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷

10:54 May 25

LS Election 2024 Phase 6 : দিল্লীত ভোটাধিকাৰ সাব্যস্ত কৰে কপিল দেৱে ৷ ANI ৰ সৈতে হোৱা বাৰ্তালাপত কপিল দেৱে কেতবোৰ মন্তব্য কৰে ৷

শনিবাৰে দিল্লীত ২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱে ৷ গণতান্ত্ৰিক উৎসৱত অংশ লৈ তেওঁ কয় যে নিজৰ সমষ্টিৰ বাবে উপযুক্ত প্ৰাৰ্থী বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ ।

ভোটাধিকাৰ সাব্যস্ত কৰাৰ অন্তত ANI ৰ সৈতে হোৱা কথা-বতৰাত কপিল দেৱে কয় যে ভাৰতৰ জনসাধাৰণ গণতন্ত্ৰৰ অধীনত থকাত তেওঁ সুখী । কপিলে কয়, ‘‘গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ সমষ্টিৰ বাবে উপযুক্ত লোকক বাছি লোৱা... চৰকাৰে কি কৰিব পাৰে, তাতকৈ আমি কি কৰিব পাৰো সেইটোহে বেছি গুৰুত্বপূৰ্ণ ।’’

10:21 May 25

LS Election 2024 Phase 6 : ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিৰ্দিষ্ট ভোটকেন্দ্ৰত উপস্থিত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী

আজি ২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিল্লীৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ সাংসদ ৰাহুল গান্ধী ।

09:42 May 25

LS Election 2024 Phase 6 : পুৱা ৯ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ১০.৮২ শতাংশ ৷ ৮ ৰাজ্যৰ ভিতৰত পশ্চিম বংগৰ ভোটদানৰ হাৰ সৰ্বাধিক ৷

পুৱা ৯ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ১০.৮২ শতাংশ

  • বিহাৰ ৯.৬৬ %
  • হাৰিয়ানা ৮.৩১%
  • জম্মু-কাশ্মীৰ ৮.৮৯%
  • ঝাৰখণ্ড ১১.৭৪%
  • দিল্লী ৮.৯৪%
  • ওড়িশা ৭.৪৩%
  • উত্তৰ প্ৰদেশ ১২.৩৩%
  • পশ্চিম বংগ ১৬.৫৪%

09:34 May 25

LS Election 2024 Phase 6 : প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ পুত্ৰ ৰেহন ৰাজীৱ ৱাদ্ৰা আৰু কন্যা মীৰায়া ৱাদ্ৰাই ভোটাধিকাৰ সাব্যস্ত কৰে ।

ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ পুত্ৰ ৰেহন ৰাজীৱ ৱাদ্ৰা আৰু কন্যা মীৰায়া ৱাদ্ৰাই ৷ ভোটাধিকাৰ সাব্যস্ত কৰাৰ অন্তত ৰবাৰ্ট ৱাদ্ৰা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ পুত্ৰ ৰেহন ৰাজীৱ ৱাদ্ৰাই কয়, ‘‘মই ভাবো এইটো এটা অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন । মই সকলো যুৱক-যুৱতীক আমাৰ সংবিধান ৰক্ষাৰ বাবে ভোট দিবলৈ আৰু ইতিবাচক পৰিৱৰ্তন আনিব পৰাকৈ ভোট দিবলৈ আহ্বান জনাইছো ।’’

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ কন্যা মিৰায়া ভাদ্ৰাই কয়, ‘‘সকলোৱে ওলাই আহি নিজৰ ভোটাদিকাৰ সাব্যস্ত কৰিব লাগে ।’’

09:14 May 25

LS Election 2024 Phase 6 : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পুৱাই সাব্যস্ত কৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ ৷

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱাই দিল্লীৰ এটা ভোটকেন্দ্ৰত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷

08:30 May 25

LS Election 2024 Phase 6 : জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপিৰ সভাপতি ৰবিন্দৰ ৰাইনাই ৷

২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপিৰ সভাপতি ৰবিন্দৰ ৰাইনাই ৷ তেওঁ কয় যে লোকসভা নিৰ্বাচন ২০২৪ ভাৰতীয় গণতন্ত্ৰৰ বাবে এক উৎসৱ । শ্ৰীনগৰ সংসদীয় আসনত ৪০ শতাংশ, উত্তৰ কাশ্মীৰৰ বাৰামুল্লাত ৬০ শতাংশ ভোটদান আৰু আজি অনন্তনাগ-ৰাজৌৰী সংসদীয় আসনতো ভোটদান হয় । পুৱাৰে পৰা বৃহৎ সংখ্যক ভোটাৰে নিজ নিজ ভোটকেন্দ্ৰকত উপস্থিত হ সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ এয়া গণতন্ত্ৰৰ জয় বুলিও তেওঁ কয় ।

08:18 May 25

LS Election 2024 Phase 6 : সাংসদ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে সাব্যস্ত কৰে ভোটাধিকাৰ ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত বিজেপিৰ পূব দিল্লীৰ সাংসদ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে দিল্লীৰ ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ।

08:15 May 25

LS Election 2024 Phase 6 : ভোটাৰ ৰাইজৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আহ্বান ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X পোষ্টৰ জৰিয়তে ২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সকলো সংসদীয় সমষ্টিৰ ভোটাৰক বিশেষভাৱে আবেদন জনায় । তেওঁ নিজৰ পোষ্টটোত কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ভোটদান কৰা সকলো লোককে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । প্ৰতিটো ভোটেই অতি মূল্যবান ৷ গণতন্ত্ৰ তেতিয়াহে উজ্জ্বলি উঠিব, যেতিয়া জনসাধাৰণে এই নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব ।

07:27 May 25

  1. বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে পত্নীৰ সৈতে ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় ।

07:27 May 25

  1. পত্নী লক্ষ্মী পুৰীৰ সৈতে ভোটদানৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী।
  2. নতুন দিল্লীৰ পৰা বিজেপিৰ লোকসভাৰ প্ৰাৰ্থী বানছুৰী স্বৰাজে ঝাণ্ডেৱালান মন্দিৰত প্ৰাৰ্থনা কৰে। আম আদমী পাৰ্টীয়ে ইয়াৰ পৰাই সোমনাথ ভাৰতীক থিয় কৰাইছে ।

06:32 May 25

নিউজ ডেস্ক, ২৫ মে’ : আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । আঠখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি মুঠ ৫৮ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ২৯ এপ্ৰিলৰ পৰা ষষ্ঠ পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু এই মনোনয়নৰ অন্তিম তাৰিখ আছিল ৬ মে’ ।

এই পৰ্যায়ত হাৰিয়ানা ৰাজ্যৰ ১০ খন আসনতে ভোটগ্ৰহণ কৰা হৈছে । কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীতো ষষ্ঠ পৰ্যায়ত ইয়াৰ ৭টা সমষ্টিতে ভোটগ্ৰহণ কৰা হৈছে । ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল লোকসভা নিৰ্বাচন ২০২৪ ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । সমগ্ৰ দেশতে মুঠ ৭টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কোন কোন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত হৈছে ?

দিল্লীৰ ৭খন আসনৰ উপৰিও উত্তৰ প্ৰদেশৰ ১৪খন আসন, হাৰিয়ানাৰ ১০খন আসনৰ আটাইকেইখন, বিহাৰ আৰু পশ্চিমবংগৰ আঠখনকৈ আসন, ওড়িশাৰ ৬খন আসন, ঝাৰখণ্ডৰ ৪খন আসন আৰু জম্মু-কাশ্মীৰৰ এখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কিমানজন ভোটাৰ আছে ?

৫.৮৪ কোটি পুৰুষ, ৫.২৯ কোটি মহিলা আৰু ৫,১২০ তৃতীয় লিংগৰ ভোটাৰকে ধৰি মুঠ ১১.১৩ কোটিৰো অধিক ভোটাৰে আজি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ভাৰতীয় নিৰ্বাচন আয়োগে ১.১৪ লাখ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় ১১.৪ লাখ নিৰ্বাচনী বিষয়াক নিয়োগ কৰিছে ।

ষষ্ঠ পৰ্যায়ৰ হেভিৱেট প্ৰাৰ্থী কোন কোন ?

২০২৪ চনৰ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । হেভিৱেট প্ৰাৰ্থীৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান (সম্বলপুৰ), ৰাও ইন্দৰজিৎ সিং (গুৰুগ্ৰাম) কৃষণ পাল গুৰজাৰ (ফৰিদাবাদ), বিজেপিৰ মনেকা গান্ধী (চুলতানপুৰ), সম্বিত পাত্ৰ (পুৰী), মনোহৰ লাল খট্টৰ (কৰ্ণাল), মনোজ তিৱাৰী (উত্তৰ-পূব, দিল্লী), অভিজিত গংগোপাধ্যায় (তামলুক) আৰু বানছুৰী স্বৰাজ (নতুন দিল্লী), পিডিপিৰ মুৰব্বী মেহবুবা মুফতি (অনন্তনাগ-ৰাজৌৰী) আৰু দীপেন্দৰ সিং হুদা (ৰোহটক), ৰাজ বাব্বৰ (গুৰুগ্ৰাম) আৰু কংগ্ৰেছৰ কানহাইয়া কুমাৰ (উত্তৰ-পূব দিল্লী)।

  1. বিহাৰ (৮ আসন) : বাল্মিকী নগৰ, পশ্চিম চম্পাৰাণ, পূব চম্পাৰাণ, শিৱৰ, বৈশালী, গোপালগঞ্জ, ছিৱান, মহাৰাজগঞ্জ
  2. হাৰিয়ানা (১০ আসন) : আম্বালা, কুৰুক্ষেত্ৰ, ছিৰছা, হিছাৰ, কৰ্ণাল, শোণিত, ৰোহটক, ভীৱনী-মহেন্দ্ৰগড়, গুৰগাঁও, ফৰিদাবাদ
  3. জম্মু-কাশ্মীৰ (১ আসন) : অনন্তনাগ ৰাজৌৰী
  4. ঝাৰখণ্ড (৪ আসন): গিৰিডিহ, ধনবাদ, ৰাঁচী, জামছেদপুৰ
  5. দিল্লী (৭ আসন) : চান্দনী চক, উত্তৰ পূব দিল্লী, পূব দিল্লী, নতুন দিল্লী, উত্তৰ পশ্চিম দিল্লী, পশ্চিম দিল্লী, দক্ষিণ দিল্লী
  6. ওড়িশা (৬ আসন) : সম্বলপুৰ, কেওনঝাৰ, ধেংকনাল, কটক, পুৰী, ভুৱনেশ্বৰ
  7. উত্তৰ প্ৰদেশ (১৪ আসন) : চুলতানপুৰ, প্ৰতাপগড়, ফুলপুৰ, এলাহাবাদ, আম্বেদকাৰ নগৰ, শ্ৰাৱস্তী, দুমৰীয়াগঞ্জ, বস্তি, সন্ত কবীৰ নগৰ, লালগঞ্জ, আজমগড়, জৌনপুৰ, মাচিলশ্বহৰ, ভাদোহী
  8. পশ্চিম বংগ (৮ আসন) : তামলুক, কান্তি, ঘটাল, ঝাৰগ্ৰাম, মেদিনীপুৰ, পুৰুলিয়া, বাংকুৰা, বিষ্ণুপুৰ
Last Updated : May 25, 2024, 9:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.