FIFA World Cup 2022: আঠ বছৰৰ পাচত ফুটবলত প্ৰথম পৰাজয় ফ্ৰান্সৰ

author img

By

Published : Dec 1, 2022, 9:03 AM IST

FIFA World Cup

2014 চনৰ ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পাচত প্ৰথমবাৰলৈ পৰাস্ত হ’ল ফ্ৰান্স (France loses to Tunisia) ৷ ৱাহিবি খাজৰিয়ে খেলৰ 58 মিনিটত দিয়া একমাত্ৰ গ’লটোৰে অন্যতম শক্তিশালী প্ৰতিদ্বন্দী ফ্ৰান্সক পৰাস্ত কৰে তুনিচিয়াই ৷

নিউজ ডেস্ক, 1 ডিচেম্বৰ: কাটাৰত অব্যাহত আছে ফিফা বিশ্বকাপ 2022 (FIFA World Cup 2022) ৷ বুধবাৰে গ্ৰুপ পৰ্যায়ৰ এখন খেলত ডেনমাৰ্কক হৰুৱাই 16 ৰাউণ্ডত প্ৰৱেশ কৰিলে অষ্ট্ৰেলিয়াই ৷ গ্ৰুপ D ৰ এখন খেলত অষ্ট্ৰেলিয়াই 1-0 গ’লত পৰাস্ত কৰে ডেনমাৰ্কক (Australia vs Denmark updates) ৷ খেলখনৰ প্ৰথমাৰ্ধত কোনো এটা দলেই ঘ’ল কৰিবলৈ সক্ষম হোৱা নাছিল ৷ দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ পাচতেই 60 মিনিটত অষ্ট্ৰেলিয়াৰ হৈ একমাত্ৰ গ’লটো দিয়ে মেথিউ লেকিয়ে ৷ গ্ৰুপ D ত 6 পইন্টেৰে ফ্ৰান্সৰ সৈতে সমতা স্থাপন কৰিছে অষ্ট্ৰেলিয়াই (Football World Cup news) ৷

গ্ৰুপ D ৰ আন এখন খেলত ফ্ৰান্সক পৰাস্ত কৰে তুনিচিয়াই ৷ ৱাহিবি খাজৰিয়ে খেলৰ 58 মিনিটত দিয়া একমাত্ৰ গ’লটোৰে অন্যতম শক্তিশালী প্ৰতিদ্বন্দী ফ্ৰান্সক পৰাস্ত কৰে তুনিচিয়াই ৷ অৱশ্যে 6 পইন্টেৰে এতিয়াও তালিকাৰ শীৰ্ষত আছে ফ্ৰান্স (France Tunisia match updates) ৷ তাৰোপৰি 16 ৰাউণ্ডত ইতিমধ্যেই স্থান লাভ কৰিছে ৷ 2014 চনৰ ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পাচৰ পৰা এইখন হৈছে ফ্ৰান্সৰ প্ৰথম পৰাজিত মেচ (France loses to Tunisia) ৷

বুধবাৰে অনুষ্ঠিত গ্ৰুপ C ৰ এখন খেলত আৰ্জেন্টিনাই 2-0 গ’লত পৰাস্ত কৰে পোলেণ্ডক (FIFA Argentina Poland match updates) ৷ এলেক্সিছ মেক এলিষ্টাৰ আৰু জুলিয়ান এলভাৰ্জে খেলৰ দ্বিতীয়াৰ্ধত দুটা গ’ল কৰি 16 ৰাউণ্ডলৈ উপনীত কৰাই আৰ্জেন্টিনাক ৷ 6 পইন্টেৰে গ্ৰুপ C ৰ শীৰ্ষত আছে আৰ্জেন্টিনা ৷ 4 পইন্টেৰে দ্বিতীয় স্থানত আছে পোলেণ্ড ৷

গ্ৰুপ C ৰ আন এখন খেলত মেক্সিকোৱে চৌদি আৰৱক 2-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৷ 4 পইন্টেৰে মেক্সিকো তৃতীয় স্থানত আছে পইন্ট তালিকাত ৷

আজি হ’ব লগীয়া খেল:

নিশা 8.30 বজাত: গ্ৰুপ F ৰ ক্ৰ’ৱেচিয়া বনাম বেলজিয়াম

নিশা 8.30 বজাত: গ্ৰুপ F ৰ কানাডা বনাম মৰক্কো

নিশা 12.30 বজাত: গ্ৰুপ E ৰ জাপান বনাম স্পেইন

নিশা 12.30 বজাত: গ্ৰুপ E ৰ কোষ্টা ৰিকা বনাম জাৰ্মানী

লগতে পঢ়ক: Neymar injury update: অনিশ্চয়তাত আঘাতপ্ৰাপ্ত নেইমাৰৰ দললৈ প্ৰত্যাৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.