ETV Bharat / bharat

Story of another mountain man: 8 বছৰত 1500 ফুট উচ্চতাত থকা মন্দিৰলৈকে সাজিলে 400 টা খটখটি

author img

By

Published : Dec 2, 2022, 12:09 PM IST

কাৰোবাৰ প্ৰতি থকা প্ৰেম, ভালপোৱা, বিশ্বাসৰ বাবে কি কৰিব নোৱাৰে মানুহে ? ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই এগৰাকী ব্যক্তিয়ে 1500ফুট উচ্চতাৰ শীৰ্ষত থকা মন্দিৰলৈ নিৰ্মাণ কৰিলে ওলিয়ালে খটখটি (Ladder made by cutting mountain in Jehanabad) ৷ যি কৰ্মৰ বাবে এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী বিশেষ ব্যক্তি ৷

Story of another mountain man
Story of another mountain man

নিউজ ডেস্ক, 2 নৱেম্বৰ: মাঝি-দ্য মাউণ্টেইন মেন, বিহাৰৰ দশৰথ মাঝিক নতুন চিনাকি কৰাই দিয়াৰ প্ৰয়োজন হয়তো নাই ৷ পত্নীৰ প্ৰতি থকা অগাধ প্ৰেমৰ চিন স্বৰূপে পাহাৰ কাটি পথ নিৰ্মাণ কৰি অসাধ্য সাধন কৰিছিল এই সাধাৰণ লোকজনে ৷ প্ৰেমৰ কথা ক’লে শ্বাহজাহানে মমতাজৰ বাবে সজা তাজমহলৰ কথাই সকলোৰে মনলৈ আহে ৷ দশৰথ মাঝিয়ে নিৰ্মাণ কৰা এই পথটোও কিন্তু প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ ক্ষেত্ৰত তাজমহলতকৈ কোনো গুণে কম নহয় ৷ দশৰথ মাঝিকলৈ ইতিমধ্যেই নিৰ্মাণ হৈছে চিনেমাও ৷ নাৱাজউদ্দিন চিদ্দিকিয়ে নাম ভূমিকাত অভিনয় কৰা চিনেমাখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল ৷

আমি পিছে আপোনালোকক দশৰথ মাঝি বা তেওঁৰ চিনমাখনৰ বিষয়ে ক’বলৈ ওলোৱা নাই ৷ আজি আমি ক’ব খুজিছোঁ বিহাৰৰে আন এগৰাকী ব্যক্তিৰ কথা, যি দশৰথ মাঝিৰ পদাংক অনুসৰণ কৰি এটা দুৰ্গম মন্দিৰলৈ সাজিলে সুগম পথ (Bihar man carves stairs to the temple) ৷ ভগৱান শিৱৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই 1500ফুট উচ্চতাত থকা এটা মন্দিৰলৈ যোৱাৰ বাবে 8বছৰ একেৰাহে কাম কৰি 400টা খটখটি নিৰ্মাণ কৰি উলিয়ালে বিহাৰৰ গানোৰি পাচোৱান নামৰ লোকজনে (Took 8 years to complete 400 stairs) ৷

উল্লেখ্য যে, বিহাৰৰ জাৰু বানুৱাৰীয়া গাঁৱত এটা পৰ্বতৰ শীৰ্ষত আছে ‘বাবা যোগেশ্বৰ নাথ’ মন্দিৰ ৷ কিন্তু 1500 ফুট উচ্চতাত থকা এই মন্দিৰটোলৈ যোৱাৰ বাবে বহু দুৰ্গম পথ অতিক্ৰম কৰিব লগীয়া হয় ভক্তসকলে ৷ আৰু ভক্তসকলৰ এই সমস্যা দূৰ কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছিল গানোৰি পাচোৱান (Jehanabad Mountain Man Ganauri Paswan) ৷

বিগত 8বছৰ ধৰি পুৱাই খটখটি নিৰ্মাণৰ বাবে ঘৰৰ পৰাই ওলাই গৈ সন্ধিয়াহে উভতি আহিছিল গানোৰি পাচোৱান ৷ কেৱল হাতুৰী আৰু বটালীৰ সহায়তে এই কাম সম্পূৰ্ণ কৰিলে ব্যক্তিগৰাকীয়ে ৷ মন্দিৰটোত পূজা-অৰ্চনাৰ বাবে ভক্ত সকলে কেৱল দুৰ্গম পথ অতিক্ৰম কৰিব লগাই নহয়, বৰঞ্চ বহু বিপদৰো সন্মুখীন হ’ব লগা হৈছিল ৷ লগতে প্ৰয়োজন হৈছিল বহু সময়ৰ (Ganauri kept cutting mountains for eight years) ৷ প্ৰথম অৱস্থাত গানোৰি পাচোৱান ট্ৰাক চালক হিচাপে কৰ্মৰত হৈ আছিল যদিও পৰৱৰ্তী অৱস্থাত ৰাজমিস্ত্ৰী হিচাপে নিজৰ জীৱিকা আৰম্ভ কৰে ৷ তেতিয়াৰে পৰা তেওঁ দৈনিক মন্দিৰলৈ যোৱা আৰম্ভ কৰিছিল ৷

তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে, মন্দিৰলৈ যোৱাৰ বাবে কিমান কষ্টৰ সন্মুখীন হয় ভক্তসকল ৷ তাৰ পিছতেই মাত্ৰ এটা হাতুৰী আৰু বটালীৰে পথ নিৰ্মাণ কাম আৰম্ভ কৰিছিল ৷ আনহাতে তেওঁক এই কামত সহায় কৰিছিল পৰিয়ালৰ লোকেও ৷ আৰু ইয়াৰ বাবে প্ৰয়োজন হ’ল সুদীৰ্ঘ 8 বছৰৰ ৷ 2014 চনৰ পৰা নিৰন্তৰভাৱে কাম কৰি গৈছিল গানোৰি পাচোৱানে (1500 feet high ladder made by cutting mountain) ৷

মন্দিৰলৈ যাবলৈ গানোৰি পাচোৱানে যি খটখটি নিৰ্মাণ কৰিলে, সেই খটখটিয়ে বহুলোকৰ উপকাৰ সাধিব ৷ এনে খটখটি নিৰ্মাণৰ কথা পৌৰাণিক কাব্য-মহাকাব্যতো পোৱা যায় ৷ অসমতেই আছে তাৰ উদাহৰণ ৷ কামাখ্যা মন্দিৰলৈ যোৱা মেখেলা উজোৱা পথটো একেৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছিল নৰকাসুৰে ৷ সেই খটখটিয়ে আজিও ইতিহাস বহন কৰি আহিছে ৷ পাচোৱানে নিৰ্মাণ কৰা এই 400টা খটখটিয়েও অদূৰ ভৱিষ্যতলৈ ব্যক্তিজনৰ ইশ্বৰৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু ভক্তিৰ চানেকী বহন কৰি থাকিব ৷

লগতে পঢ়ক: Nyubu Nyegam Yerko in Arunachal Pradesh: জনজাতীয় শিক্ষাৰে চলা অৰুণাচলৰ এখন বিশেষ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.