ETV Bharat / entertainment

Deepika Padukone new skincare brand: দীপিকা পাডুকনৰ ফেচক্ৰীমৰ দাম শুনি হতবাক অনুৰাগী!

author img

By

Published : Dec 2, 2022, 11:06 AM IST

দীপিকা পাডুকনে অলপতে নিজৰ স্কীণকেয়াৰ ব্ৰেণ্ড এটা মুকলি কৰে ৷ মুকলিৰ পিছতেই অভিনেত্ৰী গৰাকীক কৰা হৈছে সামাজিক মাধ্যমত বেয়াকৈ ট্ৰ’ল ৷ ট্ৰ’ল কৰাৰ কাৰণ হ’ল দীপিকাৰ সামগ্ৰী সমূহৰ মূল্য ৷

Deepika Padukone
দীপিকা পাডুকনে অলপতে নিজৰ স্কীণকেয়াৰ ব্ৰেণ্ড এটা মুকলি কৰে

চিটাৰা ডেস্ক, 2 ডিচেম্বৰ : বলীউডৰ তাৰকাসকলে যে কেৱল অভিনয়ে কৰে তেনে নহয় ৷ অভিনয়ৰ সমান্তৰালকৈ তেওঁলোকে নিজৰ ৰুচি অনুযায়ী অন্য দিশতো নিজক প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে ৷ অভিনয়ৰ মাজেৰে তেওঁলোকে আহৰণ কৰা বৃহৎ সংখ্যক অনুৰাগীৰ সমৰ্থনত ই সম্ভৱো হৈ উঠে ৷ বহু ক্ষেত্ৰত এই অনুৰাগীসকলেই তেওঁলোকৰ বাবে সাহস ৷ কিন্তু কিছু কিছু ক্ষেত্ৰত মধ্যবিত্ত পৰিয়ালৰ অনুৰাগীসকলে কেতিয়াবা নিজৰ প্ৰিয় তাৰকাৰ মতৰ সৈতে একমত দিব নোৱাৰে কিয়নো এগৰাকী চেলেব্ৰিটীৰ লাইফষ্টাইলৰ লগত অনুৰাগীৰ জীৱন-ধাৰণৰ প্ৰণালীৰ কোনো সাদৃশ্য থাকিব নোৱাৰে ৷

শেহতীয়াকৈ বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীয়ে নিজ নিজ স্কীণকেয়াৰ ব্ৰেণ্ড মুকলি কৰি মাৰ্কেটত নামিছে ৷ আঁকোৱালি লৈছে অনুৰাগীৰ লগতে ক্ৰেতাই ৷ এতিয়া এই তালিকাত নাম অন্তৰ্ভূক্ত হ’ল বলীউডৰ শীৰ্ষ স্থানৰ অভিনেত্ৰী দীপিকা পাডুকনৰ (Deepika Padukone new skincare brand) ৷ 82e নামেৰে এটা স্কীণকেয়াৰ ব্ৰেণ্ড মুকলি কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ইয়াৰ ওপৰত সকলো আপডেট অনুৰাগীক দিছে দীপিকাই ৷

82e স্কীণকেয়াৰ ব্ৰেণ্ডৰ প্ৰডাক্টসমূহৰ পূৰ্ণ প্ৰচাৰ চলাইছে ছ’চিয়েল মিডিয়াত দীপিকাই ৷ কিন্তু অভিনেত্ৰী গৰাকী সন্মুখীন হৈছে ট্ৰ’লৰ ৷ মুখত ক্ৰীম প্ৰয়োগ কৰাৰ পৰা আৰম্ভ কৰি নিজৰ প্ৰডাক্টসমূহৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিব নোৱাৰাৰ বাবে অন্য অভিনেত্ৰীৰ সৈতে তুলনা কৰিও তেওঁক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে নেটিজেনে ৷ পিছে সকলোতকৈ বেছি আচৰিত হৈছে দীপিকাই প্ৰচাৰ চলোৱা ক্ৰীমটোৰ আকাশলংঘী মূল্য শুনি ৷

দীপিকাই নিজৰ ইনষ্টাগ্ৰামত ক্ৰীমটোৰ উপযোগিতা বৰ্ণনা কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Deepika Padukone instagram) ৷ ভিডিঅ’টোত নেটিজেনে দিছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ প্ৰতিক্ৰিয়াত দেখা গৈছে দীপিকাই যিদৰে ক্ৰীম মুখত প্ৰয়োগ কৰিছে সেইয়া নেটিজেনে পছন্দ কৰা নাই ৷ লগতে যেতিয়া তেওঁলোকে জানিব পাৰিলে যে ক্ৰীমটোৰ মূল্য 2700 টকা, চকু কপালত উঠিল নেটিজেনৰ ৷

একে সামগ্ৰীৰে তৈয়াৰী আন ব্ৰেণ্ডৰ এই ক্ৰীম সুলভ মূল্যত বজাৰত উপলব্ধ বুলি কমেণ্ট কৰিবলৈ লয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ৷ লগতে তেওঁলোকে কয় যে মধ্যবিত্ত পৰিয়ালৰ কোনো লোকে এই ক্ৰীম ব্যৱহাৰ কৰিব নোৱাৰিব ৷ কিছু কিছু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বলীউড তাৰকা সকলে কিয় কেতিয়াও পাৰ্শ্বক্ৰিয়াৰ কথা উল্লেখ নকৰে বুলিও দীপিকাক ট্ৰ’ল কৰা দেখা গৈছে ৷

লগতে পঢ়ক : Nora Fatehi fifa: ফিফা ফেনফেষ্টত হাতত ৰাষ্ট্ৰীয় পতাকা লৈ নোৰাই চিঞৰিলে "জয় হিন্দ"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.