FIFA World Cup 2022: গ্ৰুপ পৰ্যায়তে অন্ত পৰিল বহুকেইটা শক্তিশালী দলৰ বিশ্বকাপৰ যাত্ৰা

author img

By

Published : Dec 2, 2022, 8:41 AM IST

Updated : Dec 2, 2022, 9:24 AM IST

FIFA World Cup 2022

ৰাছিয়াত অনুষ্ঠিত 2018 চনৰ ফিফা বিশ্বকাপৰ পাচত ক্ৰমাগতভাৱে জাৰ্মানীৰ দ্বিতীয়টো পৰাজয় ৷ ফিফা বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী ৷ হতাশজনকভাৱে গ্ৰুপ E ৰ পইন্ট তালিকাত তৃতীয় স্থানতে থাকে শক্তিশালী দলটো (FIFA 2022 updates) ৷ গ্ৰুপ F ৰ বেলজিয়াম আৰু কানাডাই কালি ফিফাৰ যাত্ৰা সামৰে গ্ৰুপ পৰ্যায়ত (Belgium in FIFA 2022) ৷

নিউজ ডেস্ক, 2 ডিচেম্বৰ: ফিফা বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী ৷ ইউৰোপীয় শক্তিশালী দলটোৱে গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’ব লগীয়া হোৱাত অনুৰাগীসকলক ভাগি পৰা দেখা গৈছে (Germany crashed out of FIFA 22) ৷ ৰাছিয়াত অনুষ্ঠিত 2018 চনৰ ফিফা বিশ্বকাপৰ পাচত ক্ৰমাগতভাৱে এয়া জাৰ্মানীৰ দ্বিতীয়টো পৰাজয় ৷ বৃহস্পতিবাৰে কোষ্টাৰিকাক 4-2 গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হ’লেও 16 ৰাউণ্ডত অন্তৰ্ভুক্ত হ’বলৈ জাৰ্মানীৰ বাবে সেয়া যথেষ্ট নাছিল ৷ হতাশজনকভাৱে গ্ৰুপ E ৰ পইন্ট তালিকাত তৃতীয় স্থানতে থাকে শক্তিশালী দলটো (FIFA 2022 updates) ৷

ইফালে জাপানে যোৱা কালিৰ খেলত স্পেইনক পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰিছে (Japan Spain football match) ৷ 6 পইন্টেৰে গ্ৰুপ E ৰ পইন্ট তালিকাত শীৰ্ষত আছে জাপান ৷ অৱশ্যে জাপানৰ বিৰুদ্ধে 2-0 গ’লত পৰাস্ত হ’লেও পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে স্পেইনে ৷ জাৰ্মানী আৰু স্পেইন দুয়োটা দলেই 4 পইন্টকৈ লাভ কৰিছে যদিও গ’ল ডিফাৰেঞ্চে সহায় কৰিলে স্পেইনক ৷ জাৰ্মানীৰ গ’ল ডিফাৰেঞ্চ হৈছে 1 পইন্ট আৰু স্পেইনৰ 6 পইন্ট ৷ ইফালে 3 পইন্ট লাভ কৰা কোষ্টাৰিকাৰো যাত্ৰা ইয়াতেই সমাপ্ত হ’ল (FIFA World Cup 2022) ৷

জাপানৰ সৈতে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত পৰাস্ত হোৱাৰ পাচত কালিৰ কোষ্টাৰিকাৰ বিৰুদ্ধে খেলা খেলখনৰ পূৰ্বলৈকে পইন্ট তালিকাৰ একেবাৰে শেষত আছিল জাৰ্মানী ৷ নক আউট পৰ্যায়লৈ যোৱাৰ বাবে জাৰ্মানীক যথেষ্ট প্ৰয়োজন আছিল অত্যন্ত ভাল প্ৰদৰ্শন আৰু ভাগ্যৰ ৷ পিচে সেয়া নহ’ল ৷ জাপান আৰু স্পেইনৰ মাজৰ খেলখন ড্ৰ’ হোৱা হ’লেও চাৰিবাৰৰ বিশ্বকাপ বিজয়ী দলটোৰ বাবে সহায় হ’ল হেতেন ৷ কিন্তু এছিয়ান দলটোৰ বিজয়ে জামাৰ্নীৰ যাত্ৰা ইয়াতেই ৰুদ্ধ কৰি ৰাখিলে (Qatar FIFA World Cup) ৷

কেৱল জাৰ্মানীয়েই নহয়, এইবাৰ ফিফা বিশ্বকাপত গ্ৰুপ পৰ্যায়তে নিজৰ অভিযান সামৰিব লগীয়া হৈছে আন কেইবাটাও শক্তিশালী দলে ৷ গ্ৰুপ F ৰ বেলজিয়াম আৰু কানাডাই কালি ফিফাৰ যাত্ৰা সামৰে গ্ৰুপ পৰ্যায়ত (Belgium in FIFA 2022) ৷ বৃহস্পতিবাৰে অনুষ্ঠিত ক্ৰ’ৱেচিয়া আৰু বেলজিয়ামৰ মাজৰ খেলখন গ’ল শূন্যভাৱে ড্ৰ’ হয় ৷ ফলত 2018 ৰ ফিফা বিশ্বকাপৰ ৰাণাৰ্চ আপ ক্ৰ’ৱেচিয়া পৰৱৰ্তী ৰাউণ্ডলৈ যায় আৰু বেলজিয়ামৰ যাত্ৰা ইয়াতেই অন্ত পৰে ৷

গ্ৰুপ F ৰ পৰা 16 ৰাউণ্ডত প্ৰৱেশ কৰা আন এটা দল হ’ল মৰক্কো ৷ বৃহস্পতিবাৰে গ্ৰুপ পৰ্যায়ৰ অন্তিম খেলখনত মৰক্কোৱে কানাডাক 2-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰি 16 ৰাউণ্ডত নিজৰ স্থান সুনিশ্চিত কৰিছে ৷ গ্ৰুপ F ৰ পইন্ট তালিকাত 7 পইন্টেৰে শীৰ্ষত আছে মৰক্কো ৷ আনহাতে, 5 পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ক্ৰ’ৱেচিয়া ৷

আজিৰ খেল :

নিশা 8.30 বজাত: গ্ৰুপ H ৰ দক্ষিণ কোৰিয়া বনাম পৰ্তুগাল

নিশা 8.30 বজাত: গ্ৰুপ H ৰ ঘানা বনাম উৰুগুৱে

নিশা 12.30 বজাত: গ্ৰুপ G ৰ চাৰ্বিয়া বনাম ছুইজাৰলেণ্ড

নিশা 12.30 বজাত: গ্ৰুপ G ৰ কেমেৰুণ বনাম ব্ৰাজিল

লগতে পঢ়ক: FIFA World Cup 2022: আঠ বছৰৰ পাচত ফুটবলত প্ৰথম পৰাজয় ফ্ৰান্সৰ

Last Updated :Dec 2, 2022, 9:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.