ETV Bharat / bharat

Sidhu Moosewala murder: সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড গোল্ডি ব্ৰাৰক আটক

author img

By

Published : Dec 2, 2022, 11:05 AM IST

সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত গেংষ্টাৰ গোল্ডি ব্ৰাৰক আটক কৰি ৰখা হৈছে আমেৰিকাৰ কেলিফৰ্ণিয়াত (Gangster Goldy Brar Detained In California)। সূত্ৰ অনুসৰি ২০ নৱেম্বৰ বা তাৰ আগতে গোল্ডীক আটক কৰা হৈছিল ৷

Sidhu Moosewala murder
Sidhu Moosewala murder

নিউজ ডেস্ক, 2 নৱেম্বৰ: পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক আমেৰিকাৰ কেলিফৰ্ণিয়াত আটক কৰা হৈছে । অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ পোৱা নাই । সূত্ৰ অনুসৰি ২০ নৱেম্বৰ বা তাৰ আগতে গোল্ডীক আটক কৰা হৈছিল (Gangster Goldy Brar Detained In California) ৷

এই তথ্য ইতিমধ্যে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহলৈ গৈছে বুলি এটা সূত্ৰই জানিবলৈ দিয়ে । ইয়াৰ পিছত ভাৰতীয় কৰ্তৃপক্ষই আমেৰিকাৰ সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিছে । ইতিমধ্যে গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে পূৰ্বৰ ২টা গোচৰত ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছে । কিছু সপ্তাহ পূৰ্বে তেওঁ কানাডাৰ পৰা ৰাজনৈতিক আশ্ৰয় বিচাৰি কেলিফৰ্ণিয়ালৈ পলায়ন কৰিছিল (Sidhu Moosewala murder)।

পাঞ্জাবী গায়ক সিদ্ধু মুছৱালাক হত্যা কৰাৰ সময়ত ঘটনাৰ মাষ্টাৰমাইণ্ড তথা গেংষ্টাৰ গোল্ডি ব্ৰাৰে কানাডাত বাস কৰিছিল (Mastermind in Moosewala murder) । তেওঁ ভয় খাইছিল যে, এই ঘটনাৰ পাচত তেওঁ নিৰাপদ নহয় ৷ যাৰ বাবে তেওঁ কানাডাৰ পৰা কেলিফৰ্ণিয়াৰ ফ্ৰেছনোলৈ গুচি গ’ল । নিৰাপত্তাৰ স্বাৰ্থত তেওঁ আমেৰিকালৈ পলাই গৈছিল । তালৈ যোৱাৰ পিছত তেওঁ দুজন অধিবক্তাৰ সহায়ত ৰাজনৈতিক আশ্ৰয় লোৱাৰো চেষ্টা চলাইছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ।

কেইবাটাও হত্যাকাণ্ডৰ সৈতে জড়িত আছিল কুখ্যাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ । মবষ্টাৰ মাষ্টাৰমাইণ্ডটোৰ গতিবিধি অনুসৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে ভাৰতীয় সংস্থাসমূহক সমৰ্থন আগবঢ়াইছে ।

উল্লেখ্য যে, যোৱা 30 মে’ত পঞ্জাৱৰ বিখ্যাত গায়ক সিদ্ধু মুছেৱালাক দেওবাৰে মানচাৰ জৱাহৰকে গাঁৱৰ ওচৰত দিন দুপৰতে কোনো অচিনাক্ত ব্যক্তিয়ে গুলীচালনা কৰে (Punjabi singer Moosewala) ৷ সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু তেতিয়ালৈকে মৃত্যু হয় তাৰকাজনৰ (Sidhu Moosewala death news) ৷ মুছেৱালাই বহুতো অপৰাধীৰ পৰা ভাবুকি পাই আছিল বুলি সেই সময়ত জানিব পৰা গৈছিল ৷

মুছেৱালাৰ জন্ম 1993 চনৰ 11 জুনত হৈছিল (Sidhu Moosewala age) । এজন গায়কৰ সমান্তৰালকৈ তেওঁ এজন গীতিকাৰ আৰু অভিনেতাও আছিল ৷ তেওঁৰ গানসমূহ অলপ বেলেগ ধৰণৰ আছিল (Sidhu Moose wala song) । মানুহে তেওঁক 'গেংষ্টাৰ ৰেপ' গায়ক বুলি অভিহিত কৰিছিল । তেওঁৰ গানত প্ৰায়ে বন্দুক দেখা গৈছিল । মানুহে কয় যে তেওঁ বন্দুক সংস্কৃতিৰ প্ৰচাৰ কৰিছিল ৷

জানিব পৰামতে 6 শ্বুটাৰে হত্যা কৰিছিল সিদ্ধু মুছেৱালাক ৷ ইয়াৰে বোলেৰো মডিউল শ্বুটাৰ প্ৰিয়ভাৰত ফৌজী, অংকিত চেৰচা, কাশীশ ওৰফে কুলদীপৰ পিছত আৰক্ষীয়ে দীপক মুণ্ডিকো আটক কৰে ৷ আনহাতে, অমৃতসৰৰ আটাৰীৰ ওচৰৰ ভাকনা গাঁৱত সংঘৰ্ষত পঞ্জাৱ আৰক্ষীয়ে কৰোলা মডিউল শ্বুটাৰ জগৰূপ ৰূপা আৰু মনপ্ৰীত মান্নুক হত্যা কৰে ৷ সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ আন এজন অভিযুক্ত গেংষ্টাৰ লৰেন্স বিষ্ণৈকো পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক: FIR against rat killer: নিগনিৰ হত্যাৰ অভিযোগত এজনৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.