ETV Bharat / bharat

পিডিপিৰ পোলিং এজেণ্টক আৰক্ষীয়ে ভাবুকি দিয়াৰ অভিযোগ মেহবুবা মুফতীৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:34 AM IST

PDP Letter to Election Commission : পিডিপিয়ে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ জৰুৰী হস্তক্ষেপৰ আহ্বান জনায় । মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখা এখন পত্ৰত দলটোৱে ইয়াক নিৰ্বাচনৰ 'এক গুৰুতৰ বিষয় যিয়ে অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰে' বুলি উদ্বেগ প্ৰকাশ কৰে ।

PDP Letter to Election Commission
মেহবুবা মুফতী (ETV Bharat)

নিউজ ডেস্ক, ২৫ মে' : শনিবাৰে দেশত অনুষ্ঠিত হৈছে চলিত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ । এই পৰ্যায়ত লোকসভাৰ ৫৮ খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে । আনহাতে, নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যবোৰৰ ভিতৰত আছে জম্মু-কাশ্মীৰো । ইফালে ভোটদানৰ পূৰ্বে শুকুৰবাৰে পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) সভাপতি মেহবুবা মুফতীয়ে দাবী কৰে যে শনিবাৰৰ নিৰ্বাচনৰ পূৰ্বে তেওঁৰ দলৰ পোলিং এজেণ্ট আৰু কৰ্মীসকলক আৰক্ষী থানালৈ মাতি নিয়া হৈছে ।

উল্লেখ্য যে মেহবুবাই অনন্তনাগ-ৰাজৌৰী লোকসভা আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁ তাত ভোটাধিকাৰ সাব্যস্ত কৰে । "পিডিপিৰ পোলিং এজেণ্ট আৰু কৰ্মীসকলক স্থানীয় আৰক্ষী থানাত উপস্থিত হ'বলৈ কোৱা হৈছে । দক্ষিণ কাশ্মীৰৰ লোকসকলক গণতন্ত্ৰৰ ওপৰত বিশ্বাস দেখুওৱাৰ বাবে কিয় শাস্তি দিয়া হৈছে ?"

আনহাতে, পিডিপিয়ে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ জৰুৰী হস্তক্ষেপৰো আহ্বান জনায় । মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখা এখন পত্ৰত দলটোৱে ইয়াক নিৰ্বাচনৰ 'এক গুৰুতৰ বিষয় যিয়ে অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰে' বুলি উদ্বেগ প্ৰকাশ কৰে ।

"এইটো আমাৰ দৃষ্টিগোচৰ হৈছে যে অনন্তনাগ, শ্বপিয়ান আৰু কুলগামৰ আৰক্ষীয়ে জম্মু-কাশ্মীৰ পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টী (পিডিপি)ৰ পোলিং এজেণ্টসকলৰ বিৰুদ্ধে সন্ত্ৰাসবিৰোধী অভিযান আৰম্ভ কৰিছে । এই (শুকুৰবাৰে) সন্ধিয়াৰ পৰা কেইবাজনো পোলিং এজেণ্টক হয় তেওঁলোকৰ বাসগৃহৰ পৰা বলপূৰ্বক লৈ যোৱা হৈছে বা আৰক্ষী থানালৈ মাতি অনা হৈছে । লগতে তেওঁলোকক অবৈধ বন্দী কৰি ৰখা হৈছে ।" পত্ৰখনত উল্লেখ কৰা হৈছে ।

দলটোৱে লগতে অভিযোগ কৰে যে কৰ্মীসকলক বিশেষকৈ অনন্তনাগ জিলাত তেওঁলোকক ভোটদানৰ পৰা বিৰত ৰাখিবলৈ 'ভাবুকি আৰু হাৰাশাস্তি' কৰা হৈছে । "পিডিপিৰ পোলিং এজেণ্টসকলক এই প্ৰণালীবদ্ধভাৱে লক্ষ্য কৰি লোৱাটোৱে ৰাজ্য প্ৰশাসনৰ এক ইচ্ছাকৃত প্ৰচেষ্টাৰ ইংগিত বহন কৰিছে । আৰক্ষীয়ে ক্ষমতাসীন ভাৰতীয় জনতা পাৰ্টীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ নিৰ্দেশত কাম কৰিছে আৰু ই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো কলুষিত কৰিবলৈ আৰু আমাৰ পৰাজয় নিশ্চিত কৰিবলৈ উঠি-পৰি লাগিছে ।" পিডিপিয়ে অভিযোগ কৰে ।

উল্লেখ্য যে, পিডিপিয়ে ৰাজ্যিক আৰক্ষীক আটক কৰা সকলো পোলিং এজেণ্টক মুকলি কৰিবলৈ নিৰ্দেশ দিবলৈ আৰু নিৰ্বাচনত প্ৰভাৱ পেলাব পৰা ৰাজ্যিক প্ৰশাসনৰ দ্বাৰা যাতে কোনো বাধাৰ সৃষ্টি কৰা নহয় সেইটো নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায় ।

লগতে পঢ়ক :ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন; ভোটাৰক নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ - LOK SABHA ELECTION 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.