ETV Bharat / state

Illegal soil mining : জোনাইত অব্যাহত অবৈধ মাটি খনন, সাংসদ-বিধায়কৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

author img

By

Published : Dec 2, 2022, 12:19 PM IST

জোনাইত অব্যাহত আছে মাটিৰ অবৈধ খনন । কেইবাখনো গাঁৱলৈ আহিছে ভাবুকি (Illegal soil mining poses danger)। স্থানীয় সাংসদ-বিধায়কে দিয়া প্ৰতিশ্ৰুতিও কোনো কামত নাহিল । অতি শীঘ্ৰে এই খনন বন্ধ নকৰিলে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিছে স্থানীয় সংগঠন আৰু ৰাইজে ।

Soil mining
জোনাইত অব্যাহত অবৈধ মাটি খনন

জোনাই, ২ ডিচেম্বৰ : চিলাপথাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা চিলাপথাৰ-জোনাই সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জলকীয়াসূঁতি নৈত চলা অবৈধ মাটি খননে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে চিলাসূঁতি গাওঁ পঞ্চায়তৰ কেইবাখনো গাঁৱলৈ (Illegal soil mining in Jonai)। দীৰ্ঘদিনৰ পৰা জলকীয়াসূঁতি নৈৰ বুকুত একাংশ ভূ-মাফিয়াই কোনোধৰণৰ চৰকাৰী নথি-পত্ৰ তথা অনুজ্ঞাপত্ৰ অবিহনেই চৰকাৰক ৰাজহ ফাঁকিৰে এই অবৈধ খননৰ জৰিয়তে লাখ লাখ টকাৰ ব্যৱসায় চলাই গৈছে বুলি বিভিন্ন সময়ত দল-সংগঠনে অভিযোগ কৰি আহিছে ।

বাৰিষা জলকীয়াসূঁতি নৈৰ বানে প্লাৱিত কৰা শ শ কৃষিপথাৰ অনিষ্ট কৰা অঞ্চল পৰিদৰ্শন কৰিবলৈ আহি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুয়ে সংবাদমাধ্যমৰ আগত কৈছিল যে বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ স্বাৰ্থত জলকীয়াসূঁতি নৈৰ বুকুত কোনোধৰণৰ মাটি খনন চলাব নোৱৰাৰ বাবে উপায়ুক্তক বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে । অবৈধভাৱে চলা মাটি খননক আপোচ কৰা নহ'ব বুলিও কৈছিল । কিন্তু ফুটুকাৰ ফেনত পৰিণত হ'ল সাংসদ আৰু বিধায়কৰ সেই প্ৰতিশ্ৰুতি ।

জোনাইত অব্যাহত অবৈধ মাটি খনন

কোনোধৰণৰ নথি-পত্ৰ অবিহনেই চূড়ান্ত মইমতালিৰে চৰকাৰক বুজন পৰিমাণৰ ৰাজহ ফাঁকিৰে দৈনিক শ শ ট্ৰেক্টৰেৰে মাটিৰ অবৈধ খনন অব্যাহত আছে । জলকীয়াসূঁতি সোণোৱাল গাওঁ, চিলাবালি গাওঁ, ২ নং ভৈৰৱপুৰকে ধৰি কেইবাখনো গাওঁ এতিয়া অস্তিত্বৰ সংকট পৰিছে (Illegal soil mining poses danger)। যাৰ বাবে নৈপৰীয়া ৰাইজৰ লগতে দল-সংগঠন আদি শংকিত হৈ পৰিছে ।

ইয়াৰ মাজতে শুকুৰবাৰে উক্ত অঞ্চল পৰিদৰ্শন কৰি সোণোৱাল কছাৰী যুৱ মঞ্চৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা হোমেন সোণোৱালে কয় যে সাংসদ-বিধায়কে মাটি খনন নকৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো কিদৰে ভূ-মাফিয়াই অবৈধ মাটি খনন কৰি আছে (SKYM reacts on illegal soil mining)। এই ক্ষেত্ৰত নিশ্চিতভাৱে সাংসদ-বিধায়কৰ কৃপাদৃষ্টি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে । নেতাগৰাকীয়ে অভিযোগ কৰা মতে এই অবৈধ খননৰ ধন একাংশ বন বিভাগৰ বিষয়া, কৰ্মচাৰীৰ পকেটত সোমায় যাৰ পৰিপ্ৰেক্ষিতত চিলাপথাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ দূৰত্বত থকা জলকীয়াসূঁতিত চলা খনন কাৰ্য দেখিও কোনো ব্যৱস্থা লোৱা নাই বিভাগে ।

শীঘ্ৰেই অবৈধভাৱে চলা মাটি খনন বন্ধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে সোণোৱাল কছাৰী যুৱ মঞ্চৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা হোমেন সোণোৱাল আৰু চিলাপথাৰ আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি উত্তমজিৎ কছাৰী আৰু সম্পাদক বিপুল সোণোৱালে । অন্যথা ইয়াৰ বিৰুদ্ধে অচিৰেই স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে দুই সংগঠনে ।

লগতে পঢ়ক :Charaideo police raid against Drugs: চৰাইদেউত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.