ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 2, 2022, 1:01 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

DU ragging updates: এন্টি ৰেগিং সমিতিৰ বৈঠকত গ্ৰহণ কৰা নহ'ল কোনো ধৰণৰ সিদ্ধান্ত

পুনৰ আজি অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং সমিতিৰ বৈঠক (DU Anti ragging committee meeting) বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে প্ৰায় ১০ ঘণ্টাৰ বৈঠকত নহ'ল কোনো সিদ্ধান্ত । শুকুৰবাৰে পুনৰ হ'বলগা বৈঠকত ৬ জন অভিযুক্তক ভাষ্য গ্ৰহণ কৰিবৰ বাবে তলৱ কৰিছে ।

DU ragging case : সুকলমে সম্পন্ন হ'ল আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ, অসমবাসীক ধন্যবাদ দিলে আনন্দৰ পৰিয়ালে

সুকলমে সম্পন্ন হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তোভোগী আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ (Successful surgery of Anand Sharma)। জটিল অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱাৰ লগে লগে আনন্দ শৰ্মাৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে । জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে ৰাজ্যবাসীয়ে যিধৰণে প্ৰাৰ্থনা কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনালে আনন্দ শৰ্মাৰ পৰিয়ালে (Anand Sharma family thanks public)।

Story of another mountain man: 8 বছৰত 1500 ফুট উচ্চতাত থকা মন্দিৰলৈকে সাজিলে 400 টা খটখটি

কাৰোবাৰ প্ৰতি থকা প্ৰেম, ভালপোৱা, বিশ্বাসৰ বাবে কি কৰিব নোৱাৰে মানুহে ? ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই এগৰাকী ব্যক্তিয়ে 1500ফুট উচ্চতাৰ শীৰ্ষত থকা মন্দিৰলৈ নিৰ্মাণ কৰিলে ওলিয়ালে খটখটি (Ladder made by cutting mountain in Jehanabad) ৷ যি কৰ্মৰ বাবে এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী বিশেষ ব্যক্তি ৷

Illegal soil mining : জোনাইত অব্যাহত অবৈধ মাটি খনন, সাংসদ-বিধায়কৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

জোনাইত অব্যাহত আছে মাটিৰ অবৈধ খনন । কেইবাখনো গাঁৱলৈ আহিছে ভাবুকি (Illegal soil mining poses danger)। স্থানীয় সাংসদ-বিধায়কে দিয়া প্ৰতিশ্ৰুতিও কোনো কামত নাহিল । অতি শীঘ্ৰে এই খনন বন্ধ নকৰিলে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিছে স্থানীয় সংগঠন আৰু ৰাইজে ।

Story of another mountain man: 8 বছৰত 1500 ফুট উচ্চতাত থকা মন্দিৰলৈকে সাজিলে 400 টা খটখটি

কাৰোবাৰ প্ৰতি থকা প্ৰেম, ভালপোৱা, বিশ্বাসৰ বাবে কি কৰিব নোৱাৰে মানুহে ? ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই এগৰাকী ব্যক্তিয়ে 1500ফুট উচ্চতাৰ শীৰ্ষত থকা মন্দিৰলৈ নিৰ্মাণ কৰিলে ওলিয়ালে খটখটি (Ladder made by cutting mountain in Jehanabad) ৷ যি কৰ্মৰ বাবে এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী বিশেষ ব্যক্তি ৷

Matri Pitri Vandana Scheme: পিতৃ মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটি চৰকাৰৰ

বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে (Matri Pitri Vandana Scheme) । ২০২৩ বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰিত কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । এই বিশেষ দুটা দিনৰ ছুটীৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১১ আৰু ১২ ফেব্ৰুৱাৰীত পাব স্বাভাৱিক চৰকাৰী বন্ধ । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ মিলাই মুঠ ৪ দিন বন্ধৰ সুবিধা লাভ কৰিব ।

Sidhu Moosewala murder: সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড গোল্ডি ব্ৰাৰক আটক

সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত গেংষ্টাৰ গোল্ডি ব্ৰাৰক আটক কৰি ৰখা হৈছে আমেৰিকাৰ কেলিফৰ্ণিয়াত (Gangster Goldy Brar Detained In California)। সূত্ৰ অনুসৰি ২০ নৱেম্বৰ বা তাৰ আগতে গোল্ডীক আটক কৰা হৈছিল ৷

Deepika Padukone new skincare brand: দীপিকা পাডুকনৰ ফেচক্ৰীমৰ দাম শুনি হতবাক অনুৰাগী!

দীপিকা পাডুকনে অলপতে নিজৰ স্কীণকেয়াৰ ব্ৰেণ্ড এটা মুকলি কৰে ৷ মুকলিৰ পিছতেই অভিনেত্ৰী গৰাকীক কৰা হৈছে সামাজিক মাধ্যমত বেয়াকৈ ট্ৰ’ল ৷ ট্ৰ’ল কৰাৰ কাৰণ হ’ল দীপিকাৰ সামগ্ৰী সমূহৰ মূল্য ৷

Tiger roaming in Samaguri: চামগুৰিত বাঘৰ সন্ত্ৰাস, আক্ৰমণত আহত দুজন চিকিৎসাধীন

চামগুৰিত বাঘৰ আতংক ৷ বৰদলৰ মিকিৰগাঁৱত বাঘৰ আক্ৰমণত আহত হৈছে দুজনকৈ লোক ৷ আহত লোকদুজন হৈছে নাৰ্চিং ওৰাং আৰু ডানিয়েল হ'ৰ ৷

FIFA World Cup 2022: গ্ৰুপ পৰ্যায়তে অন্ত পৰিল বহুকেইটা শক্তিশালী দলৰ বিশ্বকাপৰ যাত্ৰা

ৰাছিয়াত অনুষ্ঠিত 2018 চনৰ ফিফা বিশ্বকাপৰ পাচত ক্ৰমাগতভাৱে জাৰ্মানীৰ দ্বিতীয়টো পৰাজয় ৷ ফিফা বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী ৷ হতাশজনকভাৱে গ্ৰুপ E ৰ পইন্ট তালিকাত তৃতীয় স্থানতে থাকে শক্তিশালী দলটো (FIFA 2022 updates) ৷ গ্ৰুপ F ৰ বেলজিয়াম আৰু কানাডাই কালি ফিফাৰ যাত্ৰা সামৰে গ্ৰুপ পৰ্যায়ত (Belgium in FIFA 2022) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.