Matri Pitri Vandana Scheme: পিতৃ মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটি চৰকাৰৰ

author img

By

Published : Dec 2, 2022, 10:18 AM IST

Casual Leave under Matri Pitri Vandana Scheme for Assam govt employees

বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে (Matri Pitri Vandana Scheme) । ২০২৩ বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰিত কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । এই বিশেষ দুটা দিনৰ ছুটীৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১১ আৰু ১২ ফেব্ৰুৱাৰীত পাব স্বাভাৱিক চৰকাৰী বন্ধ । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ মিলাই মুঠ ৪ দিন বন্ধৰ সুবিধা লাভ কৰিব ।

গুৱাহাটী, ২ ডিচেম্বৰ: পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্য ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিগত বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ ছুটিৰ ব্যৱস্থা কৰিছিল (Matri Pitri Vandana Scheme) । বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে (Assam Govt announced Special Casual Leave)।

২০২৩ বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰীত কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে (Casual Leave under Matri Pitri Vandana on Feb 9 & 10 2023) । লক্ষণীয় বিষয় যে এই বিশেষ দুটা দিনৰ ছুটীৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১১ আৰু ১২ ফেব্ৰুৱাৰিত পাব স্বাভাৱিক চৰকাৰী বন্ধ । ১১ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলে লাভ কৰিব বন্ধ । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ মিলাই মুঠ ৪ দিন বন্ধৰ সুবিধা লাভ কৰিব ।

Casual Leave under Matri Pitri Vandana Scheme for Assam govt employees
পিতৃ মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটি চৰকাৰৰ

ইফালে বিশেষ ছুটীৰ বাবে কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা প’ৰ্টেলযোগে আবেদন কৰিব লাগিব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে । উল্লেখ্য যে বছৰত দুটা দিন চৰকাৰী কৰ্মচাৰীসকলে যাতে নিজৰ পিতৃ-মাতৃ নাইবা শহুৰ-শাহুৰ লগত সময় কটাব পাৰে তাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নতুনকৈ এই আঁচনিৰ শুভাৰম্ভ কৰিছিল । বিগত বৰ্ষত কেবিনেট যোগে এই সিদ্ধান্ত লোৱা হৈছিল ।

লগতে পঢ়ক: Pragyan Bharti Scheme: খানাপাৰত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.