ETV Bharat / bharat

FIR against rat killer: নিগনিৰ হত্যাৰ অভিযোগত এজনৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Dec 1, 2022, 9:17 PM IST

Updated : Dec 2, 2022, 8:21 AM IST

উত্তৰ প্ৰদেশত এগৰাকী পশুপ্ৰেমীয়ে এটা নিগনিৰ হত্যাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ (FIR against rat killer in Uttar Pradesh) ৷ নিগনি হত্যাৰ এই অদ্ভুত গোচৰটোৰ পাছত ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত মৃত নিগনিটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় (Indian Veterinary Research Institut) । মৰোণোত্তৰ পৰীক্ষাত নিগনিটো পানীত ডুবি নহয়, শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহে ।

FIR against rat killer
FIR against rat killer

নিউজ ডেস্ক, 1 ডিচেম্বৰ: উত্তৰ প্ৰদেশত এগৰাকী পশুপ্ৰেমীয়ে 25 নৱেম্বৰত নিগনি হত্যাকাৰীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ কোতৱালিত এখন এজাহাৰ দাখিল কৰিছিল (FIR against rat killer in Uttar Pradesh) ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নলাত ডুবাই নিগনি হত্যা কৰাৰ গোচৰত মনোজ কুমাৰ নামৰ এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল(FIR against rat killer in Uttar Pradesh) । নিগনি হত্যাৰ এই অদ্ভুত গোচৰটোৰ পাছত ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত মৃত নিগনিটোৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হয়(Indian Veterinary Research Institute) ।

নিগনিটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নিগনিটো শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পায়(Postmortem of the dead body of a rat ) ৷ ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক ড৹ কেপি সিঙে উল্লেখ কৰা অনুসৰি নিগনিটোৰ হাঁওফাঁও বহুত ফুলি আছিল । নিগনিটোৰ যকৃতত এটা নেক্ৰোটিক আছিল । হিষ্টোপেথলজী আৰু মাইক্ৰ'স্কোপী পৰীক্ষাত নিগনিটোৰ শৰীৰত নলাৰ পানী বা লেতেৰাৰ কোনো অৱশিষ্ট পোৱা হোৱা নাছিল ।

পানীত ডুবি নহয়, উশাহ বন্ধ হৈহে মৃত্যু হৈছিল নিগনিৰ

অৱশ্যে নিগনিটোৰ হাঁওফাঁও ফুলি যোৱাৰ কথা প্ৰতিষ্ঠানটোৰ যুটীয়া সঞ্চালকে উল্লেখ কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, সাধাৰণতে মৃত্যুৰ সময়ত যিকোনো জন্তুৱে গভীৰভাৱে আৰু জোৰকৈ উশাহ লোৱাৰ ফলত ই ফুলি উঠে আৰু ফাটি যায় ৷ একে সময়তে, তেওঁ যকৃতৰ আন এটা সংক্ৰমণৰ বিষয়েও উল্লেখ কৰিছিল ।

ভাৰতীয় পশু কল্যাণ পৰিষদৰ পশু কল্যাণ বিষয়া বিকেন্দ্ৰ শৰ্মাই মনোজ কুমাৰ নামৰ লোকজনে নিগনিৰ নেজত সূতাৰে শিল বান্ধি নলাত পেলাই হত্যা কৰাৰ অভিযোগ দাখিল কৰিছিল । ইয়াৰ ফলত নিগনিটো নলাত ডুব গৈ মৃত্যু হোৱাৰ অভিযোগ কৰে বিকেন্দ্ৰ শৰ্মাই(Rat murder in Uttar pradesh) । ইয়াৰ পাছতেই মৃত নিগনিটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানলৈ অনা হৈছিল ৷

নিগনিটোৰ মৰণোত্তৰ পৰীক্ষা ডাঃ অশোক কুমাৰ আৰু ডাঃ পৱন কুমাৰে সম্পন্ন কৰিছিল(Postmortem of the dead body of rat in UP) । মৰণোত্তৰ পৰীক্ষাত দেখা গৈছিল যে নিগনিটোৰ হাঁওফাঁও ফুলি আছিল । যকৃততো কিছু সমস্যা আছিল, তাৰ পিছত হাঁওফাঁওৰ মাইক্ৰ'স্কোপ'লজী পৰীক্ষা কৰা হৈছিল । আণুবীক্ষণিক পৰীক্ষাত, তেওঁলোকে হাঁওফাঁওত পানী বা কোনো লেতেৰা পদাৰ্থ পোৱা নাছিল । বিজ্ঞানীসকলে এই সিদ্ধান্তত উপনীত হৈছে যে নিগনিটো শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছিল ।

লগতে পঢ়ক : FIR against rat killer: নিগনি হত্যাকাৰীৰ বিৰুদ্ধে দাখিল হ’ল গোচৰ

Last Updated : Dec 2, 2022, 8:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.